Wednesday, 7 December 2022

জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ২৫০০ খণ্ড অতিক্ৰম

 


সেইদিনা আছিল ২০১৩ চনৰ কোনোবা এটা দিন। ৰেঙনি টিভিৰ জৰিয়তে সম্প্ৰচাৰ আৰম্ভ হৈছিল বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ। সম্প্ৰচাৰৰ প্ৰথম দিনাখনৰ পৰাই এই ধাৰাবাহিকখনৰ মই এজন নিয়মীয়া দৰ্শক আছিলোঁ। আৰম্ভণিৰ সময়ত মই এজন হাইস্কুলীয়া ছাত্ৰ, হয়টো ষষ্ঠ/ সপ্তম শ্ৰেণীমানত অধ্যয়ন কৰি আছিলোঁ। সন্ধিয়া ৭:৩০ বজাৰ লগে লগেই মা- দেউতা আৰু মই একেলগে বহি ধাৰাবাহিকখন উপভোগ কৰা আজিও চকুৰ আগত ভাহি আছে। সন্ধিয়া লগাৰ লগে লগেই গাত তত নাইকীয়া হৈছিল এইখন ধাৰাবাহিক চাবলৈ। ধাৰাবাহিক খনৰ প্ৰতিটো চৰিত্ৰ যেন অতিকৈ আপোন হৈ পৰিছিল। অ.চি. সাগৰ ফুকনৰ পৰা SI প্ৰীতম খাৰঘৰীয়ালৈকে , ASI বিজুলী বৰুৱাৰ পৰা DSP মূলাগাভৰুলৈকে তাৰোপৰি লুটুকুন, হৰ ,নেহা , গীৰিন্দ্ৰ সকলো যেন আমাৰ পৰিয়ালৰ একো একোজন সদস্য তেনেকুৱা অনুভৱ হৈছিল। 

    বৰ্তমান সময়তো বিশেষকৈ কেকে,মোহন, মুকুটা, মণি, বসুমতাৰী ছাৰ, কমল ,ৰাকেশ, বাইলুং, সুস্মিতা, গাৰ্গ দা এইসকলক বেহাৰবাৰীত কেতিয়াবা নেদেখিলে মনটো বেয়া হৈ পৰে। ধাৰাবাহিকৰ খনৰ লগত যেন আমাৰ এক আবেগিক সম্পৰ্ক জড়িত হৈ আছে কেতিয়াবা তেনে অনুভৱ হয়। 

    কে কেৰ চৰিত্ৰত অভিনয় কৰা সিদ্ধাৰ্থ শৰ্মাৰ সাৱলীল অভিনয়ে শিশুৰ পৰা বয়োজেষ্ঠলৈকে সকলোকে যথেষ্ট আকৰ্ষিত কৰে। তেওঁৰ অভিনয়ৰ মাজত ফুটি উঠে বৰ্তমান সমাজ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ চিন্তা। 

    ধাৰাবাহিক খনৰ এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে মোহন। জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁটে এই চৰিত্ৰটোত অভিনয় কৰিছে। চৰিত্ৰটোৰ জৰিয়তে দ্বীপজ্যোতি কেওঁটে ধাৰাবাহিক খনৰ প্ৰত্যেকজন দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। তেওঁৰ সুন্দৰ অভিনয়ে ধাৰাবাহিক খনক এক অন্য মাত্ৰা প্ৰদান কৰিছে।

    কেকে, মোহনৰ লগতে SI ৰ প্ৰীতম খাৰঘৰীয়াৰ চৰিত্ৰত প্ৰীতম বৰুৱা, DSP মূলা গাভৰুৰ চৰিত্ৰত বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী, বসুমতী বিউটী বাইলুংৰ চৰিত্ৰত চুমকী কছাৰী, ৰাকেশৰ চৰিত্ৰত ৰিন্টু বৰা,পোৰোষোত্তম গাৰ্গৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা অংশুমান ভূঞা আদিৰ সুন্দৰ অভিনয়ে ধাৰাবাহিক খনক অন্য মাত্ৰা প্ৰদান কৰিছে।

    ইতিমধ্যে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনে ২৫০০ টা খণ্ড সম্পূৰ্ণ কৰি এক নতুন ইতিহাস ৰচনা কৰিলে। এইখনেই হয়টো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ধাৰাবাহিক যিয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি প্ৰায় ১০ বছৰ দিন শ্ৰেষ্ঠত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে। 

    ধাৰাবাহিক খনৰ মূল ব্যক্তি বিশিষ্ট পৰিচালক ৰাজেশ ভূঞা দেৱৰ সৃষ্টিশীলতাৰ উৎকৃষ্ট নিদৰ্শন এইখন ধাৰাবাহিক। মনোজ শইকীয়াৰ সুন্দৰ পৰিচালনাই ধাৰাবাহিকখনক এক অন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। পল্লৱ পৱন বৰাৰ সুন্দৰ লিখনিৰে পৰিৱেশত ধাৰাবাহিকখনৰ খণ্ডসমূহে সমাজলৈ একোটাকৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে যিয়ে ধাৰাবাহিক খনৰ প্ৰতি দৰ্শকসকলক অধিক আগ্ৰহী কৰি তোলে।

    

 


   বেহাৰবাৰী আউটপোষ্টৰ সমূহ পৰিয়ালবৰ্গলৈ এই লিখনিৰ জৰিয়তে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে ধাৰাবাহিক খন আৰু বহুদূৰ  আগুৱাই যায়।

      ধনাত্মকভাৱে শেষত এটা কথাই কও ধাৰাবাহিকখনৰ খণ্ডসমূহ যেন কেতিয়াও ৰাজনীতিকৰণ নকৰে কাৰণ বিভিন্ন শ্ৰেণীৰ বিভিন্ন দৰ্শকে দিনটোৰ কাম কাজ শেষ কৰি অকণমান আমোদৰ বাবে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন উপভোগ কৰে। বৰঞ্চ অতীজৰে পৰা ধাৰাবাহিকখনে সামাজিকভাৱে সচেতন হৈ যিধৰণে অভিনয়ৰ জৰিয়তে ৰাইজৰ কণ্ঠ হৈ মাতমাতি আহিছে অনাগত দিনটো যদি এনেদৰেই আগুৱাই গৈ থাকে নিশ্চিতভাৱে ২৫০০ কিয় এই ধাৰাবাহিকখনে সফলতাৰে ৫০০০ খণ্ড অতিক্ৰম কৰিবলৈ সক্ষম হ'ব।


:হীৰকজ্যোতি বৰুৱা।

                                                                   .........................



No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...