সাম্প্ৰতিক সময়ত মানৱ সভ্যতাৰ কাৰণে পৰিৱেশ প্ৰদষূণে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । পৰিৱেশ প্ৰদষূণে কেৱল মানৱ সভ্যতালৈ যে সংকট কঢ়িয়াই আনিছে এনে নহয়,জীৱকুলৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে । প্ৰদষূণৰ ফলত ইতিমধ্যে পৃথিৱীৰ পৰা বহু জীৱৰ প্ৰজাতি আমাৰ অজানিতে চিৰদিনৰ কাৰণে বিলুপ্তি ঘটিছে ।বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ লগে লগে সমগ্ৰ বিশ্বতে ক্ৰমাগত ভাৱে বদ্ধিৃ পোৱা ঔদ্যোগীকৰণ আৰু বৰ্দ্ধিত জনসংখ্যাৰ বাবে প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাৰ ফলত পৰিৱেশৰ সুৰক্ষাৰ প্ৰয়োজন আহি পৰিছে। পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰথম আৰু প্ৰধান প্ৰয়োজনীয় দিশতো হ'ল জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা আৰু সচেতনতা বদ্ধিৃ কৰা। এইক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ,কিয়নো আজিৰ ছাত্ৰ ভৱিষ্যতৰ দেশৰ নাগৰিক।বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ সচেতনতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বৰ্তমান পাঠ্যক্ৰমত পৰিৱেশ শিক্ষা বিষয়টো অন্যতম গুৰত্বুপূৰ্ণ বিষয় হিচাপে সন্নিবিষ্ট কৰা হৈছে । পৰিৱেশৰ প্ৰধান উপাদান বায়ু পানী আৰু মাটি আমি কি দৰে প্ৰদষূণমক্তু কৰি ৰাখিব পাৰো আৰু লগে লগে উপযুক্ত সংৰক্ষণৰ বাবে ল'ব লগা ব্যৱস্থাসমহূৰ বিষয়ে প্ৰাথমিক পৰ্যায়ৰে পৰা ছাত্ৰ ছাত্ৰীক পৰিকল্পিতভাৱে শিক্ষাদানৰ বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগে ।
শিক্ষা প্ৰতিষ্ঠান সমূহেহে বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰণৰ ক্ৰিয়াকলাপ কৰিবলৈ দি বায়ু, পানী আৰু মাটি প্ৰদষূণ মুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমহূৰ বিষয়ে সজাগতা আৰু সচেতনতা বৃদ্ধি কৰিব পাৰে । প্ৰাকৃতিক পৰিৱেশৰ প্ৰদষূণৰ ফলত দেখা দিব পৰা আনষুংগিক সমস্যা সমূহ ,যেনে গোলকীয় উষ্ণতা বৃদ্ধি, এচিদ বৰষুণ, অ'জন গেছৰ প্ৰলেপ হ্ৰাস, সেউজ গৃহ প্ৰভাৱ আদিৰ বিষয়ে বিভিন্ন তথ্য চিত্ৰ, বিজ্ঞান ভিত্তিক আলোচনী, দূৰদৰ্শন, ৰেডিঅ' আদিৰ মাধ্যমেৰে বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ পাঠদানৰ ব্যৱস্থা কৰিলে ছাত্ৰ সমাজৰ মাজত সচেতনতাআৰু সজাগতা বৃদ্ধি কৰিব পাৰে ।
পৰিৱেশ সচেতনতাৰ বাবে প্লাষ্টিকৰ সামগ্ৰী বৰ্জন, নলা-নৰ্দমা পৰিস্কাৰ কৰি ৰখা, পেলনীয়া সামগ্ৰী নিৰ্দিষ্ট ডাষ্টবিনত ভৰোৱা আদিৰ অভ্যাস ছাত্ৰ ছাত্ৰীৰ মাজত গঢ়ি তোলাৰ ক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠান সমূহেহে গুৰুত্বপূৰ্ণ ভূমিকা গঠন কৰিব পাৰে । জনগণক জড়িতকৰণ কৰি শিক্ষা প্ৰতিষ্ঠান সমূহেহে পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত বিভিন্ন সজাগতামলূক কাৰ্যসূচী হাতত ল'ব পাৰে । বন মহোৎসৱ আৰু সামাজিক বনানিকৰণৰ দৰে আঁচনিসমহূৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ সহযোগত শিক্ষা প্ৰতিষ্ঠান সমূহেহে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰিব পাৰে । পৰিৱেশ সম্পৰ্কীয় বিভিন্ন বিধি বা আইনসমূহ প্লে -কাৰ্ডৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ যোগেদি জনসাধাৰণক অৱগত কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । এইক্ষেত্ৰত বৰ্তমান সময়ৰ অতি জনপ্ৰিয় মাধ্যম বাটৰ নাটৰো পৰিকল্পনা কৰিব পাৰে , এনে কৰিলে সংশ্লিষ্ট আইনসমূহৰ বিষয়ে সাধাৰণ ৰাইজৰ অজ্ঞতা বহুখিনি দূৰ হ'ব।
ইন্ধনৰ দহনে যিহেতু ভয়াবহ বায়ুপ্ৰদষূণৰ সৃষ্টি কৰে সেয়ে ইন্ধনৰ বিকল্প হিচাপে সৌৰশক্তি ব্যৱহাৰৰ দিশটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীক উদগনি দিবলৈ ব্যৱহাৰিক জ্ঞান দিয়াৰ ক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠান সমূহেহে কিছু গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ গ্ৰহণ কৰিব পাৰে । পৰিৱেশ সুৰক্ষাৰ কাৰণে আমাৰ দেশত বহুতো আইন প্ৰণয়ন কৰা হৈছে । আমাৰ ভাৰতবৰ্ষই হ’ল বিশ্বৰ ভিতৰত প্ৰথম দেশ যিয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা নিজৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে । সংবিধানত অন্তৰ্ভুক্ত পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণ সম্বন্ধীয় দিশৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলক প্ৰাথমিক স্তৰৰ পৰাই অৱগত কৰি ছাত্ৰ ছাত্ৰীসকলৰ মনত পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত সুচিন্তাৰ অৱকাশ ঘটাবলৈ কৌশলগত শিক্ষা প্ৰদান কৰিব লাগিব।১৯৭২ চনৰ ৫ জুনত ষ্টকহমত বহা আন্তৰ্জাতিক মানৱ পৰিৱেশ সম্পৰ্কীয় সন্মিলনত পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণ কৰা কথাটো পোন প্ৰথমবাৰৰ বাবে আলোচনা কৰা হয় আৰু তাৰ পিছৰে পৰা ৫ জুন তাৰিখটো ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে সমগ্ৰ বিশ্বতে ইয়াক পালন কৰি অহা হৈছে । এই সন্মিলনত আমাৰ দেশত পৰিৱেশ সুৰক্ষাৰ বাবে কেইখনমান উল্লেখযোগ্য আইন প্ৰস্তুত কৰা হয়। তাৰে কেইখনমান অতি উল্লেখযোগ্য পৰিৱেশ সুৰক্ষা আইন হ’ল- বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২, জল (প্ৰদষুণ, প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন ১৯৭৪, বন সুৰক্ষা আইন ১৯৮০, বন সংৰক্ষণ আইন, বায়ু আইন ১৯৮১ আৰু পৰিৱেশ সুৰক্ষা আইন ১৯৮৬। পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা এই আইন সমূহৰ বিষয়ে ছাত্ৰ সমাজক অৱগত কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাতে তেওঁলোকৰ মাজত সজাগতা বদ্ধিৃ পোৱাৰ লগতে সামাজি ক মাধ্যমতো যাতে ছাত্ৰ সমাজৰ জৰিয়তে বিষয়টো অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্বীকৃত হয় এইক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠান সমূহেহে গুৰত্বুপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।শক্তি আৰু পানীৰ সঠিক ব্যৱহাৰৰ বাবে মিতব্যয়ীতাৰ শিক্ষা শিক্ষানুষ্ঠান সমূহেহে পৰিকল্পিতভাৱে দিয়াৰ আঁচনি গ্ৰহণ কৰিব লাগে ।
মুঠৰ ওপৰত প্ৰকৃতি সেউজীয়া হৈ থাকিলেহে আমাৰ পৰিৱেশ সুস্থ হৈ থাকিব। গতিকে প্ৰকৃতিক জীয়াই ৰাখিবলৈ প্ৰকৃতিৰ বুকুত পোৱা প্ৰতিটো উপাদান ব্যৱহাৰৰ ক্ষেত্ৰত ছাত্ৰ অৱস্থাৰ পৰাই প্ৰতিজন ছাত্ৰ যাতে সচেতন হয় তাৰ বাবে শিক্ষানুষ্ঠান সমূহৰ পৰাই ছাত্ৰ ছাত্ৰী সকলে সু-অভ্যাস গঠনৰ শিক্ষা লাভ কৰিব লাগিব।জলবায়ু পৰিৱৰ্তনৰ বৰ্তমানৰ যিটো ধাৰা এই ধাৰা অব্যাহত থাকিলে অদূৰ ভবিষ্যতে বৰ্ধিত তাপমাত্ৰাৰ বাবে পানীৰ অভাৱনীয় নাটনি হ'ব আৰু পুষ্টিহীনতাৰ দৰে মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব। এই দিশটোৰ প্ৰতি ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণক সজাগ আৰু সচেতন কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহৰ যথেষ্ট দায়িত্ব আছে ।পৰিশেষত মানুহৰ আচৰণৰ পৰিৱৰ্তন ঘটোৱাত শিক্ষাই যিহেতু অত্যন্ত গুৰত্বুপূৰ্ণ ভূমিকা পালন কৰে সেয়ে পৰিৱেশ সচেতনতা গঢ়ি তুলি পৃথিৱীখনক সেউজ কৰি ৰখাত শিক্ষানুষ্ঠান সমহূৰ ভূমিকা অপৰিসীম।
.............................
হীৰকজ্যোতি বৰুৱা
No comments:
Post a Comment