Wednesday, 7 December 2022

মায়ঙৰ ক'লা যাদু

 মায়ং, অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল,তাক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়।এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ। মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলিও জনা যায়।এই অঞ্চললৈ দূৰ-দূৰণিৰ পৰাও বহু লোক আহি যাদুবিদ্যা‌ গ্ৰহণ কৰা দেখা যায়। বিশেষ কেইটামান ব্যতিক্ৰম যাদু-মন্ত্ৰৰ বাহিৰে প্ৰায়ভাগ মন্ত্ৰই মৌখিকভাৱে ইজনৰ পৰা সিজনলৈ বিস্তৃতি লাভ কৰিছিল।

       এই মায়ং নামৰ আঁৰত বিভিন্ন ধৰণৰ প্ৰবাদ আৰু কিংবদন্তি জড়িত হৈ আছে। কিছুলোকৰ মতে এই মায়ং নামটো 'মায়া' শব্দৰ পৰা আহিছে কিয়নো অতীজৰে পৰা এই অঞ্চলটো যাদুবিদ্যাৰ বাবে মায়াৰ দেশ বুলি গণ্য কৰা হৈছিল। আকৌ অন্য কিছুমান লোকৰ মত অনুসৰি সমগ্ৰ উত্তৰ-পূব ভাৰত অসমৰ অন্তৰ্ভুক্ত হৈ থকাৰ সময়ত মাইবং গোষ্ঠীৰ ডিমাচা লোকসকল আহি মায়ঙত বসবাস কৰিবলৈ লয়।এই পাহাৰীয়া অঞ্চলটো সেই সময়ত হাতীৰ বসতিস্থল আছিল।ডিমাচা শব্দ 'Miyong' ৰ অৰ্থ হাতী। গতিকে মায়ং শব্দটো ইয়াৰ পৰাই উদ্ভৱ হয়। আকৌ কিংবদন্তি অনুসৰি মায়ং নামটোৱে 'শক্তিদেৱীৰ অংশ' বুজায়। 'মা' শব্দৰ অৰ্থ শক্তি দেৱী আৰু ongo ৰ অৰ্থ অংশ।

       মায়ঙৰ স্থানীয় লোকসকলৰ মতে ১৩৩৭ চনত এই গাঁৱৰ তান্ত্ৰিকসকলে মহম্মদ শ্বাহৰ ১লাখ সৈন্যক অতি সহজতে পৰাস্ত কৰিছিল আৰু আচৰিত কথা এয়ে যে এওঁলোক এনে ভাৱে নোহোৱা হৈছিল যেন কোনোদিন ইয়াৰ অস্তিত্ব নাছিলেই।১৬৬৭ চনত ঔৰংজেৱে ৰজা ৰাম সিঙক আহোম সকলক বন্দী কৰিবলৈ আদেশ দিছিল কিন্তু ৰাজা ৰাম সিঙৰ সৈন্য সকলে মায়ঙৰ ক'লা যাদুৰ বিষয়ে শুনি যুদ্ধ কৰিবলৈ ভয় খাইছিল যদিও আদেশ অনুসৰি যুদ্ধ কৰিছিল। কিন্তু ১৬৭১ চনত যুদ্ধত পৰাজিত হৈছিল আৰু পিছলৈ ৰাজা ৰাম সিঙক কোনেও দেখা পোৱা নাছিল। স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই যুদ্ধত মায়ঙৰ তান্ত্ৰিক সকলে ক'লাযাদুৰ ব্যবহাৰ কৰিছিল যাৰ ফলত কোনো সৈন্যই তিস্তি থাকিব নোৱাৰিলে। কোনো কোনোৰ মতে ই সম্পূৰ্ণ সত্য নহয়।এই যুদ্ধ সমূহ সম্পূৰ্ণ নিজৰ পৰাক্ৰমতহে জয়ী হৈছিল।আকৌ কিছুমানে ক'লা যাদুক যুদ্ধ জয়ৰ শ্ৰেয় দিছিল।

        মায়ঙৰ গাঁৱত কিছুলোকে চলোৱা খনন কাৰ্যত এনে কিছুমান অস্ত্ৰ উদ্ধাৰ হৈছিল যি নৰবলিৰ বাবে ব্যৱহাৰ কৰা হৈছিল।এই কথাৰ পৰা অনুমান কৰিব পাৰি যে মায়ঙত এসময়ত নৰবলিও হৈছিল আৰু ই সদায় ক'লা যাদুৰ নীতি বা পদ্ধতি হিচাপে হৈছিল।

          ইয়াৰ উপৰিও আন বহুতো কাহিনী প্ৰচলিত আছে যাৰ জৰিয়তে স্থানীয় লোকৰ পূৰ্বপৰুষসকলে কৰা যাদুৰ কথা গম পোৱা যায়।তেওঁলোকৰ মতে তেওঁলোকৰ পূৰ্বপুৰুষ সকলে জন্তুৰ ৰূপ লব পাৰিছিল, বাঘ সিংহৰ নিচিনা হিংস্ৰ প্ৰাণীক নিজৰ বশ কৰিব পাৰিছিল, বতাহত উৰি ফুৰিব পাৰিছিল,বেছি দূৰত্ব কম সময়ৰ ভিতৰত অতিক্ৰম কৰা আনকি তেওঁলোক অদৃশ্যও হব পাৰিছিল। এনে ধৰণৰ কামৰ বাবে তান্ত্ৰিক সকলে বেলেগ বেলেগ মন্ত্ৰৰ ব্যবহাৰ কৰিছিল যেনে উৰণ মন্ত্ৰ,লুকী মন্ত্ৰ ইত্যাদি।যদিও আমাৰ বাবে ই অবিশ্বাস্য তথাপিও মায়ঙৰ লোক সকলৰ বাবে কাহিনী সমূহ তেনেই সাধাৰণ।

          এই ক'লা যাদু সমুহ‌ কিছুমান ভাল কামৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।এই যাদুৰ প্ৰশিক্ষক সকল চিকিৎসকৰ নিচিনা। এইসকল কোনো ডিগ্ৰীধাৰী চিকিৎসক নহয় যদিও তেওঁলোকে দাবী কৰে যে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে বহু বছৰ পুৰণি বিষ নোহোৱা কৰা, ভঙা হাড় মাত্ৰ কেইবা ঘণ্টাৰ ভিতৰতে জোৰা লগোৱা, বহু ডাঙৰ বেমাৰ বিভিন্ন ধৰণৰ তন্ত্ৰ-মন্ত্ৰৰে ঠিক কৰিব পাৰে। ইয়াৰ উপৰিও কোনো বস্তু হেৰালে বা চুৰি হ'লে ফুল আৰু কাঁহৰ কাঁহীৰ সহায়ত বিচাৰি উলিয়ায়।এই ফুলপাহে নিজে নিজেই সেই স্থানলৈ গৈ পায় য'ত বস্তুবিধ হেৰাইছে বা চুৰি হৈছে। মায়ঙৰ লোকসকলৰ তেওঁলোকৰ নিজৰ যাদু-বিদ্যাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। অৱশ্যে এই ক'লা যাদুৰ ব্যৱহাৰ বহু ক্ষেত্ৰত বেয়া কামৰ বাবেও কৰা হয়। উদাহৰণস্বৰূপে, কাৰোবাক নিজৰ বশ কৰা, কাৰোবাক ক্ষতি কৰা ইত্যাদি।

                 মায়ঙত কিছুমান শিলালিপি দেখিবলৈ পোৱা যায় যাৰ জৰিয়তে তেওঁলোকৰ পূৰ্বপুৰুষ সকলে শিক্ষা গ্ৰহণ কৰাৰ কথা জানিব পাৰি।এই শিলালিপি সমূহৰ ওপৰিও কিছুমান প্ৰাচীন হস্তলিপিও পোৱা যায় য'ত ইয়াৰ সংস্কৃতিৰ কথা উল্লেখ আছে। ইয়াৰ কিছুমান প্ৰশিক্ষকৰ মতে তেওঁলোকৰ পূৰ্বপুৰুষ সকলে সদায় মৌখিকভাৱেহে এই শিক্ষা প্ৰদান কৰিছিল যাতে কোনো ভুল ব্যক্তিৰ হাতলৈ এই বিদ্যা গৈ সমাজৰ অনিষ্ট হ'ব নোৱাৰে। মায়ঙৰ তান্ত্ৰিক সকলৰ মতে তেওঁলোকে বিভিন্ন ধৰণৰ তন্ত্ৰ-মন্ত্ৰৰ বিদ্যা জানিলেও প্ৰকৃতিক কেতিয়াও নিজৰ আয়ত্বলৈ আনিব নোৱাৰে।  যেনে, বতৰ পৰিবৰ্তন,বানপানী গৰাখহনীয়া ৰোধ ইত্যাদি।

                 মায়ঙৰ এই ক'লা যাদুৰ সত্যসত্যতা প্ৰমাণ কৰিবলৈ বহুতো বিশেষজ্ঞই চেষ্টা চলায় যদিও তেওঁলোকে কোনো এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পৰা নাই। তেওঁলোকৰ মতে ই সহজে বিশ্বাসযোগ্য নহয় যদিও সম্পূৰ্ণ ৰূপে ইয়াক অবিশ্বাসো কৰিব নোৱাৰি। বিশেষজ্ঞসকলৰ মতে মায়ঙৰ এই বিদ্যাক সংৰক্ষণ কৰা উচিত যাতে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন লোকে ভাৰতৰ বিভিন্ন ধৰণৰ সংস্কৃতিৰ কথা গম পায়। তেওঁলোকৰ মতে এই বিদ্যাত কিছু পৰিমাণে বৈজ্ঞানিক ভিত্তিও আছে যাক কিছু পৰিমাণে অধ্যয়ন কৰাও সম্ভৱ।

                 মায়ঙৰ এই যাদু বিদ্যা সমূহক সংৰক্ষণ কৰি এটা সংগ্ৰহালয়ও স্থাপন কৰা হৈছে, যিটো সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত।এই কাহিনী সমূহৰ বাবে মায়ঙলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰ্যটকৰ আগমন ঘটে আৰু ইয়াৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰে।

               মায়ঙৰ নিচিনা ভাৰতৰ আন কিছুমান ঠাইতো ক'লা যাদুৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। সেই ঠাই সমূহ হৈছে উৰিষ্যা, কেৰেলা, উত্তৰ প্ৰদেশ, হাইদৰাবাদ, কলিকতা ইত্যাদি।



উৎস: ইন্টাৰনেট, ইউটিউবত থকা 'মায়ং- লেণ্ড অফ ব্লেক মেজিক' ভিডিঅ'।


লিজা ঠাকুৰীয়া, প্ৰথম ষাণ্মাসিক, যোগাযোগ আৰু সাংবাদিকতা বিভাগ

No comments:

Post a Comment

ৰং (Book Review)

ঔপন্যাসিক শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস "ৰং” ।  প্রান্তিক'ৰ পৃষ্ঠাত ধাৰাবাহিকভাৱে প্ৰকাশিত উপন্যাসখনে মানুহৰ জীৱনত সপোন, আত্মবিশ্বাস, ই...