কামৰূপ জিলাৰ লেখত ল’বলগীয়া এখন সত্ৰ বুলি ক’লে ছমৰীয়া সত্ৰৰ কথা মনলৈ আহে৷ যিখন সত্ৰৰ কথা অসমৰ ইমুৰৰপৰা সিমুৰলৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত সমাদৃত৷
এজোপা শ্যাম গছৰ পৰাই ছমৰীয়া নামটো ৰখা বুলি গমপোৱা যায়৷ এই সত্ৰখন মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দিনতে প্ৰতিষ্ঠিত৷ শ্ৰীশ্ৰী বৰবিষ্ণু আতাৰ থান বুলি সকলোৱে জানে৷ এই সত্ৰত মহাপুৰুষ দুজনে সৃষ্টি কৰি যোৱা ভাওনা, বৰগীত আদিৰ চৰ্চা হয়৷ ১৪ প্ৰসংগ নাম কীৰ্ত্তণ ভকতসকলে কৰে৷
এই সত্ৰত প্ৰত্যক বছৰেত এটি উৎসৱ হিচাপে পালন কৰে বৰ বিষ্ণু আতাৰ তিথি এই তিথি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰে। প্ৰথমদিনা মূল থানত থকা গোসাঁই আগত প্ৰদৰ্শন কৰে। কীৰ্তন কৰে বিভিন্ন ঠাইৰ পৰা যাত্ৰী আহে তিনিদিনলৈকে থাকি সকলো অনুষ্ঠান উপভোগ কৰে। শেষদিনা অংকীয়া ভাওনা (ৰাম বিজয়) প্ৰত্যেক বছৰে ৰাইজৰ আগত প্ৰদৰ্শন কৰে।
আজিকালি অৱেশ্যে স্থানীয় শিল্পীৰ লগতে বাহিৰৰ পৰাত শিল্পীক আমন্ত্ৰণ কৰি আনি বিভিন্ন সত্ৰীয়া-সংস্কৃিত তথা লোক-সংস্কৃতি অনুষ্ঠান অনুষ্ঠিত কৰে। আগৰ মৰা কলহী নদীৰ সভাৰ আগদিনা ৰাজহুৱাভাৱে মাছ-মৰা উৎসৱ পালন কৰিছিল। ৰাইজৰ ফালৰ পৰা মাছ-মাৰি যি মাছ পায় প্ৰত্যেক ঘৰকে অলপ হ’লেও বিতৰণ কৰিছিল আৰু বাহিৰৰ পৰা অহা লোকলৈও ৰাখিছিল। প্ৰথমদিনা অহা যাত্ৰী সকলেও এই মাছ খাবলৈ পাইছিল।
ছমৰীয়া সত্ৰত থকা সকলো বৈষ্ণৱ ধৰ্মৰ লোক সকলোৱে এক শৰণ নাম ধৰ্মক বিশ্বাস কৰে৷ সত্ৰৰ সন্মুখেৰে বৈ যোৱা মৰাকলহী নদীয়ে সত্ৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাত সহায় কৰিছে৷ আগতে সত্ৰলৈ দুৰৰপৰা অহালোকে নাৱেৰে এই নদী পাৰহৈ আহিব লাগিছিল৷ আজি কালি দলংহোৱা বাবে সত্ৰৰ ওচৰলৈকে যান-বাহন অহাৰ সুবিধা হৈছে৷
সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থকাত এই ঠাইৰ লোকে সত্ৰখনৰ বাবে বহুত উপকৃত হৈছে৷ সত্ৰীয়া সংস্কৃতিসমূহ ভক্তপ্ৰাণ ৰাইজৰ মাজত সমাদৃত হৈ থাকক তাকে কামনা কৰোঁ৷
জিনি দিশা কপিল
গুৱাহাটী বিশ্ববিদ্যালয়
No comments:
Post a Comment