Sunday, 11 December 2022

পুতলা নাচ

 

পুতলা নৃত্য এটা অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান। পুতলাৰ উৎপত্তিৰ সঠিক কাল নিৰ্ণয় কৰা সম্ভৱ নহয় যদিও সমগ্ৰ পৃথিৱীতে ইয়াৰ প্ৰচলন আৰু সমাদৰৰ কথা লক্ষ্য কৰিলে ইয়াক অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান বুলি নিৰ্দ্ধাৰণ কৰিব পাৰি। পুতলা নাচ এক আন্তৰ্জাতিক সাংস্কৃতিক সম্পদ। ভাৰতবৰ্ষতো পুতলা নাচৰ প্ৰচলন অতি পুৰণি। মহাভাৰতৰ বনপৰ্ব আৰু উদ্যোগ পৰ্বত ইয়াৰ উল্লেখ আছে। জাৰ্মান পণ্ডিত ডঃ পিশ্চেলৰ মতে ভাৰতবৰ্ষৰ সংস্কৃত নাটকৰ উৎপত্তিৰ মূলতে পুতলা নাচ। ভাৰতীয় বিশ্বাস অনুসৰি এই পুতলা নাচৰ উৎপত্তিস্থল পাঞ্চাল ৰাজ্য যাৰ বাবে পুতলাক সংস্কৃতত পাঞ্চালিকাও বুলি কোৱা হয়।

   


          পুতলা নাচৰ ব্যবহাৰ কেতিয়াৰ পৰা হৈছিল সঠিককৈ জনা নাযায় যদিও ২০৫০০ খৃঃ পূৰ্বৰ পৰা ৩০৫০০ খৃঃ পূৰ্ব বুলি অনুমান কৰিব পাৰি। হৰপ্পা আৰু মহেঞ্জোদৰোত কৰা খনন কাৰ্যত বহুতো পুতলা খননকাৰী সকলে উদ্ধাৰ কৰিছিল। অশোকৰ শিলালেখাত উল্লেখ থকা অনুসৰি জাম্বুদ্বিপক পুতলা ভ্ৰাম্যমান বুলিও জনা যায়। কালিদাস আৰু পতঞ্জলিও পুতলা নাচৰ বিষয়ে তেওঁলোকৰ সাহিত্যত উল্লেখ কৰিছে। পুতলা নাচ প্ৰাচীন কালৰে পৰাই জনসাধাৰণ আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ লগত জৰিত হৈ আছে।

              পুতলা নাচৰ পুতলা সাধাৰণতে চাৰি প্ৰকাৰৰ। কিন্তু কাঠ পুতলা যাক ইউৰোপত মেৰিওনেত (Marionetts) বোলে, তাৰ প্ৰচলন সমগ্ৰ পৃথিৱীতে সৰ্বাধিক। ইয়াৰ উপৰিও হাত পুতলা (Hands of Gloves), মাৰি পুতলা(Rod Puppets) আৰু ছাঁ পুতলা (Shadow Puppets) আদিৰ প্ৰচলনো আছে। সাধাৰণতে হাত পুতলা আৰু মাৰি পুতলা সৰু ল'ৰা ছোৱালীয়ে খেল ধেমালিৰ কাৰণে ব্যৱহাৰ কৰা দেখা যায়। দক্ষিণ ভাৰত আৰু ইউৰোপত মেৰিওনেট আৰু ছাঁ পুতলাৰ নৃত্যহে প্ৰদৰ্শন কৰে। অসমতো মেৰিওনেত পুতলাৰ প্ৰচলন হে দেখিবলৈ পোৱা যায়।

               পুতলা নাচৰ পুতলা সমূহ পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত উন্নতি সাধন কৰিছিল। ছাঁ পুতলাই চীন দেশত উন্নয়ন লাভ কৰাৰ লগতে ৰছী পুতলাৰ উৎপত্তিস্থল ভাৰতবৰ্ষ।

                অতীতত পুতলাসমূহ কাঠ, বাঁহ, কপাহ, তুলা, কাপোৰ আদিৰ সহায়ত বনোৱা হৈছিল যদিও বৰ্তমান বিজ্ঞানৰ যুগত প্লাষ্টিক, চেলুলয়ড, টিন, লো আদিৰ সহায়টো পুতলা নিৰ্মান কৰা হয়। অৱশ্যে সৰু ল'ৰা ছোৱালীয়ে খেলা পুটোলাবোৰ প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ কৰা হয়।

             ভাৰতৰ দৰে পৃথিৱীৰ আন বিভিন্ন ঠাইটো পুতলা নাচৰ প্ৰচলন থকা দেখিবলৈ পোৱা যায়। সেই ঠাই সমূহ হৈছে  ইটালী, ইন্দোনেছিয়া, জাপান, ইজিপ্ত, গ্ৰীচ, ৰোম, জাৰ্মানী, অষ্ট্ৰিয়া, ইংলেণ্ড, কোৰিয়া, চীন আদি।

             পুতলা নাচ একপ্ৰকাৰৰ নাট্যানুষ্ঠানহে। ইয়াত থিয়েটাৰ, ভাওনা, নাটক আদিত কৰাৰ দৰে পুতলাৰ দ্বাৰা অভিনয় কৰা দেখা যায়। পুতলা নাচৰ কাহিনীসমূহ পুৰাণ বা মহাকাব্য সমূহৰ পৰাহে ৰূপায়িত কৰা হয়। দক্ষিণ ভাৰত আৰু ৰাজস্থানত বুৰঞ্জীমূলক কাহিনীটো অভিনয় কৰা দেখা যায়। বৰ্তমান অসমত পুতলা নাচৰ দলসমূহে ৰামায়ণৰ আখ্যান প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়।

             পুতলা নাচ ভাৰতীয় নাট্য সাহিত্যৰ পূৰ্বপুুৰুষ স্বৰূপ। অসমৰ অংকীয়া নাটৰো প্ৰতিষ্ঠাপক পুতলা নাচ বুলি কলে ভুল নহয়। অসমৰ ওজাপালিও পুতলা নাচৰ এটা পৰিবৰ্ধিত ৰূপ বুলি ধৰিব পাৰি। পাচালি সাহিত্যৰ মূলো এই পুতলা নাচে। কিয়নো এই সাহিত্যৰ উদ্ভৱ 'পাঞ্চালিকা'ৰ পৰা হোৱা বুলি ধৰা হয়। আগৰ দিনত পুতলা নাচে সমাজ সংস্কাৰৰ এক শক্তিশালী আহিলা হিচাপে মানৱতাৰ কল্যাণ সাধন কৰিছিল। সেয়ে পুতলা নাচ আমাৰ কাৰণে এক অবিস্মৰণীয় সাংস্কৃতিক অনুষ্ঠান।


উৎস: ১)হৰিপ্ৰসাদ নেওগ আৰু লীলা গগৈ সম্পাদিত 'অসমীয়া সংস্কৃতি' গ্ৰন্থ।

২)মৌচুমী ভট্টাচাৰ্য, ২০১৫, Puppetry in Assam:Continuity and Change [ পি এইচ ডি ডিগ্ৰী, গুৱাহাটী বিশ্ববিদ্যালয়]

........................

লিজা ঠাকুৰীয়া, প্ৰথম ষাণ্মাসিক, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

 

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...