Wednesday, 18 December 2024

ইতিহাসৰ কেইখনমান প্ৰভাৱী চুটি ছবি

আবেগ জগাব পৰা, ভাৱ প্ৰকাশ কৰাত ইন্ধন যোগোৱাত তথা দৃষ্টিভংগীক প্ৰত্যাহ্বান জনাব পৰাকৈ চিনেমা অৰ্থাৎ চলচ্চিত্ৰৰ এক বিশেষ শক্তি আছে। আজিৰ তাৰিখত, আজিৰ প্ৰজন্মৰ মনোযোগৰ দৈৰ্ঘ্য বেগেতে বেগেতে কমি গৈ আছে। সেয়ে নতুন যুগক সন্তুষ্ট কৰিবলৈ আজি ছবি সমূহৰ দৈৰ্ঘ্য টুটি আহিল। ছবিৰ মানদণ্ডও কমি আহিল। আৰু ল'ৰা হতে আগৰ উচ্চ মানদণ্ডৰ ছবি নোচোৱও হল। গতিকে ছাত্ৰ তথা চিনেমা উৎসাহী সকলৰ বাবে আমি তলত কেইখন মান চিৰ সমাদিত চুটি ছবিৰ নাম উল্লেখ কৰিছোঁ, আৰু প্ৰত্যেকৰে অলপকৈ আলোচনাও কৰিছোঁ। ছবি কেইখন চুটি কাৰণে আমনিও নাপাব আৰু এইকেইখনৰ সোৱাদ পালে পাছলৈ এনে ধৰণৰ ছবি চাবৰ বাবে ইচ্ছুক হব বুলি মোৰ আশা থাকিল। লগতে ৱৰ্ল্ড চিনেমাৰ প্ৰতি ব্লগটো পঢ়া পঢ়ুৱৈ সকলৰ চখ এটা জাগি উঠিব বুলি আমি বিশ্বাসী। 


১) অ্যঁ ছিয়াঁ অন্ডালোঁ, ১৯২৯ (Un Chien Andalou): এখন ফৰাচী চুটি ছবি। পৰিচালক লুই বুনৱেল। এই ছবি খনৰ সহ লেখক আছিল বিশ্ব বিশ্ৰুত চিত্ৰশিল্পী চালভাদৰ ডালি। ছবি খনৰ নাম টোৰ অৰ্থ হৈছে "এটা অন্ডালুছীয়া কুকুৰ"। এই ষোল্ল মিনিটৰ অগ্ৰণী অধিবাস্তৱবাদী ছবি খনে বেবেৰিবাং, অপৰিমেয় চিন্তা সমূহ আৰু নিজৰ অৱচেতন মনটোৰ গভীৰতাক অন্বেষণ কৰে। ছবি খনৰ দৰ্শনে অধিবাস্তৱবাদৰ আলমত সংগতিহীন ভাৱ প্ৰকাশৰ স্বতন্ত্ৰতাক পৰিমেয় চিন্তাধাৰাৰ দ্বাৰা সমাজত সৃষ্টি হোৱা সীমাবদ্ধতাক বাধা প্ৰদান কৰিবলৈ উদ্গনি যোগায়। 


২) লা জেটে, ১৯৬২ (La Jetée): ক্ৰিছ মেকাৰ এই চুটি ছবি খনৰ প্ৰায় সকলো দৃশ্যাংশ স্থিৰ চিত্ৰৰ গ্ৰহনেৰে কৰা হৈছে। কোনো চিনেমেটোগগ্ৰাফী নকৰাকৈ ইমান ধুনীয়াকৈ প্ৰেম, সোঁৱৰণ, সময় যাত্ৰা বৰ সুন্দৰকৈ ফুটাই তোলা হৈছে। একোখন স্থিৰ চিত্ৰই চৰিত্ৰ সমূহৰ ভাৱ বৰ সহজে দৰ্শকে বুজি পোৱাকৈ ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনে অস্তিত্ববাদ আৰু সময়ক পিঠি দিব নোৱাৰা প্ৰকৃতিক আৱিষ্কাৰ কৰে। 


৩) এ ট্ৰিপ টু দি মুন, ১৯০২ (A Trip to the Moon): এই ছবিখনক পৃথিৱীৰ প্ৰথম চাইন্স ফিকশ্যন ছবি বুলিব পাৰি। জৰ্জে মিলিয়ে, পেছাত এজন চাৰ্কাছমেন, যাদুকৰ এই ছবি খনৰ নিৰ্মাতা আছিল। এইখন ছবিত পোন প্ৰথমবাৰৰ বাবে চিত্ৰনাট্য আৰু বিশেষ ইফেক্ট ব্যৱহাৰ হৈছিল। ছবি খন আজিৰ তাৰিখত এক মাইলৰ খুঁটি। এইহেন পৰিচালক জনৰ বহুতো ফিল্ম প্ৰিণ্ট কালক্ৰমত হেৰাই গ'ল। তথাপিও স্বনাম ধন্য ছবি পৰিচালক মাৰ্টিন স্কৰ্চেছেৰ উদ্যোগত মিলিয়েৰ বহু কেইখন ছবিৰ প্ৰিণ্ট পুনৰ উদ্ধাৰ কৰা হয়। 



৪) মথলাইট, ১৯৬৩ (Mothlight): মাত্ৰ চাৰি মিনিটৰ ষ্টেন ব্ৰাখেজৰ এই পৰীক্ষামূলক ছবি খন আজিৰ তাৰিখত বিপুল সমাদৃত। আটাইতকৈ আচৰিত কথা যে এই ছবি খন কোনো কেমেৰাৰ সহায় নোলোৱাকৈয়ে নিৰ্মাণ কৰা হৈছিল। ব্ৰাখেজে পোক, পৰুৱা, চগাৰ পাখি, গছৰ পাত, আৰু অন্য প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিছিল, যাক স্পাইচিং টেপৰ পতাত থেচি এটি দৃশ্য কবিতাৰ ৰূপ দিছিল। ছবি খনে জীৱন, মৃত্যু আৰু সময়ৰ পৰিক্ৰমাক দৰ্শায়। "মথলাইট" এ ব্ৰাখেজৰ দৰ্শনক প্ৰতিফলিত কৰে, যিয়ে ঐতিহ্যগত দৃষ্টিৰ বাহিৰে পৃথিৱী দেখিবলৈ আৰু অনুভৱ কৰিবলৈ আগ্ৰহী কৰে। চাৰি মিনিটৰ এই চুটি ছবি খন এটি কাব্যিক দৰ্শন আৰু ক্ষণস্থায়ী মুহূৰ্তৰ সৌন্দৰ্যৰ শৈল্পিক উদ্ভাৱনৰ শক্তিৰ সাক্ষ্য। 



৫) দ্য এৰাইভেল অৱ এ ট্ৰেইন, ১৮৯৫ (The arrival of a train): অগস্তে আৰু লুই লুমিয়েৰ দ্বাৰা পৰিচালিত এই ছবি খন এখন চিংগল শ্বট দৃশ্যৰ ফিল্ম যিয়ে ষ্টেচনত গৈ থকা এখন ৰেল তুলি ৰাখিছে। এই চুটি ছবি খনে প্ৰায়েই চলচিত্র উদ্যোগত বাস্তৱবাদ আৰু তৎকালীনতাৰ অনুভূতি উদ্ভাৱনৰ বাবে যশ বুটলিবলৈ সক্ষম হয়। দৃশ্যটোৰ সাধাৰণতাই তাৰ গভীৰ প্ৰভাৱক দৰ্শাই। এই ছবি খন চাই থকা অৱস্থাত কিছু দর্শকে নিজৰ আসনৰ পৰা লাফ মাৰি পলাইছিল বুলি জনা যায়, তেওঁলোকে ভাবিছিল যে ৰেল খনে পৰ্দা ফালি ওলাই আহি তেওঁলোকক চেপি মাৰিব। এইখন ছবিয়েই ভবিষ্যতৰ ছবি সমূহৰ বাবে এক মাইলৰ খুঁটি ৰূপে পৰিগণিত হয়। 


৬) দ্য আনচেঞ্জিং ছী, ১৯১০ (The Unchanging Sea) ডি. ডব্লিউ. গ্ৰিফিথৰ দ্বাৰা পৰিচালিত এই ছবিখন এক মর্মান্তিক  কাহিনীৰে পুষ্ট, যিয়ে সময়ৰ পৰিক্ৰমা আৰু মানৱ অনুভৱৰ স্থিৰতাৰ ৰূপক হিচাপে সাগৰ খনক ব্যৱহাৰ কৰিছে। ছবি খনৰ কবিতামূলক চিত্ৰ আৰু আবেগিক গভীৰতাই প্রেম, ক্ষতি, আৰু স্থিতিশীলতাৰ বিষয়বস্তু সমূহ প্ৰতিফলিত কৰিছে লগতে মানুহৰ দৃশ্য-কথনৰ শক্তি আৰু অন্তৰ আত্মাৰ স্থায়ীত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গ্ৰিফিথৰ ক্ৰছ-কাটিং কৌশল আৰু দৃশ্য পৰিক্ৰমাই দৰ্শকৰ অভিব্যক্তি পৰিবৰ্তন কৰাত সক্ষম হৈছে। 


৭) টু, ১৯৬৪ (Two): সত্যজিৎ ৰায়ৰ এই ষোল্ল মিনিটৰ ছবি খনৰ বিষয়বস্তু সহজ যদিও ই অত্যন্ত গভীৰ ফিল্ম, যিয়ে দুটি বিভিন্ন সামাজিক, আৰ্থিক পৰিপ্ৰেক্ষিতৰ পৰা অহা শিশুৰ জীৱন যাপন তুলনা কৰে। ছবিৰ কাহিনীভাগ উপমাৰ জৰিয়তে কোৱা হৈছে, যিয়ে মানুহৰ নিষ্পাপতা, সুবিধা, আৰু সংযোগ প্ৰতিফলিত কৰে। ৰায়ে মানুহৰ আবেগ, অনুভৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই "টু" সামাজিক অসমানতা আৰু শিশুৰ জটিলতাৰ এক অস্থায়ী অনুসন্ধান হিচাপেৰে গঢ় দিছে। এই ছবি খনে মানৱতাবাদৰ সহানুভূতিৰ এটি শক্তিশালী স্মৰণ উন্মোচন কৰে। 


এই চুটি ছবিসমূহ কেৱল কেমেৰাৰ বন্দী হোৱা চলমান ছবিয়েই নহয়; এই ছবি সমূহে পৃথিৱী খনক এক বেলেগ দৃষ্টিভংগীৰে আৰু সাধাৰণ দৃষ্টিতকৈ সুকীয়াকৈ বুজিবলৈ বিভিন্ন প্ৰকাৰে শিকাইছে। এই ছবি সমূহ অধ্যয়ন কৰিলে, ছাত্ৰসকলে ফিল্মমেকিঙৰ শৈল্পিক আৰু দৰ্শনীয় দিশসমূহৰ ওপৰত অন্তৰ্দৃষ্টি লাভ কৰিব পাৰিব।


হীৰক জ্যোতি মেধী

প্ৰথম ষাণ্মাসিক

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা সংৰক্ষণৰ অন্যতম কাণ্ডাৰী

 বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে বিশ্বজুৰি প্ৰসিদ্ধি লাভ কৰা অসম জীয়ৰী পূৰ্ণিমা দেৱী বৰ্মনেই হৈছে হাড়গিলা বাইদেউ হিচাপে পৰিচিত জনপ্ৰিয় ব্যক্তিত্বটোৰ প্ৰকৃত নাম। হাড়গিলাৰ সংৰক্ষণৰ বাবে কামৰূপ জিলাৰ দদৰা,  পচৰীয়া আৰু ইয়াৰ কাষৰীয়া গাঁৱসমূহৰ মহিলাসকলক একত্ৰিত কৰি হাড়গিলা আৰ্মী নামৰ এটি দল গঠন কৰি হাড়গিলাৰ সংৰক্ষণৰ জৰিয়তে পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ  বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে৷ ২০২৪ চনত তেওঁ হুইটলী ফাণ্ড ফৰ নেচাৰৰ তৰফৰ পৰা হুইটলী গোল্ড বঁটা লাভ কৰে৷



ইতিমধ্যে বিপন্ন হিচাপে চিহ্নিত হোৱা পূৰ্ণবয়স্ক হাড়গিলাৰ বিশ্বব্যাপী জনসংখ্যা হৈছে মাথোঁ ৮০০ – ১২০০ , যাৰ অধিকাংশই অসমত পোৱা যায়। পূৰ্ণিমা দেৱী বৰ্মনদেৱে হাড়গিলা সংৰক্ষণ, পৰিৱেশত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে  কেইবাটাও অভিযানৰ নেতৃত্ব দি স্থানীয় গাঁওবাসীক সজাগ সচেতন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।  তেখেতে এই কাৰ্য্যসূচীসমূবত মহিলাসকলৰ সমান্তৰালভাৱে শিশু আৰু যুৱ প্ৰজন্মকো সাঙুৰি লবলৈ চেষ্টা কৰে।  বৰ্মন আৰু হাড়গিলা আৰ্মীয়ে হাড়গিলাৰ বাহত থকা আঘাতপ্ৰাপ্ত পোৱালিবোৰকো সক্ৰিয়ভাৱে উদ্ধাৰ কৰি তেওঁলোকৰ শুশ্ৰুষাৰ বাবে যথোপযুক্ত চেষ্টা কৰে। ইতিমধ্যে হাড়গিলা বাইদেউৰ নেতৃত্বতেই হাড়গিলাৰ বাবে এটা কৃত্ৰিম প্ৰজনন মঞ্চও সাজু কৰি তোলা হৈছে।

 গুৰুত্বপূৰ্ণভাৱে, পূৰ্ণিমা দেৱী বৰ্মনৰ সংৰক্ষণ প্ৰচেষ্টা আৰম্ভ হোৱাৰ পিছৰে পৰা স্থানীয় পৰ্যায়ত অসমত হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০০৭ চনত যেতিয়া সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল, তেতিয়া কামৰূপ জিলা দাঁতিকাষৰীয়া অঞ্চলত মাত্ৰ ২৮টাহে হাড়গিলাৰ বাহ পোৱা গৈছিল৷ কিন্তু ২০১৯ চন পৰ্যন্ত ২০০টাৰো বাহ পোৱা গৈছে। চৰাইবোৰৰ সামাজিক প্ৰতিচ্ছবিক ইতিবাচক কৰি ৰখাৰ সমান্তৰালভাৱে সংৰক্ষণ সজাগতা বৃদ্ধিৰ বাবে কিছুমান আকৰ্ষণীয় প্ৰচেষ্টা হাতত লোৱা হৈছে৷ উদাহৰণস্বৰূপেস্থানীয় লোকগীত, পৰম্পৰা আৰু সাংস্কৃতিক উৎসৱত হাড়গিলাক অন্তৰ্ভুক্ত কৰা হৈছে।গাঁৱৰ মানুহে হাড়গিলাৰ বাবে পঞ্চামৃত অনুষ্ঠান পাতে৷ অসমীয়া মহিলা এগৰাকীৰ ক্ষেত্ৰত পালন কৰা একেবোৰ আচাৰ-ব্যৱহাৰ ব্যৱহাৰ কৰি এই অনুষ্ঠান উদযাপন কৰা হয়৷ হাড়গিলা আৰ্মীৰ মহিলাসকলে নিজৰ কাপোৰত হাড়গিলাৰ ছবি অংকন কৰি সংৰক্ষণৰ দিশত সজাগতা বিয়পাইছে আৰু ইয়াৰ লগতে তেওঁলোকে নিজৰ পৰিয়ালটোৰ বাবে আয়ৰ সৃষ্টি কৰিছে।আন এটা পদক্ষেপ হৈছে বিদ্যালয়সমূহত প্ৰাথমিক বয়সৰ শিশুসকলক আলোচনা আৰু খেলৰ জৰিয়তে হাড়গিলাৰ সংৰক্ষণৰ দিশত শিক্ষা দিয়া আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ অথবা ব্যৱহাৰিক শিক্ষাৰ মাধ্যম হিচাপে সময়ত তেওঁলোকক জাবৰণিৰ মাজত থকা পক্ষীবোৰ দেখুৱাবলৈ লৈ যোৱা৷


পূৰ্ণিমা বাইদেউৰ এই যাত্ৰা অব্যাহত থাকক, সেয়াই আমাৰ কামনা।


বিতোপন ৰাজবংশী

স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

আন্তৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ ইতিহাস


""মই মেচিনৰ হ'ম প্ৰতিদ্বন্দ্বী'

জন হেনৰিয়ে কয় বুকু ডাঠি

ষ্টীম ড্ৰীলৰ লগতে হাতুৰীৰ চলে 'ৰেচ'

বিস্ময়ত কঁপি উঠে মাটি।"


পৃথিৱীৰ অধিকাংশ দেশে মে মাহৰ প্ৰথম দিনটো শ্রমিক দিৱস অথবা মে দিৱস হিচাপে পালন কৰে, এই মে দিৱসৰ ইতিহাস যদি আমি জানিব বিচাৰো তেন্তে উভতি যাব লাগিব ১৮৮৬ চনৰ ১ মে তাৰিখে চিকাগোত হোৱা সেই হৃদয় বিদাৰক ঘটনালৈ, আজিও এজন শ্ৰমিকে তেওঁ পাব লগৰীয়া খিনি পাইছে নে ? বা কোনো ক্ষেত্রত আজিও তেওঁলোক পুঁজিবাদী শাসন ব্যৱস্থাত অস্তিত্বহীন হৈ পৰিছে নেকি সেইয়া হয়তো প্ৰশ্নবোধক। 

     ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়।আগতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০-ৰ পৰা ১২ ঘণ্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল। বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, শ্ৰমিকসকলে অতি অমানৱীয় জীৱন যাপন কৰিছিল, ক্ষেত্ৰবিশেষে সেইটো দাসবৃত্তিৰ পৰ্যায়ত পৰিছিল। ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেঁওলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১-মে। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে।১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। তেঁওলোকে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল। আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচবাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, য’ত ১১ জন শ্ৰমিক ছহিদ হয়।পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়।


লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে, অন্যএজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল, "আজি আমাৰ এই নিঃশব্দতা, তোমালোকৰ কোলাহতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী হ’ব"।

২৬ জুন, ১৮৯৩ তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে। আৰু আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ’ল।

শেষ পৰ্যন্ত শ্ৰমিকসকলৰ "দৈনিক আঠ ঘণ্টা কাম কৰাৰ" দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায়। আৰু পহিলা মে বা মে' দিৱসে প্ৰতিষ্ঠা লাভ কৰে- শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে, পৃথিবীব্যাপী আজিও সেই দিৱস পালিত হয়।"



দ্বীপ জ্যোতি শৰ্মা 

স্নাতকোত্তৰ প্ৰথম ষান্মাসিক 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

গ্ৰন্থ সমালোচনা: অৰুণাভ ছাৰ (উপন্যাস )


লেখক : অজন্তা
প্রথম প্রকাশ: নৱেম্বৰ, ২০১০।

মূল্য: ১১০.০০ টকা।

প্রকাশক: অনন্ত হাজৰিকা, বনলতা, পাণবজাৰ; গুৱাহাটী।




অৰুনাভ ছাৰ অজন্তা বাইদেউৰ তৃতীয় খন উপন্যাস । অৰুণাভ ছাৰ" মূলত: এক প্রেম কাহিনী যদিও উপন্যাসখনক এখন আত্মজীবনীমূলক সামাজিক উপন্যাস যেন অনুমান হয়। এজন ভদ্র প্রশাসনিক বিষয়া 'অৰুণাভ' আৰু তেওঁৰ পাৰ্চনেল এচিছটেন্ট 'মায়াবী' উপন্যাস খনৰ মূল চৰিত্ৰ। মায়াবী দুই সন্তানৰ এগৰাকী বিধৱা মাতৃ। মূল চৰিত্র মায়াবীৰ জীৱনৰ সকলো ঘাট – প্ৰতিঘাট লগতে আনন্দ , উল্লাস , আশা , সপোন , দূখ বেদনা সকলো যেন স্পষ্টভাৱে প্ৰকাশ পাইছে । ইয়াৰ লগতে উপন্যাসখনত প্ৰকাশ পাইছে এক প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা । অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু এই প্ৰদেশৰ মনোৰম প্ৰাকৃতিক শোভাৰে ভৰপূৰ  নগৰ বোৰৰ বৰ্ণনা সাৱলীনভাৱে প্ৰকাশ পাইছে ! প্রেম, ভালপোৱা, মৰম আদি বিভিন্ন নামেৰে নামাকৰণ কৰা সম্পৰ্কবোৰৰ মাজত এটা ইমান মধুৰ দিশো যে থাকিব পাৰে সেই কথ এই উপন্যাসখনত খুব সুন্দৰকৈ ফুটি উঠিছে। কিন্তু ২০১০ চনতে লিখ এই উপন্যাসখনৰ মানুহৰ মাজত প্রচলন বা জনপ্রিয়তা কিয় কম হৈ আছে সেয়া চিন্তনীয় বিষয়। উপন্যাসখন পঢ়ি পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱ যে ভালপোৱা সেই কথা অনুভৱ কৰিব পৰা যায়। ভালপোৱাক লৈ মানুহৰ থকা কিছুমান ধাৰণা উপন্যাসখনৰ কাহিনীয়ে স্পষ্ট কৰে। কাহিনীটোৱে প্রকাশ কৰে যে এজনে আনজনক পোৱাৰ প্রাপ্তি মানেই সমাপ্তি নহয়। প্রেম মনেই বিবাহ নহয়। কিন্তু উপন্যাস খনত কৈশোৰ বা যৌৱনৰ প্ৰেমৰ বৰ্ণনা নাই । তাৰ পৰিবৰ্তে জীৱনৰ শত সহস্ত্ৰ ধুমুহাই অভিজ্ঞ কৰি তোলা পৰিপক্ব প্ৰেমৰ আত্মীয়তাৰে টানকৈ বান্ধি ৰাখিছে অৰুণাভ ছাৰৰ প্ৰেম কাহিনী ।উপন্যাসখনে বহুবাৰ দুচকুত বাৰিষা নমাইছিল যদিও আপোনজনৰ বাবে অপেক্ষা কৰাৰ তৃপ্তিও অনুভৱ কৰাইছিল। অৱশেষত উপন্যাসখন পঢ়ি এনেকুৱা লাগিছে যেন এইখন লেখিকাৰ আত্মজীৱনীমূলক উপন্যাস।

ঋতুপৰ্ণা দেৱী
তৃতীয় ষান্মাসিক।
যোগাযোগ আৰু সাংবাদিকতা বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়। 

বিয়া:পৰম্পৰাৰ পৰা আধুনিকতালৈ



সাংস্কৃতিক ভাবে চহকী এখন ঠাই অসম য'ত এটি পৰম্পৰাগত অনুষ্ঠান আছে সেই অনুষ্ঠানতো হ'ল "বিয়া"। এখন বিয়া এই সেই অঞ্চলটোৰ পৰম্পৰাৰ আৰু আড়ম্বৰতাক প্রতিফলিত কৰে। বিয়া নামেৰে পৰিচিত এই অনুষ্ঠানসমূহ পাৰিবাৰিক আৰু সাম্প্রদায়িক বন্ধনৰ উদযাপন আৰু আনন্দৰ ভৰা এটি অনুষ্ঠান।


পৰম্পৰাগত অসমীয়া বিবাহৰ আৰম্ভণিতে জুৰুণ, উপহাৰ প্ৰদান অনুষ্ঠান য'ত কইনাই দৰাৰ পৰিয়ালৰ পৰা কাপোৰ-কানি আৰু অলংকাৰ লাভ কৰে, আৰু তেল দিয়া, য'ত দৰাৰ মাকে কইনাৰ ওপৰত তেল আৰু সেন্দুৰ দিয়ে। আন আন অনুষ্ঠান যেনে পানী তুলা (আনুষ্ঠানিক স্বানৰ বাবে পানী সংগ্রহ) আৰু দৈয়ন দিয়া (কইনা-কইনাৰ মাজত দৈ ভাগ কৰা) এটা সমন্বয়। বিয়াৰ দিনটোত দৰাই কইনা ঘৰলৈ গৈ কইনাক আনিব যাই তাৰ পিছত বিয়াৰ পবিত্র নিয়ম বোৰ হয় তাৰ পাছত ৰাইজৰ পৰা যোগ্ম জীৱনৰ আশীবাদ লয়। বিয়াৰ ৰীতি-নীতি, শেষ হোৱাৰ পাছত কইনাগৰাকীয়ে স্বামীৰ ঘৰত প্ৰৱেশ কৰে, দুটা পৰিয়ালৰ নিৰৱচ্ছিন্ন মিশ্রণক উজ্জ্বল কৰি তোলে। আঠ দিনৰ পাছত কইনাৰ পিতৃগৃহলৈ অহাৰ উপলক্ষে আঠমংলা অনুষ্ঠানে পাৰিবাৰিক সম্পৰ্কৰ এক মাৰ্মান্তিক সোঁৱৰণী হিচাপে কাম কৰে।


ইয়াৰ বিপৰীতে আধুনিক অসমীয়া বিবাহে মূল পৰম্পৰা বজাই ৰাখি সমসাময়িক প্রভারক আকোৱালি লৈছে। দ্রুতগতিত চলি থকা জীৱনশৈলীৰ সৈতে মিল ৰাখিবলৈ অনুষ্ঠানবোৰ প্ৰায়ে কম সময়ৰ বাবে ঘনীভূত কৰা হয়। আধুনিক ট্রেন্ডসমূহৰ ভিতৰত আছে প্রি-রেডিং ফটোশুট, ডিজাইনাৰ আউটফিট, আৰু থিমযুক্ত সজ্জা। বিয়াত এতিয়া ফিউজন মেনু আছে যিয়ে টেঙামাছৰ তৰকাৰীৰ দৰে অসমীয়া খাদ্যৰ সৈতে বিশ্বব্যাপী খাদ্যৰ সংমিশ্রণ ঘটায়, বৈচিত্রময় অতিথিৰ পছন্দ অনুসৰি। ডিজিটেল আমন্ত্ৰণ আৰু পেছাদাৰী ইভেন্ট প্লেনাৰসকলেও বিয়াৰ আয়োজন কৰাটো অধিক সুবিধাজনক আৰু নিৰৱচ্ছিন্ন কৰি তুলিছে।


যদিও সময়ৰ লগে লগে অসমীয়া বিবাহৰ বহু দিশৰ বিকাশ ঘটিছে, তথাপিও আধুনিকীকৰণৰ মাজত সাংস্কৃতিক পৰিচয়ৰ সংৰক্ষণ নিশ্চিত কৰি এই উদযাপনৰ সাৰ-সামগ্রী- আচাৰ- অনুষ্ঠান, পৰিয়াল, আধ্যাত্মিকতাৰ মাজত লংঘন হৈ আছে।


Hirak Jyoti kalita


MA 1 sem

সাঁচিপাতৰ পুথি

 সাঁচিপাতৰ পুথি তৈয়াৰ কৰা হয় সাঁচি বা অগৰু গছৰ বাকলিৰ পৰা। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত প্রচুৰ পৰিমাণে অগৰু গছ থকাৰ কথা গুৰুচৰিতত পোৱা যায়। সাঁচি গছৰ পৰা সাঁচিপাত প্রস্তুত কৰাৰ পদ্ধতিটো কেৱল অসমীয়া মানুহেহে জানিছিল। বুঢ়া বা পৈণত সাঁচি গছৰ বাকলি সাঁচিপাত প্রস্তুত কৰিবৰ বাবে বেছি উপযোগী আছিল। সাঁচিপাত তৈয়াৰ কৰিবলৈ প্রথমে বাকলিবোৰ সাৱধানে এৰুৱাই  আনি শুকাই কৰকৰীয়া নপৰালৈকে ধোৱাচাঙত থোৱা হৈছিল। তেনেকৈ শুকোৱা বাকলিবোৰ ধান খেৰৰ খাৰণিৰে খাৰ কাঢ়ি পৰিষ্কাৰ কৰি আকৌ ৰদত ভালদৰে শুকুওৱা হৈছিল। ইয়াৰ পিছত পৰ্যায়ত বাকলিবোৰ জোখমতে  কাটি লৈ বাকলিত গোটমাৰি থকা মলিবোৰ এৰুৱাই নিমজ নোহোৱা পৰ্যন্ত বাঁহৰ চেচুৰে  চাচি থকা হৈছিল। এইবাৰ পাতবোৰৰ ওপৰত শিল পিচলাই মিহি কৰি আকৌ শুকুওৱা হৈছিল। তাৰ পাছত পাতখিনি  পোন হবৰ বাবে লো বা আন গধুৰ বস্তুৰে সমানকৈ  হেঁচা মাৰি থোৱা হৈছিল। তাৰ পাছত আকৌ ঘিলাৰে  ঘঁহি  ঘঁহি সমান কৰি লৈ পাতবোৰত মাটিমাহৰ ৰং বোলোৱা  হৈছিল। তাৰ পাছতহে সাঁচিপাত লিখাৰ বাবে উপযোগী হৈ উঠিছিল। কেতিয়াবা প্ৰয়োজন সাপেক্ষে হেঙুল-হাইতাল বোলাই সাঁচিপাতৰ ৰং উজ্জ্বল কৰা হৈছিল। লিখাৰ উপযোগী হোৱাৰ পাছত পাতবোৰ জাপি কুটনীৰে জুখি সোঁমাজতে এটা বিন্ধা কৰা হৈছিল। সেইটো লোৰ শাখাকে নকৰিবলৈ 'যোগিনী তন্ত্ৰ'ত নিৰ্দেশ আছে। এই বিন্ধাটোক পুথিৰ নাভি বুলি কোৱা হয়। সাঁচিপাতত লিখাৰ পূর্বে সূক্ষ্ম কলমেৰে  সমান  দূৰত্বত শাৰী টনা হয়। তাৰ নাম হল কূত দিয়া। হাতেৰে লিখা সাঁচিপাতীয়া পুথিবোৰৰ তলে-ওপৰে কেইখনমান উকা পাত থাকে। সেইবোৰৰ নাম বেঁটীপাত। বেঁটীপাতত সাধৰণতে গ্রন্থৰ নাম, গৰাকীৰ নাম আৰু লিপিকাৰৰ নাম লিখা থাকে। সাঁচিপাতত পুথি লিখাৰ লগতে তাত চিত্রও অঁকা হৈছিল। সাঁচিপাতত লিখা সচিত্র পুথিৰ ভিতৰত 'হস্তী-বিদ্যাৰ্ণৱ', 'শংখচূড় বধ', গীত-গোবিন্দ' আদি বিখ্যাত। সপ্তম শতিকাৰৰ পূর্বেই অসমত সাঁচিপাতত লিখা কাম আৰম্ভ হৈছিল। সাঁচিপাতত পুথি লিখাসকলক লিখক বা লিখাৰু বা লেখাৰু বোলা হৈছিল। সাঁচিপাতত লিখা লোকসকলক বৰ অভিজ্ঞ আৰু সাৱধানী  আছিল। তেওঁলোকে সুন্দৰ গোট গোট আখৰেৰে লিখিছিল আৰু ক'তো বানানৰ ভুল বা আন কথাত কটাকটি কৰা নাছিল। লিখাৰুসকল দৰাচলতে শিল্পীয়েই আছিল আৰু তেওঁলোকে এই কামটো বৰ পবিত্র বুলি গণ্য কৰিছিল। সাঁচিপাতত লিখা পদ্ধতিটো অসমৰ বাহিৰে উত্তৰ -পূৱ ভাৰতৰ আন অঞ্চলত বিৰল। বাণভট্টৰ 'হৰ্ষচৰিতত উল্লেখ আছে যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনলৈ উপঢৌকন পঠিওৱা নানা সামগ্রীৰ ভিতৰত সাঁচিপাতত লিখিত সুভাষিত বিচনৰ এক পুথিও আছিল।



গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ যোৱা ২৯/১০/২০২৪ তাৰিখে হৈ যোৱা sanchipat manuscript reading and conversation workshop টো পৰা মই শিকিব পাৰিছো যে সাঁচিপাতৰ পুথিত কেনেকৈ লিখিছিল। কেনেকৈ সাঁচিপাতৰ পুথিৰ শব্দবোৰৰ উচ্চাৰণ কৰি পঢ়িছিল। পুৰণি দিনৰ আখৰৰ ব্যবহাৰ আৰু আধুনিক দিনৰ আখৰৰ ব্যৱহাৰৰ মাজত পৃথকতা।  সাঁচিপাতৰ পুথিত লিখিবলৈ কেনেকৈ ৰং প্রস্তুত কৰিছিল। বহু নজনা কথা শিকিবলৈ পাইছো এই workshopটোৰ দ্বাৰাই ।


     নাম-দিশা দাস। 

   স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ

  ছাত্ৰী, যোগাযোগ আৰু   সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

চম্পাৱতীৰ সাধু আৰু প্ৰতিফলিত সমাজ ব্যৱস্থা




      সাহিত্য বুলিলে আমাৰ সকলোৰে মনলৈ স্বাভাৱিকতে কবিতা , গল্প , নাটক আদিৰ  কথাই মনলে আহে ; যদিও বহুবছৰ পূৰ্বৰ পৰা অথাৎ লিপি উদ্ভৱ হোৱাৰ পূৰ্বৰে পৰা জনসাধাৰণৰ মাজত আন এক প্ৰকাৰৰ সাহিত্যই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম  হৈছিল , এই সাহিত্য বিধ হ’ল লোক সাহিত্য । লোক সাহিত্য পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে প্ৰচলিত  সাহিত্য । মানুহৰ  মুখে মুখে প্ৰচলিত হোৱাৰ বাবে এইবিধ  সাহিত্যক জনসাহিত্য বা মৌখিক সাহিত্য বুলি কোৱা হয় । এইবিধ সাহিত্যতো লিখিত সাহিত্যৰ দৰে মানৱ জীৱনৰ সুখ-দুখ , হাঁহি-কান্দোন , আশা- নিৰাশা, প্ৰাপ্তি – অপ্ৰাপ্তি আদিৰ বিভিন্ন অনুভূতিবোৰ প্ৰকাশ হোৱা দেখা যায় ।    


       লিখিত সাহিত্যৰ দৰে মৌখিক সাহিত্য বা লোক সাহিত্যকো বিষয়বস্তু অনুসৰি তিনিটা প্ৰধান ভাগত ভাগ কৰা হয় , সেইকেইটা হৈছে  :   ক) লোক গীত    খ) ফকৰা- যোজনা , সাঁথৰ- পটন্তৰ      গ) সাধুকথা  ।


        সাধু কথা হৈছে  চহা লোকৰ মুখ বাগৰি অহা কিছুমান লোক কথা । ই হ’ল লোক মনে লোক সমাজৰ অৱসৰ বিনোদন আৰু নীতি শিক্ষাৰ বাবে স্বতঃ স্ফুৰ্তভাৱে প্ৰকাশ কৰা কল্পনা বা বাস্তৱ জীৱনৰ মনে সজা লৌকিক বা অলৌকিক কাহিনীৰ সামাহাৰ । ইয়াৰ লিখিত ৰূপ নাই , পৰম্পৰাগতভাৱে বাস্তৱ বা অবাস্তৱ মনে সজা লোক কথা। সাধু কথাৰ স্থিৰ ৰূপ নাই , সাধু কওঁতাজনে নিজৰ অভিৰুচি আৰু সামৰ্থ অনুসাৰে বৰ্ণাই যায় ।


       সাহিত্যৰ দৃষ্টি কোণেৰে চাবলৈ গ’লে ই এক সৃষ্টিশীল সাহিত্য । ইয়াত গল্প , উপন্যাসৰ দৰে কাহিনী চৰিত্ৰ লেখকৰ মৌলিকতা আটাইবোৰ উপাদান পৰিলক্ষিত হ’য় । যিদৰে সাহিত্যই সমাজ পৰিবৰ্তনত মুখ্য ভূমিকা গ্ৰহণ কৰে ঠিক তেনেদৰে সাধুকথাৰ মাজতো আমি সমাজ পৰিবৰ্তনৰ নীতি শিক্ষাৰ পাঠ পাওঁ ।


 


    চম্পাৱতী সাধুটিত এখন সহজ সৰল ঘৰুৱা চিত্ৰক সাহিত্যৰথী লক্ষ্ণীনাথ বেজবৰুৱাই দেৱে নিৰূপন কৰিছে । আৰু সেই সময়ৰ সমাজ ব্যৱস্থাত থকা কিছুমান কু-ব্যৱস্থাৰ কথা উল্লেখ কৰিছে । যেনে এজনী নাৰী অতি আদৰৰ আন এজনীক অত্যাচাৰ কৰা। প্ৰত্যক্ষভাৱে কবলৈ গ’লে নাৰীৰ ওপৰত কৰা অত্যাচাৰ এই সাধুটিত ফুটি উঠিছে। চম্পাৱতীৰ মাতৃ এলাগীক , লাগী আৰু সদাগৰে কৰা অত্যাচাৰ আকৌ অজগৰ ৰূপী দেৱতাৰ মাতৃ অথাৎ শাহুৱেক স্বৰূপা ৰাক্ষসীয়ে চম্পাৱতীক নানা ধৰণৰ নিৰ্যাতন কৰা । চম্পাৱতীক মাৰিবলৈ পৰিকল্পনা কৰা ,গিৰীয়েকৰ পৰা ছবছৰ আঁতৰত ৰখা ইত্যাদি । এই সাধুটিৰ জৰিয়তে লক্ষ্ণীনাথ বেজবৰুৱাই উল্লেখ কৰা সমাজ জীৱন ব্যৱস্থাৰ কিছুনীতি বৰ্তমান সমাজ ব্যৱস্থাৰ বাবে গ্ৰহণীয় নহয় বা শুনিবলৈ অপ্ৰিয়ভাজন । যেনে: প্ৰতিশ্ৰুতি দি কৰো বাসনাৰ প্ৰতি কেৰেপ নকৰা অথাৎ চম্পাৱতীৰ মনৰ কথা নজনাকৈ সদাগৰে অজগৰৰূপী দেৱতালৈ বিৱাহ কৰোৱা কাৰ্য ।


            এই সাধুটোৰ জৰিয়তে লেখকে এই কথা সুন্দৰভাৱে প্ৰস্ফূতিত কৰি তুলিছে যে আনৰ অপকাৰ কৰিবলৈ পৰিকল্পনা কৰা লোকৰ কেতিয়াও উন্নতি সাধন নহয় বৰঞ্চ নিজৰ অপকাৰ হয় । অথাৎ মাহীমাক লাগী আৰু শাহুৱেকে চম্পাৱতীক বিভিন্ন প্ৰকাৰে ক্ষতি বা অপকাৰৰ কৰিবলৈ চেষ্টা কৰিছিল যদিওঁ চম্পাৱতীক একো অপকাৰ কৰিব নোৱাৰিলে বৰঞ্চ সিহঁতৰ হে অপকাৰৰ সাধিত হ’ল । দ্বিতীয় আনৰ উন্নতি দেখিব নোৱাৰি জ্ব্লি মৰা অথাৎ লাগীয়ে এলাগী আৰু চম্পাৱতীৰ উন্নতি দেখিব নোৱাৰি বিভিন্ন ধৰণে অত্যাচাৰ / অপকাৰ কৰিবলৈ প্ৰয়াস কৰা কাৰ্য । সৎ লোকৰ বাবে সফলতাৰ ফলাফলো সৎ হয় । আৰু আগগুৰি নাভাবি আনৰ কথাত ভুল গৈ নিজৰ বিপদ সংকূল পৰিস্থিতি সৃষ্টি কৰা । অথাৎ বুঢ়ী জনীৰ কথাৰ মেৰপাকত পৰি চম্পাৱতীয়ে নিজৰ বিপদ সংকূল পৰিস্থিতি সৃষ্টি কৰা কাৰ্য অথবা ঘটনা ।


           এই সাধুটিৰ জৰিয়তে লক্ষ্ণীনাথ বেজবৰুৱাই বিভিন্ন ধৰণে পাঠকক আমোদ দিয়াৰ লগতে বিভিন্ন ফকৰা যোজনাৰ লগত মিলি যোৱাকৈ সাধুটি বিশেষভাৱে সৃষ্টি কৰিছে । আৰু বিভিন্ন নীতিশিক্ষাওঁ এই সাধুটিৰ জৰিয়তে পোৱা গৈছে  ।

 মানস প্ৰতীম কলিতা,

তৃতীয় ষান্মাষিক,

যোগাযোগ তথা সাংবাদিকতা বিভাগ

চলচ্চিত্র সমালোচনা : কথানদী



ডিঙিত গাঁঠি লগাই মূৰটো মাটিত পুতি মৰিবলৈ থৈ দিয়া হাঁহ এটাই সিমান পৰ ছটফটাই থাকে, সিমান পৰত এটা কাহিনী শেষ হওঁ হওঁ কৰোতেই আন এটাই উক্ দিয়ে-ঠিক হঠাৎ পাখিৰে মাটিত আচাৰ মাৰি দিয়া হাঁহজনীৰ দৰেই।' কথানদী' শীর্ষক ২০১৬ চনত মুক্তিপ্রাপ্ত অসমীয়া চিনেমাখনৰ ৰেহৰুপো তেনেকুৱাই যন্ত্রণাগধূৰ। পৰিচালক ভাস্কৰ হাজৰিকাৰ পাকৈত হাতত প্রাপ পাই উঠা 'কথানদী' ছবিখনে ইতিমধ্যেই চলচ্চিত্র প্রেমী তথা সচেতন মহলৰ দৃষ্টি আকর্ষণ কৰিছে। 'এবস্ট্রাক্ট' অথবা ভাৱগধূৰ চিনেমাৰে মুষ্টিমেয় দুই একক বাদ দি সাধাৰণ দর্শকক বিৰক্ত কৰাৰ ঢৌ উঠি থকাৰ এনেহেন দিনত কথানদীৰ দৰে গভীৰ বিষয়ক চিনেমাৰ গুৰুত্ব কিন্তু কমি যোৱা নাই, বৰঞ্চ ন-চামক আকর্ষিত কৰিবলৈহে সক্ষম হৈছে।


ৰসৰাজ বেজবৰুৱাৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধুৰ চাৰিটি সাধু, ঘাইকৈ চম্পাৱতী,ঔ-কুঁৱৰী, তেজীমলা আৰু

তাৱৈৰ সাধুৰ সাংঘাটিক শিল্পীসুলভ সংযোগত ঠেকা খাই সৃষ্ট এইখন চিনেমা প্রকৃততে চাৰিটা সমান্তৰাল কাহিনীৰ গতিশীল ৰথ, যি শেষত গৈ একেটা ঘোঁৰাকে কাষ বিচাৰি লয়। গোটেই চিনেমাখনৰ আটাইতকৈ বেছি আকৰ্ণীয় দুই মূল উপাদান হ'ল শব্দ আৰু পোহক। অমৰনাথ হাজৰিকাৰ সংগীত আৰু বিজয় কাট্টীৰ দৃশ্যগ্রহণৰ ৰসায়নটো অসমীয়া চলচ্চিত্রৰ উত্তৰণৰ ইতিহাসত এক মাইলৰ খুটি হোৱাৰ সম্ভাবনা আছে। জংঘলে- খালে, ৰাতিয়ে- পুৱতিয়ে অবিকল পৰিৱেশ এটা ধৰি ৰাখিব পৰাটো পৰিচালকৰ সফলতাৰ ভিতৰত পৰে। তদুপৰি থলুৱা অসমীয়া নিচুকনি গীত, খোল-তালৰ শব্দ, দহিকতৰা-জিলিৰ মাত, হৰিবোল তাঁতশালৰ মাত আদিক যি ৰূপত চিনেমাখনত ব্যৱহাৰ কৰা হৈছে, সেয়া প্রশংসনীয়। অৱশ্যেই, কথানদীৰ সফলতাৰ ঘাইভাগ কৃতিত্ব অভিনয়ে কাঢ়ি নিলেও ভালেপৰ সময়তত সেয়া অতিপ্রাকৃতিকযেন লাগিল। সীমা বিশ্বাস, জেৰিফা ৱাহিদৰ অভিনয় ভাল হৈছে। পিছেআদিল হচেইনৰ অভিনয়ত নিৰাশ হলোঁ। বিশেষকৈ সংলাপ প্রক্ষেপণ মনঃপূত নহ'ল। কপিল বৰাৰ ক্ষেততো বৰ এটা মনে বিচৰা অভিনয় দেখা নাপালোঁ। নাৰী প্রধান চিনেমাখনৰ অভিনয়ৰ দিশতোও কিন্তু নাৰীসকলেই দখল কৰা দেখা গ'ল।


কথানদীৰ চিনেমেট'গ্রাফী সুন্দৰ হৈছে। যি কায়দাৰে দৃশ্য এটাত ঔটেঙাটোক চোঁচৰাই চোঁচৰাই লৈ যোৱা হৈছে, তাতেই অসমীয়া চিনেমালৈ ভাল দিন অহাৰ গোন্ধ পাওঁ। সম্পাদনাত থকা সুৰেশ পাইৰো হাত ভাল। তথাপি, কিছুমান দৃশ্য অতি বেছি ভৌতিক কৰি তোলাতো ভাল নাপালোঁ। তদুপৰি তেজীমলাৰ মাকে যিজন কাল্পনিক পুৰুষৰ ওচৰ চাপি মাজৰাতি প্রেমৰ বাহাৰ পাতে, সেইখিনি অতিৰঞ্জিত হোৱা যেন লাগিল। এইক্ষেতত ভাল লগা দিশটো হ'ল অজগৰডাল।  পৰিচালকে কেমেৰা তথা সম্পাদনাৰ মায়াজালত অজগৰে চম্পাবতীক বিয়া কৰোৱাৰ পৰা গিলি পেলোৱালৈকে যি ধৰণে দেখাইছে, সেয়া বাৰুকৈয়ে ভাল লাগিল।


বাকী কাহিনীৰ কথা কবলৈ বিচৰাতো কথানদীৰ বাবে অন্যায় কৰা যেন হ'ব। বুটী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি। পৰিচালক ভাষ্কৰ হাজৰিকাৰ তত্ত্বাবধানত অৰূপা পতংগীয়া কলিতাই শেহত যিদৰে চাৰিওটা সাধুৰ মাজত যোগসূত্র বিচাৰি পাইছে সেয়া নিতান্তই ধন্যবাদ দিবলগীয়া কথা।অভিনয় আৰু সম্পাদনাজনিত দুই এটা সৰু সুৰা ভুল বাদ দিলে মোৰ ভাষাত কথানদী এখন 'পার্ফেক্ট' চিনেমা। পৰিচালক হাজৰিকাৰ পৰা আমি ইয়াততকৈ অধিক আশা নিশ্চয়কৈ কৰিব পাৰোঁ। অসমীয়া চলচ্চিত্রৰ জয়ধাৰা অব্যাহত থাকক।




বিতোপন ৰাজবংশী

স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক

বর্তমান যুৱসমাজ আৰু আধ্যাত্মিকতা



এটা জাতিৰ অস্তিত্বৰ উত্তৰণৰ মূল চাবি কাঠীয়েই হৈছে আজিৰ যুৱ সমাজ। আজি সমগ্র বিশ্ব বিজ্ঞান-প্রযুক্তিৰে আৱাৰি আছে আৰু এই গোলকীকাৰ কবলত পৰি আজি আমাৰ যুৱ চামৰ নৈতিক স্খলন ঘটিছে আৰু তাৰ ফলত সামাজিক উচ্ছ্বংশলতাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই ভয়াবহতাই সাম্প্রতিক সময়ত দিনক দিনে সমাজৰ সাংগঠনিক দিশত দুর্বল কৰাত অগ্রণী ভূমিকা পালন কৰিছে।


যুৱসমাজৰ এই উচ্ছ্বংশলতাৰ বিশ্লেষণ কৰিলে দেখা যায় যে কাৰণ দেশৰ নিবনুৱা সমস্যা, ৰাজনৈতিক অস্থিৰতা, শৈক্ষিক সমস্যা, মানবীয় মূল্যবোধৰ অৱক্ষয়, আত্মকেন্দ্রিকতা আৰু বস্তুবাদী সমাজৰ পৰিবর্তন আদিয়েই প্ৰধান ।

        দেশৰ ধৰণীস্বৰূপ এই যুৱ সমাজৰ সুস্থ মানসিকতাৰ বাবে উপযুক্ত ব্যৱসাৰিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰো অতি প্রয়োজন। আধ্যাত্মিক শিক্ষাৰ ক্ষেত্ৰত 'গীতা' হৈছে এক আদর্শ পুথি। আজিৰ যুৱ প্রজন্মৰ যিসকলৰ নিজ নিজ কর্মত প্রযুক্ত হ'বলৈ সৎ সাহস আৰু প্ৰেৰণা অভাৱ তেঁওলোকৰ বাবে গীতাৰ দর্শন অত্যন্ত জৰুৰী ।

গীতাৰ মূল সত্যটো হৈছে আমি সৎ পথত থাকি ভগবানক ভক্তি কৰি ফললৈ কামনা নকৰাকৈ  কাম কৰি যাব লাগে । 


জীৱনত বিজ্ঞাসা থাকিব লাগিব। সকলো কথা প্রজ্ঞাৰে বিচাৰ-বিশ্লেষণ কৰিব পাৰিব লাগিব। প্রজ্ঞা আহৰণৰ বাবে সাধনাৰ প্রয়োজন ,গভীৰ অধ্যয়ন আৰু চিন্তাৰ প্রয়োজন। গতিকে সাম্প্রতিক সমাজ ব্যৱস্থাত আধ্যাত্মিক চিন্তাৰ সাজেৰে যুৱ জাগৰনৰ সৃষ্টি কৰি এক সৎ , বিনয়ী আৰু  দ্বিধাহীনভাৱে জীৱন অতিবাহিত কৰিব পাৰিলেহে আজিৰ যুৱসামাজৰ জীৱন সুন্দৰ হোৱাৰ লগতে সমাজখনো সুন্দৰ ও সুস্থ হৈ উঠিব।


             বাস্তুৱ কুমাৰ বৰুৱা

Tuesday, 3 December 2024

চলচ্চিত্র সমালোচনা : 12 ফেইল


সাধাৰণতে চলচ্চিত্ৰ এখনত কেতিয়াবা প্ৰেমে  তথা বিষাদে মূল ভুমিকা লয় ,হয়তো কেতিয়াবা প্ৰেমিকা নতুবা বন্ধুত্ব তথা মাতৃৰ মমতাই ,মূল নায়ক গৰাকীক সমাজৰ আগত বিশুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰে । যিদৰে এখন চলচ্চিত্ৰত নায়কৰ ভুমিকা থাকে থিক একেদৰে খলনায়ক এজনৰো একেই ভূমিকা থাকে চলচ্চিত্ৰ এখন সফল কৰি তোলাত । খলনায়ক বিহীনচলচ্চিত্ৰ এখনত নায়কে চলচ্চিত্ৰ খনত আগুৱাই নিয়াত বহুক্ষেত্ৰত ব্যৰ্থ হয় কিন্তু কাহিনীৰ উপস্থাপন শৈলী তথা কাহিনীৰ আধাৰ সামাজিক হ'লে সেই চলচ্চিত্ৰত খলনায়কৰ ভূমিকা নাথকাও পৰিলক্ষিত হয় । সমালোচনাৰ বিষয় হিচাপে ল'ব বিচৰা চলচ্চিত্ৰ খন হৈছে 12 ফেইল , চলচ্চিত্ৰ খনত বৰ্তমান সময়ছোৱাত বিফলতাৰ লগত যুঁজ দি নিজৰ পৰিয়ালৰ সৰ্বোচ্চ দায়িত্বৰভাৰ নিজৰ কান্ধত তুলি লৈ লক্ষ্যত উপনীত হোৱাৰ সংগ্ৰাম চলাই থকা এচাম যুৱকৰ ওপৰত যিয়ে নিজৰ শূণ্যতাৰ পৰা সপোন দেখে আকাশ চুবলৈ । 

12 ফেইল নামৰ চলচ্চিত্ৰখনৰ কাহিনীৰ মূল চৰিত্ৰ হৈছে মনোজ যিয়ে মেট্ৰিক পৰীক্ষাত নকল পদ্ধতিৰে প্ৰথম বিভাগত উৰ্ত্তীণ হয় যদিও হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বাৰ নকল পদ্ধতি বাতিলৰ বাবে উত্তীৰ্ণ হব নোৱাৰি দ্বিতীয় বাৰ প্ৰকৃত পদ্ধতিৰে পৰীক্ষা দি তৃতীয় স্থানত উত্তীৰ্ণ হয়।চলচ্চিত্ৰ খনত মনোজৰ দেউতাক এজন সাধাৰণ কৃষক যিয়ে সেই অঞ্চলৰ বিধায়কৰ অন্যায়ৰ বিৰুদ্ধে যুঁজি উচ্চতম আদালতৰ ওচৰ চাপিছিল।হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈ মনোজে উচ্চ শিক্ষাৰ বাবে গৃহভূমিৰ পৰা দূৰত অধ্যয়ন কৰিব বিচাৰিছিল কিন্তু টকাৰ অভাৱ মনোজৰ পৰিয়ালতো আছিল , কিন্তু মনোজৰ আইতাকে পেঞ্চনৰ পইচা তাৰ বাবে সাচি ৰাখিছিল , চলচ্চিত্ৰ খনৰ এইখিনিত আইতাৰ মৰমভাৱবোধ পৰিলক্ষিত হয় ।

 



গাঁৱৰ অকৃত্তিম পৰিৱেশৰ পৰা চহৰত মনোজত কেতবোৰ বিপদ-বিঘিনিৰ সন্মুখীন হয়। কিন্তু মনোজৰ জৰাজীৰ্ণ সংঘাটৰ জীৱনত কেতবোৰ মানুহৰো আগমন ঘটে । পাণ্ডে ,গৌৰী ভাইয়া , আদিৰ দৰে সাহসৰ খামখুটাবোৰে মনোজৰ দৰে চালি নোহোৱা ঘৰ এখনত জোনাকৰ পোহৰৰ দৰে জিলিকাই  তুলিবলৈ অশেষ যত্ন কৰিলে। ব্যস্ততাত তথা সংঘাটৰ অপৰিচিত চহৰখনত মনোজ ‌নামৰ চৰিত্ৰই শৈক্ষিক জীৱনৰ সত্যতাৰ সৈতে পৰিচিত হ'বলৈ ধৰিলে । ব্যস্ততা তথা শৈক্ষিক সত্যতাৰ চহৰ খন তাৰ বাবে অতিকৈ কঠিন আছিল , অপেচাদাৰী প্ৰশিক্ষণ মূলক শিক্ষাঅনুষ্ঠান সমূহৰ প্ৰকৃত সত্য চলচ্চিত্ৰ খনত সুন্দৰকৈ ফুটাই তুলিছে , তথাপি সি যুজঁ দিছে ,চলচ্চিত্ৰ খনত আকস্মিক ভাৱে শ্ৰদ্ধা নামৰ ছোৱালী এজনীৰ প্ৰকাশ হয় । যিয়ে চিকিৎসক হিচাপে কৰ্মৰত আছিল । কিন্তু চিকিৎসা সমাজৰ অন্যায়মূলক কৰ্মৰ তাই বিৰোধী আছিল সেই বাবে তাই নিজকে প্ৰশাসনিক সেৱাৰ লগত জড়িত কৰি সমাজৰ এনে কিছুমান কালিমাক দূৰ কৰাৰ বাবে নিজকে প্ৰশাসনিক সেৱাৰ লগত জড়িত কৰিব বিচাৰিছিল , মনোজে এক প্ৰশিক্ষণ মূলক শিক্ষাঅনুষ্ঠানত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল আৰু সাংক্ষেপে শ্ৰদ্ধাৰ লগত মনোজৰ সংঘাতম‌য়ী কাহিনীৰ যোগেদি দুয়োটা চৰিত্ৰৰ প্ৰেমৰ আগমনক স্থান দিয়া হৈছিল । নিজৰ সপোনবোৰক সাৰ্থক কৰাৰ স্বাৰ্থত মনোজ নামৰ চৰিত্ৰটোৱে যুঁজ দিছিল সাৰথি আছিল শ্ৰদ্ধা, পাণ্ডে আৰু গৌৰী ভাইয়া ।

মনোজে যুজা এই সংগ্ৰামৰ যুজ খনত শ্ৰদ্ধা , গৌৰী ভাইয়া আদি আছিল একো একো সাহসৰ চৰিত্ৰ যাৰ ফলত  শেষ সুবিধা অৰ্থাৎ লাষ্ট এটেম্টত মনোজ নামৰ চৰিত্ৰটোৱে নিজৰ লক্ষ্যত উপনীত হ'ব পৰাছিল । কেতবোৰ সংগ্ৰামৰ অন্ততঃ  চৰিত্ৰটোৱে নিজৰ সপোনক সাৰ্থক ৰূপ দিয়াৰ বাবে নিজৰ জীৱনৰ কষ্টৰ চৰমসীমা অতিক্ৰম কৰি সেই 12 ফেইলৰ টেগটোৰ আগত আই পি এছৰ সন্মানটো লগাবলৈ সক্ষম হৈছিল।

ইতিবাচক সমালোচনা: সাধাৰণতে চলচ্চিত্ৰ এখন প্ৰত্যেক্ষ কৰি ‌তাত থকা কেতবোৰ ঘটনা অৰ্থাৎ কেতবোৰ দৃশ্যপটে সামাজিক জীৱন নতুবা ব্যক্তিগত জীৱনত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেইবিষয় সমূহক লৈ চলচ্চিত্ৰ এখন সমালোচনাৰ ভিত্তি হিচাপে লোৱা হয় । 12 ফেইল  চলচ্চিত্ৰ খনত এজন প্ৰত্যক্ষদৰ্শী হিচাপে কেতবোৰ ইতিবাচক ধাৰণা পোৱা যায়। বন্ধুত্বৰ সঁহাৰি তথা কষ্টৰ সফলত সুন্দৰ ভাৱে পৰিস্ফুট হৈ উঠিছে । আনহাতে নকল পদ্ধতিৰ নিৰ্মূলকৰণ তথা নকল পদ্ধতিৰে যে ভাৰতবৰ্ষৰ কেতবোৰ ভিতৰুৱা স্থানত আজিও শিক্ষাৰ ব্যৱস্থা চালনা হৈ আছে তাক চলচিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। তদুপৰি চলচ্চিত্ৰ খনত ভাৰতৰ পৌৰাণিক চৰিত্ৰৰ কেতবোৰ সংলাপ সুন্দৰকৈ উপস্থাপন কৰিছে।আজিৰ সময়ত প্ৰেয়সীৰ ভূমিকাক ইতিবাচক  তথা সমৰ্থক হিচাপে 12 ফেইলত সুন্দৰকৈ ফুটাই তুলাইছে ,যি চলচ্চিত্ৰ খনৰ অন্যতম সফলতাৰ কাৰণ। আনহাতে এটা মিছা কথা বা এটা মিছলীয়া প্ৰবচনক ধাকিবলৈ হেজাৰটা মিছা প্ৰবচন উৎপত্তি হয় তাকো চলচ্চিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। কষ্টৰ অন্তত যে ৰত্ন লভিব পাৰি সেই সাধাৰণ কথা খিনি এই নাটিদৈৰ্ঘ্যৰ চলচ্চিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। সৰ্বশেষত এখন চলচ্চিত্ৰ হিচাপে সমাজত বিফলতাৰ মুখ দেখি ভাগি নপৰা এজাক পোহৰৰ বাট দেখা তৰুণৰ বাবে 12 ফেইল এখন অনুপ্ৰেৰণা মূলক চলচ্চিত্ৰ। সাধাৰণ অৰ্থত পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ সৈতে উপভোগ কৰিব পাৰা এখন সামাজিক ধৰ্মী শৈক্ষিক দিশৰ লগত জড়িত চলচ্চিত্ৰ হ'ল 12 ফেইল।


নেতিবাচক সমালোচনা: এখন চলচ্চিত্ৰ কোনো দিনে ১০০ শতাংশ পৰিশুদ্ধ ভাৱে নিৰ্মিত কৰি তাক উপস্থাপন কৰিব নোৱাৰে । কিয়নো চলচ্চিত্ৰ এখনত যিদৰে ৭০শতাংশ শুদ্ধ ৰূপত  প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলোৱা হয় , তাৰ আলমতে ৩০% শতাংশ পৰিশুদ্ধ ভাৱে প্ৰদৰ্শিত হয় অৰ্থাৎ নয়াৰ্থক ৰূপত সমাজৰ আগত দেখা দিয়ে । চলচ্চিত্ৰ খনত প্ৰতিটো চৰিত্ৰকে সফল ভাৱে ৰূপায়ন কৰা দেখুওৱা হৈছে কিন্তু গৌৰী ভাইয়া অৰ্থাৎ পাণ্ডেৰ দৰে দুটা চৰিত্ৰক বিফলতাৰ মুখত থোৱাত কোনো এটা দিশত কিছু ক্ষেত্ৰত চৰ্চিত হৈছে । কিয়নো মনোজক যিজনে ব্যক্তিগত ভাৱে সহায় কৰালে সেইজনে যদি বিফলতাৰ মুখত পৰি থাকে তেন্তে মেনটৰ বোলা অৰ্থটো অনাৰ্থক হৈ থাকে  অৰ্থাৎ চলচ্চিত্ৰ খনত শৈক্ষিক সমৰ্থক জন এজন ফেইলৰ হিচাপে প্ৰতিষ্ঠিত কৰা হৈছে ,যিটোক আমি ব্যক্তিগত জীৱনত তুলনা কৰিলে তেনে মানুহক সমাজৰ নিৱনুৱা অৰ্থাৎ এলাহী বুলি হে চিহ্নিত কৰে। আনহাতে চলচ্চিত্ৰ খনৰ আৰম্ভণিতে মনোজৰ এজন ভায়েক দেখুৱা হৈছিল যিটো চৰিত্ৰ শেষৰ সৈতে কোনো ধৰণৰ মিল দেখা নগ'ল ,যেন সেই চৰিত্ৰটো আধৰুৱা হৈ থাকিল। এনেকেতবোৰ দৃশ্যগ্ৰহণ তথা চৰিত্ৰৰ প্ৰদৰ্শনত 12 ফেইল চলচ্চিত্ৰ খন ব্যৰ্থ হয় যদিও , সমালোচনাৰ মহলত এইখিনি তুচ্ছ।





চলচ্চিত্ৰ খনৰ কিছু তথ্যঃ


পৰিচালকঃ বিধু বিনোদ চোপ্ৰা,

 মুক্তিলাভঃ২৭ অক্টোবৰ ২০২৩

 সৰ্বমুঠ খৰচঃ ২০ কৌটিৰ আশে-পাশে 

সৰ্বমুঠ সংগ্ৰহ ( বক্স অফিচ)ঃ  ৬৯.৬৪ কৌটি ,

  ১২ ফেইলৰ কাহিনী এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত ,যাৰ প্ৰকৃত নায়ক IPS অণুৰাগ পাঠক,ৰ চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মেছিয়ে


মূল ভুমিকা: বিক্ৰান্ত মেছি, মেধা শংকৰ,

 Imdb rating; ৯.১(১০ৰ ভিতৰত)

roffen tomatoes : ৯১%


নাম : দ্বীপ জ্যোতি শৰ্মা 

স্নাতকোত্তৰ প্রথম ষান্মাসিক 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

নলবাৰীৰ তিলানা গাঁৱৰ পৰম্পৰাগত জাপি: অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক

 

জাপি অসমৰ স্বাভিমান।অসমৰ নলবাৰী জিলা হৈছে  সাংস্কৃতিক ঐতিহ্যৰ ভাণ্ডাৰ।  অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে জাপি।  জাপি বাঁহ আৰু টকৌপাতেৰে তৈয়াৰী । কৃষিত ব্যৱহৃত জাপিৰ প্ৰসংগ আহিলেই তিলানাৰ  কাৰিকৰৰ  সংস্কৃতিপ্ৰাণ আৰু স্বাভিমান উদ্ভাসিত হৈ উঠে।



অসমৰ ভিতৰতে জাপি নিৰ্মানত অভিলেখ সৃষ্টি কৰা নলবাৰী জিলাৰ তিলানা গাঁও এখন শিল্প গাঁও। জৰিপ মতে অঞ্চলটোৰ প্ৰায় ৮০শতাংশ লোকে জাপি শিল্পৰ সৈতে জড়িত হৈ জীৱন নিৰ্বাহ কৰে। তাহানিৰ দিনৰ পৰাই গাঁওখনে জাপি নিৰ্মাণ কৰি জাপি শিল্পক এক বিশেষ মৰ্যাদা প্ৰদান কৰি আহিছে।

জাপি শিল্প হৈছে এক পৰম্পৰাগত শিল্প,যি শিল্প তিলানা গাঁৱত প্ৰতিটো প্ৰজন্মৰ মাজেৰে পাৰ হৈ আহিছে। তিলানাৰ আধাসংখ্যক মানুহে ৩০০ শৰ পৰা ৩০০০ হাজাৰলৈকে জাপি নিৰ্মাণ কৰি ৩ শৰ পৰা ৩০ হাজাৰ টকা পৰ্যন্ত দামত বিক্ৰী আছে। বিহু আৰু উৎসৱত  শিল্পীসকলে ফুলাম জাপি তৈয়াৰ কৰি অনুষ্ঠানত বিশেষ সম্বৰ্ধনা জনাবলৈ ফুলাম জাপি অৰ্ডাৰ অনুযায়ী যোগান ধৰি আহিছে।


তিলানা গাঁৱৰ জাপি শিল্পই অসমৰ ইমুৰৰ পৰা সিমুৰলৈ এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।



প্ৰবাল জ্যোতি শৰ্মা 

স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...