Wednesday, 18 December 2024

বিয়া:পৰম্পৰাৰ পৰা আধুনিকতালৈ



সাংস্কৃতিক ভাবে চহকী এখন ঠাই অসম য'ত এটি পৰম্পৰাগত অনুষ্ঠান আছে সেই অনুষ্ঠানতো হ'ল "বিয়া"। এখন বিয়া এই সেই অঞ্চলটোৰ পৰম্পৰাৰ আৰু আড়ম্বৰতাক প্রতিফলিত কৰে। বিয়া নামেৰে পৰিচিত এই অনুষ্ঠানসমূহ পাৰিবাৰিক আৰু সাম্প্রদায়িক বন্ধনৰ উদযাপন আৰু আনন্দৰ ভৰা এটি অনুষ্ঠান।


পৰম্পৰাগত অসমীয়া বিবাহৰ আৰম্ভণিতে জুৰুণ, উপহাৰ প্ৰদান অনুষ্ঠান য'ত কইনাই দৰাৰ পৰিয়ালৰ পৰা কাপোৰ-কানি আৰু অলংকাৰ লাভ কৰে, আৰু তেল দিয়া, য'ত দৰাৰ মাকে কইনাৰ ওপৰত তেল আৰু সেন্দুৰ দিয়ে। আন আন অনুষ্ঠান যেনে পানী তুলা (আনুষ্ঠানিক স্বানৰ বাবে পানী সংগ্রহ) আৰু দৈয়ন দিয়া (কইনা-কইনাৰ মাজত দৈ ভাগ কৰা) এটা সমন্বয়। বিয়াৰ দিনটোত দৰাই কইনা ঘৰলৈ গৈ কইনাক আনিব যাই তাৰ পিছত বিয়াৰ পবিত্র নিয়ম বোৰ হয় তাৰ পাছত ৰাইজৰ পৰা যোগ্ম জীৱনৰ আশীবাদ লয়। বিয়াৰ ৰীতি-নীতি, শেষ হোৱাৰ পাছত কইনাগৰাকীয়ে স্বামীৰ ঘৰত প্ৰৱেশ কৰে, দুটা পৰিয়ালৰ নিৰৱচ্ছিন্ন মিশ্রণক উজ্জ্বল কৰি তোলে। আঠ দিনৰ পাছত কইনাৰ পিতৃগৃহলৈ অহাৰ উপলক্ষে আঠমংলা অনুষ্ঠানে পাৰিবাৰিক সম্পৰ্কৰ এক মাৰ্মান্তিক সোঁৱৰণী হিচাপে কাম কৰে।


ইয়াৰ বিপৰীতে আধুনিক অসমীয়া বিবাহে মূল পৰম্পৰা বজাই ৰাখি সমসাময়িক প্রভারক আকোৱালি লৈছে। দ্রুতগতিত চলি থকা জীৱনশৈলীৰ সৈতে মিল ৰাখিবলৈ অনুষ্ঠানবোৰ প্ৰায়ে কম সময়ৰ বাবে ঘনীভূত কৰা হয়। আধুনিক ট্রেন্ডসমূহৰ ভিতৰত আছে প্রি-রেডিং ফটোশুট, ডিজাইনাৰ আউটফিট, আৰু থিমযুক্ত সজ্জা। বিয়াত এতিয়া ফিউজন মেনু আছে যিয়ে টেঙামাছৰ তৰকাৰীৰ দৰে অসমীয়া খাদ্যৰ সৈতে বিশ্বব্যাপী খাদ্যৰ সংমিশ্রণ ঘটায়, বৈচিত্রময় অতিথিৰ পছন্দ অনুসৰি। ডিজিটেল আমন্ত্ৰণ আৰু পেছাদাৰী ইভেন্ট প্লেনাৰসকলেও বিয়াৰ আয়োজন কৰাটো অধিক সুবিধাজনক আৰু নিৰৱচ্ছিন্ন কৰি তুলিছে।


যদিও সময়ৰ লগে লগে অসমীয়া বিবাহৰ বহু দিশৰ বিকাশ ঘটিছে, তথাপিও আধুনিকীকৰণৰ মাজত সাংস্কৃতিক পৰিচয়ৰ সংৰক্ষণ নিশ্চিত কৰি এই উদযাপনৰ সাৰ-সামগ্রী- আচাৰ- অনুষ্ঠান, পৰিয়াল, আধ্যাত্মিকতাৰ মাজত লংঘন হৈ আছে।


Hirak Jyoti kalita


MA 1 sem

সাঁচিপাতৰ পুথি

 সাঁচিপাতৰ পুথি তৈয়াৰ কৰা হয় সাঁচি বা অগৰু গছৰ বাকলিৰ পৰা। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত প্রচুৰ পৰিমাণে অগৰু গছ থকাৰ কথা গুৰুচৰিতত পোৱা যায়। সাঁচি গছৰ পৰা সাঁচিপাত প্রস্তুত কৰাৰ পদ্ধতিটো কেৱল অসমীয়া মানুহেহে জানিছিল। বুঢ়া বা পৈণত সাঁচি গছৰ বাকলি সাঁচিপাত প্রস্তুত কৰিবৰ বাবে বেছি উপযোগী আছিল। সাঁচিপাত তৈয়াৰ কৰিবলৈ প্রথমে বাকলিবোৰ সাৱধানে এৰুৱাই  আনি শুকাই কৰকৰীয়া নপৰালৈকে ধোৱাচাঙত থোৱা হৈছিল। তেনেকৈ শুকোৱা বাকলিবোৰ ধান খেৰৰ খাৰণিৰে খাৰ কাঢ়ি পৰিষ্কাৰ কৰি আকৌ ৰদত ভালদৰে শুকুওৱা হৈছিল। ইয়াৰ পিছত পৰ্যায়ত বাকলিবোৰ জোখমতে  কাটি লৈ বাকলিত গোটমাৰি থকা মলিবোৰ এৰুৱাই নিমজ নোহোৱা পৰ্যন্ত বাঁহৰ চেচুৰে  চাচি থকা হৈছিল। এইবাৰ পাতবোৰৰ ওপৰত শিল পিচলাই মিহি কৰি আকৌ শুকুওৱা হৈছিল। তাৰ পাছত পাতখিনি  পোন হবৰ বাবে লো বা আন গধুৰ বস্তুৰে সমানকৈ  হেঁচা মাৰি থোৱা হৈছিল। তাৰ পাছত আকৌ ঘিলাৰে  ঘঁহি  ঘঁহি সমান কৰি লৈ পাতবোৰত মাটিমাহৰ ৰং বোলোৱা  হৈছিল। তাৰ পাছতহে সাঁচিপাত লিখাৰ বাবে উপযোগী হৈ উঠিছিল। কেতিয়াবা প্ৰয়োজন সাপেক্ষে হেঙুল-হাইতাল বোলাই সাঁচিপাতৰ ৰং উজ্জ্বল কৰা হৈছিল। লিখাৰ উপযোগী হোৱাৰ পাছত পাতবোৰ জাপি কুটনীৰে জুখি সোঁমাজতে এটা বিন্ধা কৰা হৈছিল। সেইটো লোৰ শাখাকে নকৰিবলৈ 'যোগিনী তন্ত্ৰ'ত নিৰ্দেশ আছে। এই বিন্ধাটোক পুথিৰ নাভি বুলি কোৱা হয়। সাঁচিপাতত লিখাৰ পূর্বে সূক্ষ্ম কলমেৰে  সমান  দূৰত্বত শাৰী টনা হয়। তাৰ নাম হল কূত দিয়া। হাতেৰে লিখা সাঁচিপাতীয়া পুথিবোৰৰ তলে-ওপৰে কেইখনমান উকা পাত থাকে। সেইবোৰৰ নাম বেঁটীপাত। বেঁটীপাতত সাধৰণতে গ্রন্থৰ নাম, গৰাকীৰ নাম আৰু লিপিকাৰৰ নাম লিখা থাকে। সাঁচিপাতত পুথি লিখাৰ লগতে তাত চিত্রও অঁকা হৈছিল। সাঁচিপাতত লিখা সচিত্র পুথিৰ ভিতৰত 'হস্তী-বিদ্যাৰ্ণৱ', 'শংখচূড় বধ', গীত-গোবিন্দ' আদি বিখ্যাত। সপ্তম শতিকাৰৰ পূর্বেই অসমত সাঁচিপাতত লিখা কাম আৰম্ভ হৈছিল। সাঁচিপাতত পুথি লিখাসকলক লিখক বা লিখাৰু বা লেখাৰু বোলা হৈছিল। সাঁচিপাতত লিখা লোকসকলক বৰ অভিজ্ঞ আৰু সাৱধানী  আছিল। তেওঁলোকে সুন্দৰ গোট গোট আখৰেৰে লিখিছিল আৰু ক'তো বানানৰ ভুল বা আন কথাত কটাকটি কৰা নাছিল। লিখাৰুসকল দৰাচলতে শিল্পীয়েই আছিল আৰু তেওঁলোকে এই কামটো বৰ পবিত্র বুলি গণ্য কৰিছিল। সাঁচিপাতত লিখা পদ্ধতিটো অসমৰ বাহিৰে উত্তৰ -পূৱ ভাৰতৰ আন অঞ্চলত বিৰল। বাণভট্টৰ 'হৰ্ষচৰিতত উল্লেখ আছে যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনলৈ উপঢৌকন পঠিওৱা নানা সামগ্রীৰ ভিতৰত সাঁচিপাতত লিখিত সুভাষিত বিচনৰ এক পুথিও আছিল।



গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ যোৱা ২৯/১০/২০২৪ তাৰিখে হৈ যোৱা sanchipat manuscript reading and conversation workshop টো পৰা মই শিকিব পাৰিছো যে সাঁচিপাতৰ পুথিত কেনেকৈ লিখিছিল। কেনেকৈ সাঁচিপাতৰ পুথিৰ শব্দবোৰৰ উচ্চাৰণ কৰি পঢ়িছিল। পুৰণি দিনৰ আখৰৰ ব্যবহাৰ আৰু আধুনিক দিনৰ আখৰৰ ব্যৱহাৰৰ মাজত পৃথকতা।  সাঁচিপাতৰ পুথিত লিখিবলৈ কেনেকৈ ৰং প্রস্তুত কৰিছিল। বহু নজনা কথা শিকিবলৈ পাইছো এই workshopটোৰ দ্বাৰাই ।


     নাম-দিশা দাস। 

   স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ

  ছাত্ৰী, যোগাযোগ আৰু   সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

চম্পাৱতীৰ সাধু আৰু প্ৰতিফলিত সমাজ ব্যৱস্থা




      সাহিত্য বুলিলে আমাৰ সকলোৰে মনলৈ স্বাভাৱিকতে কবিতা , গল্প , নাটক আদিৰ  কথাই মনলে আহে ; যদিও বহুবছৰ পূৰ্বৰ পৰা অথাৎ লিপি উদ্ভৱ হোৱাৰ পূৰ্বৰে পৰা জনসাধাৰণৰ মাজত আন এক প্ৰকাৰৰ সাহিত্যই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম  হৈছিল , এই সাহিত্য বিধ হ’ল লোক সাহিত্য । লোক সাহিত্য পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে প্ৰচলিত  সাহিত্য । মানুহৰ  মুখে মুখে প্ৰচলিত হোৱাৰ বাবে এইবিধ  সাহিত্যক জনসাহিত্য বা মৌখিক সাহিত্য বুলি কোৱা হয় । এইবিধ সাহিত্যতো লিখিত সাহিত্যৰ দৰে মানৱ জীৱনৰ সুখ-দুখ , হাঁহি-কান্দোন , আশা- নিৰাশা, প্ৰাপ্তি – অপ্ৰাপ্তি আদিৰ বিভিন্ন অনুভূতিবোৰ প্ৰকাশ হোৱা দেখা যায় ।    


       লিখিত সাহিত্যৰ দৰে মৌখিক সাহিত্য বা লোক সাহিত্যকো বিষয়বস্তু অনুসৰি তিনিটা প্ৰধান ভাগত ভাগ কৰা হয় , সেইকেইটা হৈছে  :   ক) লোক গীত    খ) ফকৰা- যোজনা , সাঁথৰ- পটন্তৰ      গ) সাধুকথা  ।


        সাধু কথা হৈছে  চহা লোকৰ মুখ বাগৰি অহা কিছুমান লোক কথা । ই হ’ল লোক মনে লোক সমাজৰ অৱসৰ বিনোদন আৰু নীতি শিক্ষাৰ বাবে স্বতঃ স্ফুৰ্তভাৱে প্ৰকাশ কৰা কল্পনা বা বাস্তৱ জীৱনৰ মনে সজা লৌকিক বা অলৌকিক কাহিনীৰ সামাহাৰ । ইয়াৰ লিখিত ৰূপ নাই , পৰম্পৰাগতভাৱে বাস্তৱ বা অবাস্তৱ মনে সজা লোক কথা। সাধু কথাৰ স্থিৰ ৰূপ নাই , সাধু কওঁতাজনে নিজৰ অভিৰুচি আৰু সামৰ্থ অনুসাৰে বৰ্ণাই যায় ।


       সাহিত্যৰ দৃষ্টি কোণেৰে চাবলৈ গ’লে ই এক সৃষ্টিশীল সাহিত্য । ইয়াত গল্প , উপন্যাসৰ দৰে কাহিনী চৰিত্ৰ লেখকৰ মৌলিকতা আটাইবোৰ উপাদান পৰিলক্ষিত হ’য় । যিদৰে সাহিত্যই সমাজ পৰিবৰ্তনত মুখ্য ভূমিকা গ্ৰহণ কৰে ঠিক তেনেদৰে সাধুকথাৰ মাজতো আমি সমাজ পৰিবৰ্তনৰ নীতি শিক্ষাৰ পাঠ পাওঁ ।


 


    চম্পাৱতী সাধুটিত এখন সহজ সৰল ঘৰুৱা চিত্ৰক সাহিত্যৰথী লক্ষ্ণীনাথ বেজবৰুৱাই দেৱে নিৰূপন কৰিছে । আৰু সেই সময়ৰ সমাজ ব্যৱস্থাত থকা কিছুমান কু-ব্যৱস্থাৰ কথা উল্লেখ কৰিছে । যেনে এজনী নাৰী অতি আদৰৰ আন এজনীক অত্যাচাৰ কৰা। প্ৰত্যক্ষভাৱে কবলৈ গ’লে নাৰীৰ ওপৰত কৰা অত্যাচাৰ এই সাধুটিত ফুটি উঠিছে। চম্পাৱতীৰ মাতৃ এলাগীক , লাগী আৰু সদাগৰে কৰা অত্যাচাৰ আকৌ অজগৰ ৰূপী দেৱতাৰ মাতৃ অথাৎ শাহুৱেক স্বৰূপা ৰাক্ষসীয়ে চম্পাৱতীক নানা ধৰণৰ নিৰ্যাতন কৰা । চম্পাৱতীক মাৰিবলৈ পৰিকল্পনা কৰা ,গিৰীয়েকৰ পৰা ছবছৰ আঁতৰত ৰখা ইত্যাদি । এই সাধুটিৰ জৰিয়তে লক্ষ্ণীনাথ বেজবৰুৱাই উল্লেখ কৰা সমাজ জীৱন ব্যৱস্থাৰ কিছুনীতি বৰ্তমান সমাজ ব্যৱস্থাৰ বাবে গ্ৰহণীয় নহয় বা শুনিবলৈ অপ্ৰিয়ভাজন । যেনে: প্ৰতিশ্ৰুতি দি কৰো বাসনাৰ প্ৰতি কেৰেপ নকৰা অথাৎ চম্পাৱতীৰ মনৰ কথা নজনাকৈ সদাগৰে অজগৰৰূপী দেৱতালৈ বিৱাহ কৰোৱা কাৰ্য ।


            এই সাধুটোৰ জৰিয়তে লেখকে এই কথা সুন্দৰভাৱে প্ৰস্ফূতিত কৰি তুলিছে যে আনৰ অপকাৰ কৰিবলৈ পৰিকল্পনা কৰা লোকৰ কেতিয়াও উন্নতি সাধন নহয় বৰঞ্চ নিজৰ অপকাৰ হয় । অথাৎ মাহীমাক লাগী আৰু শাহুৱেকে চম্পাৱতীক বিভিন্ন প্ৰকাৰে ক্ষতি বা অপকাৰৰ কৰিবলৈ চেষ্টা কৰিছিল যদিওঁ চম্পাৱতীক একো অপকাৰ কৰিব নোৱাৰিলে বৰঞ্চ সিহঁতৰ হে অপকাৰৰ সাধিত হ’ল । দ্বিতীয় আনৰ উন্নতি দেখিব নোৱাৰি জ্ব্লি মৰা অথাৎ লাগীয়ে এলাগী আৰু চম্পাৱতীৰ উন্নতি দেখিব নোৱাৰি বিভিন্ন ধৰণে অত্যাচাৰ / অপকাৰ কৰিবলৈ প্ৰয়াস কৰা কাৰ্য । সৎ লোকৰ বাবে সফলতাৰ ফলাফলো সৎ হয় । আৰু আগগুৰি নাভাবি আনৰ কথাত ভুল গৈ নিজৰ বিপদ সংকূল পৰিস্থিতি সৃষ্টি কৰা । অথাৎ বুঢ়ী জনীৰ কথাৰ মেৰপাকত পৰি চম্পাৱতীয়ে নিজৰ বিপদ সংকূল পৰিস্থিতি সৃষ্টি কৰা কাৰ্য অথবা ঘটনা ।


           এই সাধুটিৰ জৰিয়তে লক্ষ্ণীনাথ বেজবৰুৱাই বিভিন্ন ধৰণে পাঠকক আমোদ দিয়াৰ লগতে বিভিন্ন ফকৰা যোজনাৰ লগত মিলি যোৱাকৈ সাধুটি বিশেষভাৱে সৃষ্টি কৰিছে । আৰু বিভিন্ন নীতিশিক্ষাওঁ এই সাধুটিৰ জৰিয়তে পোৱা গৈছে  ।

 মানস প্ৰতীম কলিতা,

তৃতীয় ষান্মাষিক,

যোগাযোগ তথা সাংবাদিকতা বিভাগ

চলচ্চিত্র সমালোচনা : কথানদী



ডিঙিত গাঁঠি লগাই মূৰটো মাটিত পুতি মৰিবলৈ থৈ দিয়া হাঁহ এটাই সিমান পৰ ছটফটাই থাকে, সিমান পৰত এটা কাহিনী শেষ হওঁ হওঁ কৰোতেই আন এটাই উক্ দিয়ে-ঠিক হঠাৎ পাখিৰে মাটিত আচাৰ মাৰি দিয়া হাঁহজনীৰ দৰেই।' কথানদী' শীর্ষক ২০১৬ চনত মুক্তিপ্রাপ্ত অসমীয়া চিনেমাখনৰ ৰেহৰুপো তেনেকুৱাই যন্ত্রণাগধূৰ। পৰিচালক ভাস্কৰ হাজৰিকাৰ পাকৈত হাতত প্রাপ পাই উঠা 'কথানদী' ছবিখনে ইতিমধ্যেই চলচ্চিত্র প্রেমী তথা সচেতন মহলৰ দৃষ্টি আকর্ষণ কৰিছে। 'এবস্ট্রাক্ট' অথবা ভাৱগধূৰ চিনেমাৰে মুষ্টিমেয় দুই একক বাদ দি সাধাৰণ দর্শকক বিৰক্ত কৰাৰ ঢৌ উঠি থকাৰ এনেহেন দিনত কথানদীৰ দৰে গভীৰ বিষয়ক চিনেমাৰ গুৰুত্ব কিন্তু কমি যোৱা নাই, বৰঞ্চ ন-চামক আকর্ষিত কৰিবলৈহে সক্ষম হৈছে।


ৰসৰাজ বেজবৰুৱাৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধুৰ চাৰিটি সাধু, ঘাইকৈ চম্পাৱতী,ঔ-কুঁৱৰী, তেজীমলা আৰু

তাৱৈৰ সাধুৰ সাংঘাটিক শিল্পীসুলভ সংযোগত ঠেকা খাই সৃষ্ট এইখন চিনেমা প্রকৃততে চাৰিটা সমান্তৰাল কাহিনীৰ গতিশীল ৰথ, যি শেষত গৈ একেটা ঘোঁৰাকে কাষ বিচাৰি লয়। গোটেই চিনেমাখনৰ আটাইতকৈ বেছি আকৰ্ণীয় দুই মূল উপাদান হ'ল শব্দ আৰু পোহক। অমৰনাথ হাজৰিকাৰ সংগীত আৰু বিজয় কাট্টীৰ দৃশ্যগ্রহণৰ ৰসায়নটো অসমীয়া চলচ্চিত্রৰ উত্তৰণৰ ইতিহাসত এক মাইলৰ খুটি হোৱাৰ সম্ভাবনা আছে। জংঘলে- খালে, ৰাতিয়ে- পুৱতিয়ে অবিকল পৰিৱেশ এটা ধৰি ৰাখিব পৰাটো পৰিচালকৰ সফলতাৰ ভিতৰত পৰে। তদুপৰি থলুৱা অসমীয়া নিচুকনি গীত, খোল-তালৰ শব্দ, দহিকতৰা-জিলিৰ মাত, হৰিবোল তাঁতশালৰ মাত আদিক যি ৰূপত চিনেমাখনত ব্যৱহাৰ কৰা হৈছে, সেয়া প্রশংসনীয়। অৱশ্যেই, কথানদীৰ সফলতাৰ ঘাইভাগ কৃতিত্ব অভিনয়ে কাঢ়ি নিলেও ভালেপৰ সময়তত সেয়া অতিপ্রাকৃতিকযেন লাগিল। সীমা বিশ্বাস, জেৰিফা ৱাহিদৰ অভিনয় ভাল হৈছে। পিছেআদিল হচেইনৰ অভিনয়ত নিৰাশ হলোঁ। বিশেষকৈ সংলাপ প্রক্ষেপণ মনঃপূত নহ'ল। কপিল বৰাৰ ক্ষেততো বৰ এটা মনে বিচৰা অভিনয় দেখা নাপালোঁ। নাৰী প্রধান চিনেমাখনৰ অভিনয়ৰ দিশতোও কিন্তু নাৰীসকলেই দখল কৰা দেখা গ'ল।


কথানদীৰ চিনেমেট'গ্রাফী সুন্দৰ হৈছে। যি কায়দাৰে দৃশ্য এটাত ঔটেঙাটোক চোঁচৰাই চোঁচৰাই লৈ যোৱা হৈছে, তাতেই অসমীয়া চিনেমালৈ ভাল দিন অহাৰ গোন্ধ পাওঁ। সম্পাদনাত থকা সুৰেশ পাইৰো হাত ভাল। তথাপি, কিছুমান দৃশ্য অতি বেছি ভৌতিক কৰি তোলাতো ভাল নাপালোঁ। তদুপৰি তেজীমলাৰ মাকে যিজন কাল্পনিক পুৰুষৰ ওচৰ চাপি মাজৰাতি প্রেমৰ বাহাৰ পাতে, সেইখিনি অতিৰঞ্জিত হোৱা যেন লাগিল। এইক্ষেতত ভাল লগা দিশটো হ'ল অজগৰডাল।  পৰিচালকে কেমেৰা তথা সম্পাদনাৰ মায়াজালত অজগৰে চম্পাবতীক বিয়া কৰোৱাৰ পৰা গিলি পেলোৱালৈকে যি ধৰণে দেখাইছে, সেয়া বাৰুকৈয়ে ভাল লাগিল।


বাকী কাহিনীৰ কথা কবলৈ বিচৰাতো কথানদীৰ বাবে অন্যায় কৰা যেন হ'ব। বুটী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি। পৰিচালক ভাষ্কৰ হাজৰিকাৰ তত্ত্বাবধানত অৰূপা পতংগীয়া কলিতাই শেহত যিদৰে চাৰিওটা সাধুৰ মাজত যোগসূত্র বিচাৰি পাইছে সেয়া নিতান্তই ধন্যবাদ দিবলগীয়া কথা।অভিনয় আৰু সম্পাদনাজনিত দুই এটা সৰু সুৰা ভুল বাদ দিলে মোৰ ভাষাত কথানদী এখন 'পার্ফেক্ট' চিনেমা। পৰিচালক হাজৰিকাৰ পৰা আমি ইয়াততকৈ অধিক আশা নিশ্চয়কৈ কৰিব পাৰোঁ। অসমীয়া চলচ্চিত্রৰ জয়ধাৰা অব্যাহত থাকক।




বিতোপন ৰাজবংশী

স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক

বর্তমান যুৱসমাজ আৰু আধ্যাত্মিকতা



এটা জাতিৰ অস্তিত্বৰ উত্তৰণৰ মূল চাবি কাঠীয়েই হৈছে আজিৰ যুৱ সমাজ। আজি সমগ্র বিশ্ব বিজ্ঞান-প্রযুক্তিৰে আৱাৰি আছে আৰু এই গোলকীকাৰ কবলত পৰি আজি আমাৰ যুৱ চামৰ নৈতিক স্খলন ঘটিছে আৰু তাৰ ফলত সামাজিক উচ্ছ্বংশলতাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই ভয়াবহতাই সাম্প্রতিক সময়ত দিনক দিনে সমাজৰ সাংগঠনিক দিশত দুর্বল কৰাত অগ্রণী ভূমিকা পালন কৰিছে।


যুৱসমাজৰ এই উচ্ছ্বংশলতাৰ বিশ্লেষণ কৰিলে দেখা যায় যে কাৰণ দেশৰ নিবনুৱা সমস্যা, ৰাজনৈতিক অস্থিৰতা, শৈক্ষিক সমস্যা, মানবীয় মূল্যবোধৰ অৱক্ষয়, আত্মকেন্দ্রিকতা আৰু বস্তুবাদী সমাজৰ পৰিবর্তন আদিয়েই প্ৰধান ।

        দেশৰ ধৰণীস্বৰূপ এই যুৱ সমাজৰ সুস্থ মানসিকতাৰ বাবে উপযুক্ত ব্যৱসাৰিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰো অতি প্রয়োজন। আধ্যাত্মিক শিক্ষাৰ ক্ষেত্ৰত 'গীতা' হৈছে এক আদর্শ পুথি। আজিৰ যুৱ প্রজন্মৰ যিসকলৰ নিজ নিজ কর্মত প্রযুক্ত হ'বলৈ সৎ সাহস আৰু প্ৰেৰণা অভাৱ তেঁওলোকৰ বাবে গীতাৰ দর্শন অত্যন্ত জৰুৰী ।

গীতাৰ মূল সত্যটো হৈছে আমি সৎ পথত থাকি ভগবানক ভক্তি কৰি ফললৈ কামনা নকৰাকৈ  কাম কৰি যাব লাগে । 


জীৱনত বিজ্ঞাসা থাকিব লাগিব। সকলো কথা প্রজ্ঞাৰে বিচাৰ-বিশ্লেষণ কৰিব পাৰিব লাগিব। প্রজ্ঞা আহৰণৰ বাবে সাধনাৰ প্রয়োজন ,গভীৰ অধ্যয়ন আৰু চিন্তাৰ প্রয়োজন। গতিকে সাম্প্রতিক সমাজ ব্যৱস্থাত আধ্যাত্মিক চিন্তাৰ সাজেৰে যুৱ জাগৰনৰ সৃষ্টি কৰি এক সৎ , বিনয়ী আৰু  দ্বিধাহীনভাৱে জীৱন অতিবাহিত কৰিব পাৰিলেহে আজিৰ যুৱসামাজৰ জীৱন সুন্দৰ হোৱাৰ লগতে সমাজখনো সুন্দৰ ও সুস্থ হৈ উঠিব।


             বাস্তুৱ কুমাৰ বৰুৱা

Tuesday, 3 December 2024

চলচ্চিত্র সমালোচনা : 12 ফেইল


সাধাৰণতে চলচ্চিত্ৰ এখনত কেতিয়াবা প্ৰেমে  তথা বিষাদে মূল ভুমিকা লয় ,হয়তো কেতিয়াবা প্ৰেমিকা নতুবা বন্ধুত্ব তথা মাতৃৰ মমতাই ,মূল নায়ক গৰাকীক সমাজৰ আগত বিশুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰে । যিদৰে এখন চলচ্চিত্ৰত নায়কৰ ভুমিকা থাকে থিক একেদৰে খলনায়ক এজনৰো একেই ভূমিকা থাকে চলচ্চিত্ৰ এখন সফল কৰি তোলাত । খলনায়ক বিহীনচলচ্চিত্ৰ এখনত নায়কে চলচ্চিত্ৰ খনত আগুৱাই নিয়াত বহুক্ষেত্ৰত ব্যৰ্থ হয় কিন্তু কাহিনীৰ উপস্থাপন শৈলী তথা কাহিনীৰ আধাৰ সামাজিক হ'লে সেই চলচ্চিত্ৰত খলনায়কৰ ভূমিকা নাথকাও পৰিলক্ষিত হয় । সমালোচনাৰ বিষয় হিচাপে ল'ব বিচৰা চলচ্চিত্ৰ খন হৈছে 12 ফেইল , চলচ্চিত্ৰ খনত বৰ্তমান সময়ছোৱাত বিফলতাৰ লগত যুঁজ দি নিজৰ পৰিয়ালৰ সৰ্বোচ্চ দায়িত্বৰভাৰ নিজৰ কান্ধত তুলি লৈ লক্ষ্যত উপনীত হোৱাৰ সংগ্ৰাম চলাই থকা এচাম যুৱকৰ ওপৰত যিয়ে নিজৰ শূণ্যতাৰ পৰা সপোন দেখে আকাশ চুবলৈ । 

12 ফেইল নামৰ চলচ্চিত্ৰখনৰ কাহিনীৰ মূল চৰিত্ৰ হৈছে মনোজ যিয়ে মেট্ৰিক পৰীক্ষাত নকল পদ্ধতিৰে প্ৰথম বিভাগত উৰ্ত্তীণ হয় যদিও হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বাৰ নকল পদ্ধতি বাতিলৰ বাবে উত্তীৰ্ণ হব নোৱাৰি দ্বিতীয় বাৰ প্ৰকৃত পদ্ধতিৰে পৰীক্ষা দি তৃতীয় স্থানত উত্তীৰ্ণ হয়।চলচ্চিত্ৰ খনত মনোজৰ দেউতাক এজন সাধাৰণ কৃষক যিয়ে সেই অঞ্চলৰ বিধায়কৰ অন্যায়ৰ বিৰুদ্ধে যুঁজি উচ্চতম আদালতৰ ওচৰ চাপিছিল।হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈ মনোজে উচ্চ শিক্ষাৰ বাবে গৃহভূমিৰ পৰা দূৰত অধ্যয়ন কৰিব বিচাৰিছিল কিন্তু টকাৰ অভাৱ মনোজৰ পৰিয়ালতো আছিল , কিন্তু মনোজৰ আইতাকে পেঞ্চনৰ পইচা তাৰ বাবে সাচি ৰাখিছিল , চলচ্চিত্ৰ খনৰ এইখিনিত আইতাৰ মৰমভাৱবোধ পৰিলক্ষিত হয় ।

 



গাঁৱৰ অকৃত্তিম পৰিৱেশৰ পৰা চহৰত মনোজত কেতবোৰ বিপদ-বিঘিনিৰ সন্মুখীন হয়। কিন্তু মনোজৰ জৰাজীৰ্ণ সংঘাটৰ জীৱনত কেতবোৰ মানুহৰো আগমন ঘটে । পাণ্ডে ,গৌৰী ভাইয়া , আদিৰ দৰে সাহসৰ খামখুটাবোৰে মনোজৰ দৰে চালি নোহোৱা ঘৰ এখনত জোনাকৰ পোহৰৰ দৰে জিলিকাই  তুলিবলৈ অশেষ যত্ন কৰিলে। ব্যস্ততাত তথা সংঘাটৰ অপৰিচিত চহৰখনত মনোজ ‌নামৰ চৰিত্ৰই শৈক্ষিক জীৱনৰ সত্যতাৰ সৈতে পৰিচিত হ'বলৈ ধৰিলে । ব্যস্ততা তথা শৈক্ষিক সত্যতাৰ চহৰ খন তাৰ বাবে অতিকৈ কঠিন আছিল , অপেচাদাৰী প্ৰশিক্ষণ মূলক শিক্ষাঅনুষ্ঠান সমূহৰ প্ৰকৃত সত্য চলচ্চিত্ৰ খনত সুন্দৰকৈ ফুটাই তুলিছে , তথাপি সি যুজঁ দিছে ,চলচ্চিত্ৰ খনত আকস্মিক ভাৱে শ্ৰদ্ধা নামৰ ছোৱালী এজনীৰ প্ৰকাশ হয় । যিয়ে চিকিৎসক হিচাপে কৰ্মৰত আছিল । কিন্তু চিকিৎসা সমাজৰ অন্যায়মূলক কৰ্মৰ তাই বিৰোধী আছিল সেই বাবে তাই নিজকে প্ৰশাসনিক সেৱাৰ লগত জড়িত কৰি সমাজৰ এনে কিছুমান কালিমাক দূৰ কৰাৰ বাবে নিজকে প্ৰশাসনিক সেৱাৰ লগত জড়িত কৰিব বিচাৰিছিল , মনোজে এক প্ৰশিক্ষণ মূলক শিক্ষাঅনুষ্ঠানত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল আৰু সাংক্ষেপে শ্ৰদ্ধাৰ লগত মনোজৰ সংঘাতম‌য়ী কাহিনীৰ যোগেদি দুয়োটা চৰিত্ৰৰ প্ৰেমৰ আগমনক স্থান দিয়া হৈছিল । নিজৰ সপোনবোৰক সাৰ্থক কৰাৰ স্বাৰ্থত মনোজ নামৰ চৰিত্ৰটোৱে যুঁজ দিছিল সাৰথি আছিল শ্ৰদ্ধা, পাণ্ডে আৰু গৌৰী ভাইয়া ।

মনোজে যুজা এই সংগ্ৰামৰ যুজ খনত শ্ৰদ্ধা , গৌৰী ভাইয়া আদি আছিল একো একো সাহসৰ চৰিত্ৰ যাৰ ফলত  শেষ সুবিধা অৰ্থাৎ লাষ্ট এটেম্টত মনোজ নামৰ চৰিত্ৰটোৱে নিজৰ লক্ষ্যত উপনীত হ'ব পৰাছিল । কেতবোৰ সংগ্ৰামৰ অন্ততঃ  চৰিত্ৰটোৱে নিজৰ সপোনক সাৰ্থক ৰূপ দিয়াৰ বাবে নিজৰ জীৱনৰ কষ্টৰ চৰমসীমা অতিক্ৰম কৰি সেই 12 ফেইলৰ টেগটোৰ আগত আই পি এছৰ সন্মানটো লগাবলৈ সক্ষম হৈছিল।

ইতিবাচক সমালোচনা: সাধাৰণতে চলচ্চিত্ৰ এখন প্ৰত্যেক্ষ কৰি ‌তাত থকা কেতবোৰ ঘটনা অৰ্থাৎ কেতবোৰ দৃশ্যপটে সামাজিক জীৱন নতুবা ব্যক্তিগত জীৱনত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেইবিষয় সমূহক লৈ চলচ্চিত্ৰ এখন সমালোচনাৰ ভিত্তি হিচাপে লোৱা হয় । 12 ফেইল  চলচ্চিত্ৰ খনত এজন প্ৰত্যক্ষদৰ্শী হিচাপে কেতবোৰ ইতিবাচক ধাৰণা পোৱা যায়। বন্ধুত্বৰ সঁহাৰি তথা কষ্টৰ সফলত সুন্দৰ ভাৱে পৰিস্ফুট হৈ উঠিছে । আনহাতে নকল পদ্ধতিৰ নিৰ্মূলকৰণ তথা নকল পদ্ধতিৰে যে ভাৰতবৰ্ষৰ কেতবোৰ ভিতৰুৱা স্থানত আজিও শিক্ষাৰ ব্যৱস্থা চালনা হৈ আছে তাক চলচিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। তদুপৰি চলচ্চিত্ৰ খনত ভাৰতৰ পৌৰাণিক চৰিত্ৰৰ কেতবোৰ সংলাপ সুন্দৰকৈ উপস্থাপন কৰিছে।আজিৰ সময়ত প্ৰেয়সীৰ ভূমিকাক ইতিবাচক  তথা সমৰ্থক হিচাপে 12 ফেইলত সুন্দৰকৈ ফুটাই তুলাইছে ,যি চলচ্চিত্ৰ খনৰ অন্যতম সফলতাৰ কাৰণ। আনহাতে এটা মিছা কথা বা এটা মিছলীয়া প্ৰবচনক ধাকিবলৈ হেজাৰটা মিছা প্ৰবচন উৎপত্তি হয় তাকো চলচ্চিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। কষ্টৰ অন্তত যে ৰত্ন লভিব পাৰি সেই সাধাৰণ কথা খিনি এই নাটিদৈৰ্ঘ্যৰ চলচ্চিত্ৰ খনত সুন্দৰকৈ উপস্থাপন কৰিছে। সৰ্বশেষত এখন চলচ্চিত্ৰ হিচাপে সমাজত বিফলতাৰ মুখ দেখি ভাগি নপৰা এজাক পোহৰৰ বাট দেখা তৰুণৰ বাবে 12 ফেইল এখন অনুপ্ৰেৰণা মূলক চলচ্চিত্ৰ। সাধাৰণ অৰ্থত পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ সৈতে উপভোগ কৰিব পাৰা এখন সামাজিক ধৰ্মী শৈক্ষিক দিশৰ লগত জড়িত চলচ্চিত্ৰ হ'ল 12 ফেইল।


নেতিবাচক সমালোচনা: এখন চলচ্চিত্ৰ কোনো দিনে ১০০ শতাংশ পৰিশুদ্ধ ভাৱে নিৰ্মিত কৰি তাক উপস্থাপন কৰিব নোৱাৰে । কিয়নো চলচ্চিত্ৰ এখনত যিদৰে ৭০শতাংশ শুদ্ধ ৰূপত  প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলোৱা হয় , তাৰ আলমতে ৩০% শতাংশ পৰিশুদ্ধ ভাৱে প্ৰদৰ্শিত হয় অৰ্থাৎ নয়াৰ্থক ৰূপত সমাজৰ আগত দেখা দিয়ে । চলচ্চিত্ৰ খনত প্ৰতিটো চৰিত্ৰকে সফল ভাৱে ৰূপায়ন কৰা দেখুওৱা হৈছে কিন্তু গৌৰী ভাইয়া অৰ্থাৎ পাণ্ডেৰ দৰে দুটা চৰিত্ৰক বিফলতাৰ মুখত থোৱাত কোনো এটা দিশত কিছু ক্ষেত্ৰত চৰ্চিত হৈছে । কিয়নো মনোজক যিজনে ব্যক্তিগত ভাৱে সহায় কৰালে সেইজনে যদি বিফলতাৰ মুখত পৰি থাকে তেন্তে মেনটৰ বোলা অৰ্থটো অনাৰ্থক হৈ থাকে  অৰ্থাৎ চলচ্চিত্ৰ খনত শৈক্ষিক সমৰ্থক জন এজন ফেইলৰ হিচাপে প্ৰতিষ্ঠিত কৰা হৈছে ,যিটোক আমি ব্যক্তিগত জীৱনত তুলনা কৰিলে তেনে মানুহক সমাজৰ নিৱনুৱা অৰ্থাৎ এলাহী বুলি হে চিহ্নিত কৰে। আনহাতে চলচ্চিত্ৰ খনৰ আৰম্ভণিতে মনোজৰ এজন ভায়েক দেখুৱা হৈছিল যিটো চৰিত্ৰ শেষৰ সৈতে কোনো ধৰণৰ মিল দেখা নগ'ল ,যেন সেই চৰিত্ৰটো আধৰুৱা হৈ থাকিল। এনেকেতবোৰ দৃশ্যগ্ৰহণ তথা চৰিত্ৰৰ প্ৰদৰ্শনত 12 ফেইল চলচ্চিত্ৰ খন ব্যৰ্থ হয় যদিও , সমালোচনাৰ মহলত এইখিনি তুচ্ছ।





চলচ্চিত্ৰ খনৰ কিছু তথ্যঃ


পৰিচালকঃ বিধু বিনোদ চোপ্ৰা,

 মুক্তিলাভঃ২৭ অক্টোবৰ ২০২৩

 সৰ্বমুঠ খৰচঃ ২০ কৌটিৰ আশে-পাশে 

সৰ্বমুঠ সংগ্ৰহ ( বক্স অফিচ)ঃ  ৬৯.৬৪ কৌটি ,

  ১২ ফেইলৰ কাহিনী এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত ,যাৰ প্ৰকৃত নায়ক IPS অণুৰাগ পাঠক,ৰ চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মেছিয়ে


মূল ভুমিকা: বিক্ৰান্ত মেছি, মেধা শংকৰ,

 Imdb rating; ৯.১(১০ৰ ভিতৰত)

roffen tomatoes : ৯১%


নাম : দ্বীপ জ্যোতি শৰ্মা 

স্নাতকোত্তৰ প্রথম ষান্মাসিক 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

নলবাৰীৰ তিলানা গাঁৱৰ পৰম্পৰাগত জাপি: অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক

 

জাপি অসমৰ স্বাভিমান।অসমৰ নলবাৰী জিলা হৈছে  সাংস্কৃতিক ঐতিহ্যৰ ভাণ্ডাৰ।  অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে জাপি।  জাপি বাঁহ আৰু টকৌপাতেৰে তৈয়াৰী । কৃষিত ব্যৱহৃত জাপিৰ প্ৰসংগ আহিলেই তিলানাৰ  কাৰিকৰৰ  সংস্কৃতিপ্ৰাণ আৰু স্বাভিমান উদ্ভাসিত হৈ উঠে।



অসমৰ ভিতৰতে জাপি নিৰ্মানত অভিলেখ সৃষ্টি কৰা নলবাৰী জিলাৰ তিলানা গাঁও এখন শিল্প গাঁও। জৰিপ মতে অঞ্চলটোৰ প্ৰায় ৮০শতাংশ লোকে জাপি শিল্পৰ সৈতে জড়িত হৈ জীৱন নিৰ্বাহ কৰে। তাহানিৰ দিনৰ পৰাই গাঁওখনে জাপি নিৰ্মাণ কৰি জাপি শিল্পক এক বিশেষ মৰ্যাদা প্ৰদান কৰি আহিছে।

জাপি শিল্প হৈছে এক পৰম্পৰাগত শিল্প,যি শিল্প তিলানা গাঁৱত প্ৰতিটো প্ৰজন্মৰ মাজেৰে পাৰ হৈ আহিছে। তিলানাৰ আধাসংখ্যক মানুহে ৩০০ শৰ পৰা ৩০০০ হাজাৰলৈকে জাপি নিৰ্মাণ কৰি ৩ শৰ পৰা ৩০ হাজাৰ টকা পৰ্যন্ত দামত বিক্ৰী আছে। বিহু আৰু উৎসৱত  শিল্পীসকলে ফুলাম জাপি তৈয়াৰ কৰি অনুষ্ঠানত বিশেষ সম্বৰ্ধনা জনাবলৈ ফুলাম জাপি অৰ্ডাৰ অনুযায়ী যোগান ধৰি আহিছে।


তিলানা গাঁৱৰ জাপি শিল্পই অসমৰ ইমুৰৰ পৰা সিমুৰলৈ এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।



প্ৰবাল জ্যোতি শৰ্মা 

স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

Saturday, 17 August 2024

ৰং (Book Review)

ঔপন্যাসিক শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস "ৰং” । 

প্রান্তিক'ৰ পৃষ্ঠাত ধাৰাবাহিকভাৱে প্ৰকাশিত উপন্যাসখনে মানুহৰ জীৱনত সপোন, আত্মবিশ্বাস, ইচ্ছাশক্তিয়ে কিদৰে কাম কৰে, তাৰ লগতে বাস্তৱৰ পৰিস্থিতি তথা নিয়তিৰ কবলত পৰি জীৱনে কেনেদৰে গতি সলায় লেখিকাই পৰিধি, অনুজাখুৰী, জুৰণি, ময়ূৰ আদি চৰিত্ৰসমূহৰ যোগেদি  প্ৰকাশ কৰিছে।জীৱনক ধুনীয়াকৈ জীয়াই ৰাখিবলৈ , স্বাভিমানেৰে মুৰ তুলি সুন্দৰভাৱে জীৱন জীয়াবলৈ,  হতাশা আৰু নিষ্ঠুৰতাৰ মাজতো জীৱনতো নানা ৰঙেৰে সজাই জীয়াই থাকি জীৱনৰ স্বাদ ল'বলৈ - বহু কথাই শিকালে উপন্যাসখনে।  উপন্যাসখনৰ মুল চৰিত্ৰ পৰিধি আৰু বনদীপৰ বাহিৰেও পৰিধিৰ মা , বৰদেউতা, অনুজা খুৰী, ময়ুৰ, জুৰণি আদি প্ৰত্যেকটো চৰিত্ৰৰে একোটা নিজস্ব বৈশিষ্ট্য আছে। প্ৰত্যেকটো চৰিত্ৰকে লেখিকাই আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিছে।          

            সঁচাকৈ, উপলদ্ধি কৰিছো, শিলক জীৱন্ত কৰি তোলা পৰিধি। ৰং হীন আক্ষেপত শিল বুকুত চিৰন্তন ৰূপ দিয়া জীৱনৰ আধিপত্যতা, জুৰণি, সীমাহীন বন্ধুত্ব।

  কোনোবাই জানো জীৱন দিব পাৰে,নদীৰ বুকুৰ কঠিন শিলক। সতেজতা আনিব পাৰেনে শিলে,ঠিক শিমলুজোপা দৰে। মানুহৰ আত্মাৰো যে কি সুষমা,,

ছোমালিয়াৰ দুৰ্ভিক্ষই পীড়ি থকা নিৰন্ন উদৰৰ সম্মুখলৈ কোনোবাই যেন আগবঢ়াই দিছে একাঁহী সুস্বাদু অন্ন,,

শিলবোৰ জীৱনৰ বৈপৰীত্য জীৰন দিয়া ৰূপ। 

শিলৰো যে কি সুষমা।

কাৰোবাৰ বুকু শিল হ'ব পাৰে জানো? হ'ব পাৰে,বুকুখনো শিল হ'ব। 

" তোৰ বুকুখন যদি এনেকোৱা গোল গোল নিমজ শিলেৰে ভৰি গৈছে ,তেন্তে বেয়া হোৱা নাই দে। তাত মই প্ৰাণ দিব পাৰিম"

উল্লেখ কৰিছে,জলকন্যাৰ কথা।সাধুৰে সন্নিৱিষ্ট কৰা কথা জুৰণি মাকৰ মুখৰ কথাৰে,এদিন তাই নিজৰ প্ৰিয় ফিছাখনো যাদুকৰৰ হাতত সৰ্পিছিল। আনকি, মাতটোও। পৰা যায় ,ভালপোৱা বিনিময়ত সকলোবোৰ হেৰোৱাবলৈ।....



++++++++++++++++++

প্ৰকাশক - জ্যোতি প্ৰকাশন , পানবজাৰ, গুৱাহাটী - ৭৮১০০১

প্ৰচ্ছদ - বিষ্ণু তামুলী ।

মুদ্ৰক - শৰাইঘাট অফছেট প্ৰেছ উদ্যোগ পাম, বামুণী মৈদাম গুৱাহাটী ।

প্ৰথম প্ৰকাশ - ২০১৬ আলিবাট প্ৰকাশন ।

দাম - ২২০ টকা ।


ঋতুপৰ্ণা দেৱী 

দ্বিতীয় ষান্মাসিক।। 

যোগাযোগ আৰু সাংবাদিকতা বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়।

Friday, 16 August 2024

তোলনি বিয়াৰ প্ৰয়োজনীয়তা

 


সাধাৰণতে তোলনী বিয়া বুলি কোৱাৰ লগে লগে আপোনাৰ মনলৈ কি ভাৱ আহিছে ? সৰহ সংখ্যক লোকৰে নিশ্চয় ধুম ধামেৰে আয়োজন কৰি পালন কৰা এটা অনুষ্ঠানৰ কথা মনলৈ আহিছে। কিন্তু এই অনুষ্ঠানটো কিয় ইমান বিলাসীতাৰে পালন কৰা হয় বা ইয়াৰ কোনো প্ৰয়োজনিয়তা আছে নে নাই সেয়া বাৰু আপুনি কেতিয়াবা ভাবি চাইছেনে ? সঁচা অৰ্থত সহজ ভাষাত 'বলৈ 'লে তোলনী বিয়া বুলি মানু্হ মাতি ডাঙৰকৈ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ অৰ্থ ' ছোৱালীজনী গাভৰু ' বুলি বিজ্ঞাপন দিয়া এক প্ৰক্ৰিয়া। এই বিজ্ঞাপনৰ বাৰু কিমান প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাৱে ?


যিখন সমাজত এজনী ছোৱালীয়ে পেড এটা কিনিব লাগিলে ওচৰত থকা মানুহলৈ চকু দিব লগা হয়, কোনোৱে নেদেখক বুলি 'লা পলিথিন অথবা কাগজেৰে মেৰিয়াই আনিব লগা হয় সেইখন সমাজক ধুম- ধামেৰে মাছে- মঙহে খুৱাই ছোৱালীজনী ডাঙৰ হোৱা বুলি খবৰ দিয়াৰ প্ৰয়োজন আছে বুলি আপোনালোকে ভাৱেনে ? আগতে তোলনী বিয়াখন ধুমধামকৈ পতাৰ উদ্দেশ্য আছিল যাতে ছোৱালীজনী গাভৰু ' বুলি দহটা মানুহে গম পায় আৰু বিবাহ উপযুক্ত ' বুলি মানুহে জানিব পাৰে।বিভিন্ন লোকাচাৰেৰে তাইক নাৰীত্ব প্ৰাপ্তিৰ কথা জনোৱা হয়। পুৰুষৰ পৰা সাবধানে চলাৰ নীতিজ্ঞান দিয়া হয়। কিন্তু আজিকালিৰ তোলনী বিয়া বোৰ দেখিলে চকু থৰ হৈ যায়। অকনমান ছোৱালী এজনীৰ কন্যাকাল প্রাপ্তিক লৈ কি ৰাজসিক আয়োজন। কার্ড বনোৱাৰ পৰা আৰম্ভ কৰি সোনৰ গহনা, পাটৰ কাপোৰ, পেন্দেল, মাছ মাংসৰ ভোজ আদি সকলোবোৰ আয়োজন কৰে। এই অনুষ্ঠানবোৰ এনেকৈ পতা মানুহবোৰে আকৌ যুক্তি দিয়ে যে ডাঙৰ বিয়াখন বা পাতিব পাৰো নে নিজেই গুচি যায় কি ঠিক, সেয়ে এইখনকে পাতিলো ডাঙৰকৈ। তোলনী বিয়াৰ নামত যিবোৰ নিয়ম পালন কৰা হয়, তাৰে কিছুমানৰ অৱশ্যে বিজ্ঞানসন্মত কাৰণো আছে। কিন্তু সেইবোৰ অনুষ্টুপীয়াকৈ পালন কৰিও পৰম্পৰা ৰক্ষা কৰিব পৰা যায়। কিন্তু আচল কথাটো ', ছোৱালীজনীক মাহেকীয়া সম্পৰ্কীয় কথাবোৰ আৰু চাফ- চিকুণতা আৰু সতৰ্কতাখিনিৰ বিষয়ে বুজাব লাগে। ২০১৫-২০১৬ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি ভাৰতৰ মাত্ৰ ৩৬% মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে। ২০১৫ চনৰ এক অধ্যয়নত দেখা গৈছে যে ৯০% মহিলাই মাহেকীয়াৰ সময়ত ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰে, আৰু .% মহিলাই একেবাৰেই কোনো পদ্ধতি ব্যৱহাৰ নকৰে। ২০২৩ চনৰ দৃষ্টি আই এছ (Drishti IAS) প্ৰতিবেদন অনুসৰি ভাৰতৰ ২৭% গ্ৰাম্য যুৱতী আৰু ১০% নগৰীয়া যুৱতীয়ে এতিয়াও ঋতুচক্ৰৰ সময়ত সুৰক্ষাৰ বাবে অস্বাস্থ্যকৰ পদ্ধতি ব্যৱহাৰ কৰে। প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাস্থ্যসন্মত ঋতুস্ৰাৱৰ সামগ্ৰীৰ ব্যৱহাৰৰ হাৰ ৯০%তকৈ অধিক যদিও ভাৰতৰ কিছুমান দৰিদ্ৰ ৰাজ্যৰ এই ক্ষেত্ৰত দুৰ্বল অভিলেখ আছে। এন জি দাসৰা (Dasra) আৰু ইউ এছ আই ডি (USAID) এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত বছৰি . কোটি ছোৱালীয়ে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সঠিক ব্যৱস্থাপনাৰ অভাৱৰ বাবে বিদ্যালয় এৰি দিয়ে। ঋতুস্ৰাৱৰ আৰম্ভণি যে কোনো অশুচি অপবিত্র কিবা এটা নহয়, বৰং নাৰী হোৱাৰ গৌৰব, সেয়াহে তোলনি হোৱা ছোৱালীজনীয়ে বুজি পোৱাটো অত্যন্ত জৰুৰী। তাৰ পৰিবৰ্তে আমি মেক আপ আর্টিষ্ট, ফটোগ্ৰাফাৰ আৰু বুফে পৰিবেশনেৰে এটা ডাঙৰ অনুষ্ঠানহে কৰি পেলাওঁ। নিম্ন মধ্যবিত্তৰ মানুহখিনিয়েও দেখাক দেখি লাখ টকা খৰচ কৰে যিখিনি টকা তেওঁলোকে কন্যাৰ উচ্চশিক্ষাৰ বাবে ব্যয় কৰিব পাৰিলে হয়। কপালৰ ঘাম মাটিত পেলাই অৰ্জন কৰা টকা কেইটাৰে দেউতাকে ছোৱালীজনী গাভৰু ' বুলি মানুহ মাতি আনি খুৱায়। এই সকলোবোৰৰ পৰিবৰ্তে গাভৰু হোৱা ছোৱালীজনীক এইটো শিকোৱাটো জৰুৰী যে ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰ কৰাটোও মহিলাৰ মৰ্যাদা, গোপনীয়তা আৰু শাৰীৰিক অখণ্ডতা ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।

                                                        - হিমাদ্ৰী দত্ত

Tuesday, 21 May 2024

War over water: Lessons from India

 

 


The recent water scarcity in the Garden city of Bengaluru raised serious concerns among the people for the looming water problems that are staring at the faces of the major cities as well as the change in climatic conditions and unplanned development that have triggered the entire process. Water today is the primary cause of dispute and one of the reasons parties come and go out of power.

 

Water scarcity poses a significant challenge particularly in arid regions worldwide, with communities facing decreasing water supplies and increasing demands.  Centre and state are looking for innovative measures to address this elephant in the room.

 

In India, where several regions grapple with aridity, innovative technologies have emerged as beacons of hope in the quest for sustainable water management. These solutions not only conserve precious water resources but also offer pathways to resilience in the face of climate change.

 

One such innovation gaining traction in India is drip irrigation. Unlike traditional flood irrigation methods that often result in water wastage, drip irrigation delivers water directly to the roots of plants, minimizing evaporation and optimizing water usage. This technique has been particularly transformative for farmers in arid regions like Gujarat and Rajasthan, where water scarcity is acute. By adopting drip irrigation, farmers can cultivate crops more efficiently, conserving water while improving yields.

 

Rainwater harvesting is another technology making waves in India's arid landscapes. With millions of Indians dependent on monsoon rains for their water supply, capturing and storing rainwater has become paramount. In Rajasthan's Thar Desert, traditional rainwater harvesting structures known as "talabs" have been revitalized and supplemented with modern techniques such as rooftop rainwater harvesting systems. These initiatives empower communities to harness every drop of rainfall, providing a lifeline during dry spells.

 

Innovations in desalination technology are promising for coastal arid regions facing saltwater intrusion. Chennai, a city prone to water scarcity, has invested in desalination plants to increase its water supply. By converting seawater into drinkable water, these plants mitigate the impacts of drought and overexploitation of freshwater resources, ensuring a reliable water source for residents even during periods of prolonged dryness.

 

Furthermore, smart water management systems equipped with sensors and data analytics are revolutionizing water conservation efforts in arid regions. Cities like Bengaluru are utilising these technologies to monitor water usage in real-time, identify leakages, and optimize distribution networks. By leveraging data-driven insights, municipalities can enhance water efficiency and resilience to climate variability.

 

The challenges of water scarcity in arid regions demand innovative solutions, and India is at the forefront of pioneering technologies for sustainable water management. Through a combination of drip irrigation, rainwater harvesting, desalination, and smart water management systems, India has become a prime example of how innovation can pave the way towards a water-secure future.

 

According to an article in Down to Earth, published in March 20240, At least 1,473 instances of violence, conflicts and water-related issues have been reported worldwide between 1990 and 2023. Perhaps a more water centric policy could help curtail the conflicts and bring out the best in the way forward

 

Ajanita Kalita, 4rth Semester

Department of Communication and Journalism

Gauhati University

ছাত্ৰ ৰাজনীতিত ব্যক্তিত্বৰ প্ৰমূল্যবোধ

  ছাত্ৰ ৰাজনীতি এক বিশেষ সুঁতি, যি ভৱিষ্যতে মিলিত হয় ৰাজনীতিৰ বিশাল সাগৰত তেনে ক্ষেত্ৰত এই সুঁতিত ভালদৰে সাঁতুৰিব শিকিলেহে অশান্ত সাগৰৰ ঢৌৰ...