আমাৰ সমাজ জীৱনত এনেকুৱা কিছুমান ব্যক্তিত্ব থাকে, যাৰ অনুপস্থিতিয়ে সমাজ খন উকা আৰু তেওঁৰ উপস্থিতিতেই সমাজ খনে নতুন ৰূপ ল'বলৈ সাহ পাই। এই সকল ব্যক্তি এনে এচাম লোক, যি সমাজৰ তথাকথিত আগশাৰীৰ শ্ৰেণীটোৰ আওঁতাত সাধাৰণতে নপৰে তথা সমাজ খনৰ মানুহৰ মনতো নিৰৱে এটা ঘৰ সাজে যাৰ বিষয়ে লোকসকলো সচেতন নহয়। কি নাথাকে এই সকল ব্যক্তিৰ ওচৰত! এখন উদাৰ তথা বহল মন, সকলোকে আকোঁৱালি ল'ব পৰা এখন পবিত্ৰ হৃদয়, সমাজৰ সহায় হ'ব পৰাকৈ দুখন হাত আৰু বিবিধ প্ৰতিভা যিয়ে সমাজ খন জিলিকাই ৰাখে। অথচ এওঁলোক উপেক্ষিত।
এনে এক ব্যক্তিত্বৰ পৰিচায়ক হোৱাকৈয়ে নিৰ্মিত হোৱা এখন চুটি ছবি "দাই"। অসমৰ সুযোগ্য অভিনেতা তথা পৰিচালক মনোজ বৰকটকীৰ পৰিচালনাৰে এখন সুন্দৰ চুটি ছবি "দাই"। পূৰ্ব উল্লেখিত শ্ৰেনীটোৰ ব্যক্তি এজনৰ চৰিত্ৰ ছবি খনৰ জড়িয়তে প্ৰকাশ কৰি সাৱলীলভাৱে উপস্থাপন কৰাৰ ফলতেই ছবি খনে এক সুকীয়া মাদকতা লাভ কৰিবলৈ সক্ষম হৈছে। "দাই" । এই শব্দটো অসমীয়া সমাজত খুৰাকক বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু ছবি খনত অভিনেতা দেৱী বৰকটকীয়ে চৰিত্ৰটোৰ সুন্দৰ তথা সফল ৰূপায়ন কৰিবলৈ সক্ষম হৈছে। ছবি খনৰ আৰম্ভণিতেই কিদৰে এজন ব্যক্তিয়ে নিজা অভাৱ -অসুবিধাকো আওকাণ কৰি সমাজৰ বিভিন্ন লোকৰ হিতৰ বাবে কাম কৰে তাকেই স্পষ্টকৈ দেখুওৱা হৈছে। গাঁৱলীয়া সমাজ এখনত এখন কৰ্মোদ্যমী তথা শিল্পানুৰাগী চৰিত্ৰ "দাই"ৰ যোগেদি গাঁৱলীয়া পৰিৱেশটোৰো সুন্দৰ উপস্থাপন কৰা পৰিলক্ষিত হৈছে। ইয়াৰোপৰি সদা উপেক্ষিত এজন ব্যক্তিৰ সাংস্কৃতিক মন এটাৰো চাৰিত্ৰিক প্ৰকাশ পাই যেতিয়াই ভাওনা সংস্কৃতিৰ লগত এই বিশেষ চৰিত্ৰটিৰ সুন্দৰ সম্পৰ্কৰ বিষয়ে বিৱৰণ দিয়া হয়। উল্লেখযোগ্য যে উচ্চ শিক্ষিত হৈও নিজৰ গাঁও খন এৰি নাযাও বুলি পণ লোৱাৰ বাবেই এটি পৰিচয় নোপোৱা ব্যক্তিজনৰ কিমান উদাৰবাদী চিন্তাৰ সেইয়া প্ৰকাশ পাই ভাওনাত নাৰীক অভিনয়ৰ সুযোগ প্ৰদানৰ সপক্ষে তেওঁ দিয়া যুক্তিৰ পৰা। ইফালে অবিবাহিত চৰিত্ৰটোৰ বিৰুদ্ধে চলি থকা সমাজৰ ভেঙুচালিও স্পষ্টকৈ প্ৰকাশ পাইছে। ইয়াৰোপৰি কেৱল কিছুমান নেতিবাচক কথাৰ বাবেই বহু দিনৰ পিছত বিয়াখন পাতো বুলি থিৰাং কৰিও শেষত সেই সিদ্ধান্ত বাতিল কৰিবলগীয়া হোৱা চৰিত্ৰটোৰ হতাশা, হুমুনিয়াহো ছবিখনত প্ৰকাশ পাইছে। উল্লেখ্য যে যদিও সমাজৰ আগশাৰীৰ শ্ৰেণীটোৰ পৰা উপেক্ষিত এই চৰিত্ৰটি, তথাপিও যে তেওঁৰ প্ৰতিভাৰ আদৰ কৰা ব্যক্তিও সমাজত আছে তাৰ প্ৰমাণো মহাবিদ্যালয়ত আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰ কৰিবলৈ দিয়া নিমন্ত্ৰণী পত্ৰৰ যোগেদি আমি গম পালো।
শেষত নিজকে ভূপেনদাৰ গীতেৰেই নিজকে মদাৰৰ ফুলৰ স'তে ৰিজাই তেওঁ কৈ গ'ল সমাজত তেওঁৰ প্ৰয়োজনীয়তা। বুজাই গ'ল তেওঁৰ গুৰুত্ব।
চিত্ৰনাট্যকাৰ, পৰিচালক হিচাপে মনোজ বৰকটকীৰ এটি সুকীয়া নাম আছে। সেই ধাৰাই অব্যাহত ৰাখি এখন সামাজিক ভাৱে সুন্দৰ চুটি ছবি নিৰ্মাণ কৰি সমাজলৈ এক বাৰ্তা প্ৰদান কৰাত তেওঁৰ এইখন ছবিও সফল হৈছে। এখন সৰ্বাংগ সুন্দৰ ছবিৰে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোও অধিক মেটমৰা সম্ভাৰেৰে সম্ভৱা হ'ব বুলি আমি আশাবাদী।
-হিমাঞ্চল দত্ত।
যোগাযোগ আৰু সাংবাদিকতা বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়।
No comments:
Post a Comment