আমাৰ গাত নৈৰ ঘোলা পানীৰ গোন্ধ
উচপিচ বোৱতী নৈৰ সোঁত ।
মই গৈ আছিলোঁ
হঠাতে
মেল চিঙি গুচি গ'ল মোৰ নৈ দুখন, কপিলী - কলং।
--- হীৰু দা
ঘৰৰ পাছফালে বৈ আছে হীৰু দাৰ কবিতাৰ অন্যতম প্ৰাণকেন্দ্ৰ কলং । পেহীদেউৰ সৈতে গা-ধুবলৈ যোৱা , ভাইটিৰ লগত সাতুৰি-নাদুৰি কলঙৰ বুকুত পানীৰ সৈতে খেলা, ভুৰ চলোৱা ইত্যাদি নানা স্মৃতিৰে ভৰপুৰ আমাৰ শৈশৱ। কিন্তু এতিয়া যেন সেইবোৰ অতীত। শনিবাৰে স্কুল ছুটিৰ লগে লগে মই আৰু ভাইটিয়ে গা ধুবলৈ লৌৰ দিওঁ, মায়ে পাছফালৰ বাৰান্দাৰ পৰা চিঞৰি থাকে " উঠিলিনে সোনকালে নহ'লে বৰপিতাইক মাতি আনিম ।" আমাক পানীৰ পৰা উঠাই আনাৰ একমাত্ৰ অস্ত্ৰ হৈছে বৰপিতাই। এদিন দেওবাৰে বহু সময় কলঙৰ বুকুত দুয়ো গা-ধুই আছিলো , বৰপিতায়ে আহি তাতে লিচিকনি লৈ দৌৰালে ।মুঠৰ ওপৰত কলঙত দেৰিলৈকে গা-ধুৱা আছিল দুঃসাহসিক কাৰ্য। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে আমাৰ স্কুলখন কলঙৰ পাৰতেই আছিল , মাজে মাজে খৰালি দিনত আমি স্কুললৈ কলং পাৰহৈয়ে গৈছিলো। কলঙৰ মিহি বালিৰে দাঁত মাজা ,টঙি জাল পাতি মাছ মৰা আছিল আমাৰ শৈশৱৰ দৈনিক ৰুটিনৰ দৰে। বাৰিষা যেতিয়া কলঙখন ফেনে ফুটুকাৰে বাঢ়ি আহে তেতিয়া পানী আহি আমাৰ ঘৰৰ আগচোতাললৈকে উঠে । বাৰান্দাতে দেউতাই টঙিজাল পাতে আৰু ৰাতি টৰ্চৰ পোহৰত আমি মাছ ধৰো । এদিন মোৰ জালত প্ৰায় ৩ কিলো মান ওজনৰ বৰালি মাছ এটা উঠিল , পিছদিনা দুপৰীয়া বৰপিতাইহতঁৰ লগত বৰালি মাছ আৰু ঔ-টেঙাৰে বৰভোজ।তেতিয়া মই চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ , সেইবাৰ কলঙত বাঢ়নি পানীৰ পাৰভঙা অৱস্থা। পানী আহি আমাৰ পাকঘৰলৈকে সোমাইছিল। সেইটো বছৰতে জীৱনত প্ৰথমবাৰৰ বাবে কলঙত শিহু দেখাৰ সৌভাগ্য হৈছিল। শীতৰ দিনত কলঙৰ পাৰত দেউতাই কৰা আলু-পিঁয়াজৰ খেতিয়ে আমাৰ বছৰটো জুৰাইছিল। মাঘৰ বিহুত কলঙৰ পাৰতেই সজা মেজি ঘৰ ৰাতিপুৱা কলঙত গা ধুই জ্বলাই সেৱা লওঁ। বৰপিতায়ে কয় কলঙত মাঘ বিহুৰ দিনা গংগাৰ পানী বয় , সেইবাবে আমি পৱিত্ৰ হৈ থাকিবলৈ প্ৰত্যক বিহুৰ দিনা গা ধুই সেৱা - প্ৰাৰ্থনা কৰো। এতিয়া আৰু কলঙত গা ধুৱা, মাছ মৰাৰ পূৰ্বৰ মাদকতা নাই। সময়ৰ লগে লগে কলঙখনো প্ৰদূষিত হ'ল। চহৰৰ নলাবোৰৰ আৱৰ্জনাই কলঙৰ বুকুখন কলুষিত কৰিলে। কলঙো আজি ভৰলু হোৱাৰ দিশত ধাৱমান।
শেখৰ জ্যোতি কলিতা
স্নাতকোত্তৰ প্ৰথম ষন্মাষিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
No comments:
Post a Comment