৮০ দশকৰ এক ক'লা অধ্যায়ক সামৰি এক হৃদয়স্পর্শী কাহিনীৰ আধাৰত ৰঙাটাপু-১৯৮২ ছবিখনে ২০২৩ বৰ্ষৰ ২৪ নৱেম্বৰ তাৰিখে সমগ্র অসমৰ বিভিন্ন ছবিগৃহসমূহত মুক্তি লাভ কৰে। 'ৰঙাটাপু' এইখন হৈছে বিশাল ব্ৰহ্মপুত্ৰৰ মাজৰ এখন সৰু চাপৰি য'ত ৮০ দশকৰ সময়ছোৱাত অবৈধ প্ৰৱজনকাৰীসকলৰ প্ৰৱজন ঘটাৰ ফলত তেওঁলোকে সাৰুৱা কৃষি ভূমি আৰু নদীৰ পাৰ তথা টিলাসমূহ দখল কৰি বসবাস কৰাৰ লগতে খেতি-বাতি কৰিবলৈ লৈছিল যাৰ ফলত খিলঞ্জীয়া লোকসকলৰ সৈতে সংঘর্ষত লিপ্ত হৈছিল। এই ছবিখনৰ কাহিনী মৰম, ৰাফিজা, মালা আৰু ৰূপালী চাৰিগৰাকী নাৰীৰ ধৈর্য্য, সহনশীলতা, ত্যাগ আৰু সাহসেৰে সকলোৰে হৃদয় কঁপাই যোৱা তেজেৰে ধোৱা এক মৰ্মস্পশী কাহিনীৰ ওপৰত আধাৰিত ।
এই ছবিখনৰ পৰিচালক ফেশ্বন ডিজাইনাৰ হিচাপে খ্যাত আদিত্যম শইকীয়া আৰু প্রযোজক অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়। চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ ওপৰত নিৰ্মিত ছবিখনৰ মূখ্য ভূমিকাৰ চাৰিগৰাকী অভিনেত্রী ক্ৰমে -আইমী বৰুৱা, ৰিম্পী দাস, কল্পনা কলিতা , অলিস্মিতাৰ লগতে বিভিন্ন ন -পুৰণি শিল্পী। ৰঙাটাপু ১৯৮২” নিৰ্মাণ কৰাটো অতি সাহসী আৰু প্ৰত্যাহ্বানমূলক কথা এই কাহিনীত ধৰ্মৰ কথা উল্লেখ কৰাটোও প্ৰত্যাহ্বানমূলক আৰু প্ৰায় অসম্ভৱ, কিয়নো ই একে ধৰ্মৰ লোকক অপমান কৰিব পাৰে । পৰিচালক গৰাকী যিহেতু নতুন তেওঁৰ পৰিচালনাত কিছু মান দোষ ত্রুটি ৰৈ যোৱাতো স্বাভাৱিক কিন্তু কিছু মান দোষ ত্রুটি এনেধৰণৰ আছিল যাক কোনো কাৰণতে আওকাণ কৰিব নোৱাৰি যেনে - পুৰুষ মহিলাৰ মিলনৰ সময়ছোৱাৰ যৌনতাপূর্ণ কিছুমান দৃশ্য যি সমূহ অসমীয়া সমাজৰ ছবিসমূহত শোভা নাপায়। যিহেতু ৮০ দশকৰ সময়ছোৱাক উদ্দেশ্যি এই কাহিনী নিমার্ণ কৰা হৈছে গতিকে বৰ্তমান সময়ৰ আধুনিকতাৰ ৰহন লগাই অশ্লীলতাপূর্ণ কৰা আৰু কেনো এটা জাতি বা ধর্মৰ মানুহক 'সিহঁত' শব্দৰ ব্যৱহাৰ কৰাৰ পক্ষপাতিত্ব নহয়।
যিহেতু তেওঁলোক বহিঃৰাজ্যৰ মানুহ আছিল গতিকে তেওঁলোকক সেই মানুহ ৰূপেই উপস্থাপন কৰিব লাগিছিল।তেওঁলোকৰ মাজত থকা দুষ্টতা আৰু নাৰীৰ প্ৰতি কৰা কৰুণ অৱস্থাৰ ওপৰত আলোকপাত কৰিব লাগিছিল কিন্তু কোনো ধৰ্মৰ লোক হিচাপে নহয়। প্ৰত্যাহ্বানজনক এনে কিছুমান দৃষ্টান্ত চিহ্নিত কৰা হৈছে য’ত ,তেওঁলোকে গাঁৱৰ মানুহৰ ওপৰত হাত দিবলৈ কুণ্ঠাবোধ কৰা নাছিল, কল্পনা কৰিব নোৱাৰা কিছুমান নিকৃষ্ট হিংসাত্মক কাৰ্য্যত লিপ্ত হৈছিল যিবোৰ তাৰ পিছত নথি-পত্ৰবিহীন হৈ পৰিছিল।কেৱল ধৰ্মীয় কাৰকৰ ওপৰত ভিত্তি কৰিয়েই বাহিৰৰ মানুহৰ সৈতে অপ্ৰয়োজনীয়ভাৱে চিনাকি কৰাই দিয়া দিশটো একপ্ৰকাৰৰ সমালোচনামূলক।এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ একপক্ষীয় আৰু প্ৰায় অপমানজনক চিত্ৰণ প্ৰদৰ্শন কৰাটোও সমালোচনামূলক ।
অৱশেষত ক’ব পাৰি যে ছবিখনৰ অভিনয়, ভিজুৱেল আৰু কাহিনীয়ে দৰ্শকক আকৰ্ষিত কৰিব পৰা যোগ্যতা আছে যাতে দৰ্শকক এবাৰ হ’লেও চাবলৈ বাধ্য কৰাব পাৰে।ছবিখনৰ শেষৰ অংশত কিছুমান প্ৰাৰম্ভিক দৃশ্য আৰু চৰিত্ৰসমূহৰ মাজৰে বহু কথাই ফুটাই তুলিব বিচাৰি ছিল যদিও সিমান সফলতা দেখুৱাব সক্ষম নহ'ল ।ছবিখনৰ অন্ত আটাইতকৈ মৰ্মস্পৰ্শী হয় ,লগতে এই কাহিনীক পৰিচালকগৰাকীয়ে আকৰ্ষণীয় ভাৱে উপস্থাপন কৰিব বিচৰা প্ৰচেষ্টাক শলাগ লোৱা উচিত।
ভাস্বতী বৰা
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয
No comments:
Post a Comment