Monday 25 December 2023

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বৰদোৱা



বটদ্ৰৱা থান বা বৰদোৱা থান অসমৰ এখন পৱিত্ৰ তীৰ্থস্থান। নগাঁও মূল চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগত বৰদোৱা অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থল হিচাপে অসমৰ লোকসকলৰ বাবে বৰদোৱাৰ এক বিশেষ মৰ্য্যদা আছে। এই বৰদোৱা তথা আলিপুখুৰীতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল।১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল।বটদ্ৰৱা থানখনৰ এক বিশেষত্ব হৈছে যে এইখন গুৰুজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল। এই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে।

           

           অতীজতে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই অঞ্চল বৰ দ - বৰডোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰ দ বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি কোৱা হৈছিল। 


        আনহাতে এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই নোহোৱা হোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম-কীৰ্তনৰ আয়োজন কৰিছিল। এই বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম-কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি গ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে গংগাক আহ্বন কৰিবলৈ ধৰিলে। শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ আকাশীগংগা নামেৰে জনাজাত। 'বট দ্ৰৱ' হোৱা বাবে এই ঠাই বটদ্ৰৱা নামেৰেও  প্ৰসিদ্ধ। বৰ্তমান বৰদোৱা আৰু বটদ্ৰৱা দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়।


       বৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ  সজাইছিল বুলি জনা যায়। ইয়াতেই শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাই। ১৪৭০ চনত ২১ বছৰ বয়সত শংকৰদেৱে বৰদোৱাত ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা কৰে। ১৫১৬-১৭ চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে। শংকৰদেৱৰ পিছত ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়। ফলত সত্ৰখন পুনৰ উজ্জীৱিত হৈ উঠে।

    বৰদোৱা সত্ৰৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), মণিকূটসহ কীৰ্তন ঘৰ (নামঘৰ), সাঁচি গছ, টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শিলিখা গছৰ তলত বহি পঢ়া -শুনা কৰা শ শ  পুৰণি সেই শিলিখা জোপা আজিও দেখা পোৱা যায়। এইবোৰে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। ১৯৮৫ চনতে অসম চৰকাৰে ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰিছিল। শংকৰদেৱৰ সময়ৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বটদ্ৰৱা থানৰ মুখ্য দ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধা-কৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাটি, চৰিয়া ইত্যাদি অন্যতম।

             আজিকালি বটদ্ৰৱা থানত দৈনন্দিন নাম-কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। শংকৰদেৱ - মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, ভাওনা, অংকীয়া নাট আদি উদ্‌যাপন কৰা হয়। বিশেষকৈ ফাকুৱাত দুৰ দূৰণিৰ পৰা অহা অগণন ভক্তগণৰ ভিৰ পৰিলক্ষিত হয়। ফাকুৱা উপলক্ষে বৰদোৱাত তিনিদিনীয়া কৈ এখন বিশাল মেলাও অনুষ্ঠিত হয়। সৌভাগ্যক্ৰমে মোৰ ঘৰ বৰদোৱাৰ একেবাৰে ওচৰ অঞ্চল ৰাইডঙীয়াত হোৱাৰ বাৱে ফাকুৱাৰ সময়ৰ এই সুন্দৰ পৰিবেশ উপভোগ কৰিবলৈ সুযোগ পাওঁ।

-দৰ্শনা বৰুৱা

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...