Monday 25 December 2023

কোলাহলৰ পৰা নিলগত টুমজাঙত এটা দিন


      বহুতৰ মুখত শুনাৰ লগতে সামাজিক মাধ্যমত ৰীলচতেই হওঁক কিম্বা ফ'টোতেই হওঁক, দেখি দেখি মোৰ আৰু মোৰ লগৰ কেইজনীৰো মন গৈছিল ডিমা হাছাওত অৱস্থিত টুমজাঙ পিকৰ শীৰ্ষত যাবলৈ। ইন্টাৰনেটত অসমৰ আটাইতকৈ ওখ শৃংগ বুলি উল্লেখ থকা (হয়নে নহয় তাক লৈ বহুতো মতামত ভিন্নজনে দিছে) টুমজাঙ পিকলৈ ট্ৰেকিং কৰি যাব লাগে। আগতেও ১-২ বাৰ যোৱাৰ কথা ভাবি সফল নোহোৱাৰ পিছত এইবাৰ ২০২৩ ৰ দিপাৱলীৰ বন্ধত যাম বুলি ১১-১১-২০২৩ ৰ ৰাতিপুৱা পৰিকল্পনা কৰাত বহিলো। অৱশেষত ৮ জনীয়া ছোৱালীৰ দল এটা ৰাতিৰ সময়ত সাধাৰণ শ্ৰেণীৰ টিকট কাটি যাম বুলি গুৱাহাটী ষ্টেচনলৈ গ'লো। কাৰণ শেষ সময়ত কৰা পৰিকল্পনাত আমি শ্লীপাৰ শ্ৰেণীৰ টিকেট পোৱাটো সম্ভৱ নাছিল।

      অৱশেষত আমাৰ যাত্ৰা আৰম্ভ হ'ল। ৰাতিটোৰ যাত্ৰাৰ অন্তত ৰাতিপুৱা আমি মাহুৰ ষ্টেচনত নামিলো আৰু তাৰ পৰা মাহুৰ টাউনলৈ খোজকাঢ়ি গৈ তাত কিছু খোৱা বস্তু কিনি অ'টো দুখন ভাড়া কৰি আমি আমাৰ লক্ষ্যস্হানলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। যি স্থানৰ পৰা খোজ কাঢ়ি যাত্ৰা আৰম্ভ হয় সেই গাওঁখনত আমি নামিলো আৰু খোজকাঢ়ি ওপৰলৈ উঠিব ল'লো। প্ৰত্যেকেই একোডালকৈ লাঠি ল'লো যাতে পাহাৰীয়া ৰাস্তাত গতি নিপিছলে। কিছু দূৰ যোৱাৰ পিছতে দুৰ্গম ৰাস্তা দেখি মোৰ নাযাওঁ নাযাওঁ লাগিছিল আৰু বহি পৰিছিলো। যি দুজনী মোৰ লগত আছিল তেওঁলোকে কিন্তু মোক এৰি নিদিলে আৰু এই ক্ষেত্ৰত মই কৃতজ্ঞ। কাৰণ ওপৰলৈ নগলে হয়তো মই সেই মনোমোহা দৃশ্য দেখিবলৈ নাপালোহেতেন যি দৃশ্য মোৰ বাবে সপোন যেন আছিল। বহু বাট যোৱাৰ পিছত আমি সেই ঠাই পালো য'ৰ পৰা ট্ৰেকিংৰ আৰম্ভণি হয়। আমি উৱাদিহ হেৰুৱালো---- ইমান দূৰ যে আহিলো বগাই ঘামি-যামি সেয়া তেন্তে কি আছিল?

      বাৰু যা হওঁক নাম ৰেজিষ্টাৰ কৰি আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি যোৱা দিনটো ৰবিবাৰ আছিল বাবে আমি গাইড নোহোৱাকৈ ট্ৰেকিং কৰিছিলোঁ। কাৰণ ৰবিবাৰে সকলো গীৰ্জাত যায়। আমি যাত্ৰাপথত দুজন যোৰহাটৰ পৰা অহা যুৱকক বন্ধু হিচাপে পাইছিলো, যিয়ে আমাক সময়ে সময়ে বাট দেখুৱাই দিয়াৰ লগতে থকাৰ বাবে হোমষ্টে বিচৰাতো সহায় কৰি দিছিল। অৱশেষত আমি পাহাৰীয়া দুৰ্গম বাটেৰে বগাই বগাই শীৰ্ষত উপনীত হৈছিলো। গোটেই পথচোৱাত সকলোবোৰ বহুত বেছি ধুনীয়া আছিল। ইপিনৰ পৰা সিপিনলৈ দৌৰি থকা মেঘবোৰ যেন হাতেৰে স্পৰ্শ কৰিব পাৰিছিলো। সৰগপুৰীতহে যেন আছিলোঁ। কিন্তু ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য কিছুমান মানুহে যেন সহিবহে নোৱাৰে। প্লাষ্টিকৰ পলিথিন, পেকেট ইত্যাদি সিচঁৰিত হৈ আছিল চাৰিওপিনে, যিয়ে সৌন্দৰ্যত আঘাত সানিছিল। সৌন্দৰ্যপ্ৰেমী পৰ্যটকসকল এই ক্ষেত্ৰত সাৱধান হোৱা উচিত। উভতনি যাত্ৰাত আমি টুমজাঙ গাওঁখনলৈ বেলেগ এটা পথেদি নামিলো। শিল-মাটি-গছৰ শিপাৰে তৈয়াৰী পাহাৰীয়া দুৰ্গম বাটেৰে আকৌ এবাৰ যাত্ৰা আৰম্ভ হ'ল। গাওঁখন পোৱাৰ পিছত আমি থকা ঘৰটোলৈ গৈ সকলোৱে ভালদৰে মুখ-হাত ধুই ল'লো। পাহাৰীয়া নদীৰ একদম চেঁচা পানী। ভোকো লাগিছিল যথেষ্ট। সেয়ে সোনকালে আহাৰ গ্ৰহণ কৰিলোঁ সকলোৱে। ইমান সোৱাদৰ ভাত আৰু শাক মিহলি দাইলৰ সৈতে আছাৰ সকলোৱে বেছ তৃপ্তিৰে খালো। মানুহঘৰৰ আতিথ্য বহুত ভাল লাগিল। ৰাতিপুৱাই উঠি চাহৰ লগত ফ্ৰাইড ৰাইচ আৰু বইল কণী একোটাকৈ


খাই আকৌ তললৈ যাত্ৰা কৰিলোঁ। আমি থকা গাঁওখনৰ মানুহে ১-২ ঘন্টাৰ পথ খোজকাঢ়িহে তললৈ নামিব লাগে। তেওঁলোকৰ গাঁওত চাইকেল - গাড়ী একোৰে প্ৰচলন নাই। গাড়ী-মটৰৰ হৈ-হাল্লা নোহোৱা গাঁওখন যথেষ্ট শান্তিপূৰ্ণ। কিন্তু পঢ়া - শুনাৰ বাবে সৰুৰে পৰাই ল'ৰা - ছোৱালী ঘৰৰ পৰা দূৰৈত বৰ্ডিং স্কুলত থাকিবলগীয়া হয়; যি হয়তো প্ৰথমাৱস্থাত পৰিয়ালৰ বাবে অত্যন্ত দুখজনক।


     ট্ৰেকিঙৰ সময়চোৱাত যদিও ভয়তে বাৰে বাৰে ভাবিছিলো -- এইবাৰ ভালকৈ গৈ পালে আৰু নাহো এনেকুৱা ৰাস্তাৰে, কিন্তু পিছত আমি প্ৰত্যেকেই আকৌ সেই গাঁওখনলৈ যোৱাৰ কথা মনতে ভাবিছিলো। যেন আকৌ যাম, যান্ত্ৰিকতাৰ পৰা দূৰত, কোলাহলৰ পৰা আঁতৰত গাঁওখনৰ মৰমিয়াল মানুহবোৰৰ লগত থাকিবলৈ; উৰি ফুৰা মেঘবোৰৰ লগত খেলিবলৈ !!




          - তৃষানীলা ডেকা

          - প্ৰথম ষাণ্মাসিক

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...