Monday 25 December 2023

ইতিহাস প্রসিদ্ধ চান্দৰডিঙা পাহাৰ




চান্দৰডিঙাৰ পাহাৰৰ সৈতে যি নাম জৰিত হৈ আছে সেই অনুসৰি ইয়াতে আহি ডুবিছিল চান্দসদাগৰৰ ডিঙা । এই ইতিহাস প্রসিদ্ধ ঠাইখন অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চাপৰৰ শালকোচা অঞ্চলৰ নিলগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এক মনোমোহা পৰিবেশত অৱস্থিত । চান্দসদাগৰ আছিলে এজন বিখ্যাত ব্যবসায়ী । তেখেতে বাণিজ্য কৰাৰ বাবে  বিভিন্ন ঠাইলৈ তেখেতৰ সপ্তডিঙা তথা প্ৰকাণ্ড নাৱেৰে জলপথেৰে গৈছিলে । তেখেত আছিলে শিৱভক্ত আৰু সদায়েই বাণিজ্যত যোৱাৰ আগত শিৱৰ আৰাধনা কৰিছিলে বেলেগ দেৱ দেৱীৰ আৰাধনা তেখেত কৰা নাছিলে আনকি তেখেতক মনসাদেৱীৰ পূজা কৰাৰ বাবে বহুবাৰ কোৱাৰ পিছত তেখেত মনসাদেৱী পূজা নকৰে বুলি কৈছিলে । তাহানি বৰ্তমানৰ চান্দৰডিঙা ঠাই আছিলে কালিদহ সাগৰ । চান্দসদাগৰৰ পুত্ৰ লক্ষীন্দৰ আৰু পুত্ৰবধু বেহুলা মনসাদেৱীৰ ক্ষোভত লক্ষীন্দৰৰ সৰ্পদংশনত মৃত্যু হৈছিল, মৃতস্বামীক বেহুলাই ভেলাত লৈ নদীপথেৰে যাত্ৰা কৰিছিলে স্বামীক পুনৰ্জীৱিত কৰাৰ উদ্দেশ্যেৰে । যাত্ৰাপথত লগ পাইছিলে স্বৰ্গৰ দেৱতা সকলৰ ধুবুনী, নেতাই ধুবুনীক । নেতাই ধুবুনীয়ে যাদুকৰী বিদ্যাৰে লক্ষীন্দৰক পুনৰ্জীৱিত কৰিছিলে এই নামৰ পৰাই ধুবুৰী নামৰ সৃষ্টি হৈছিল। 

চান্দসদাগৰে যেতিয়া বাণিজ্যৰ পৰা উভতি আহি আছিলে সপ্তডিঙালৈ কালিদহ সাগৰৰে তেতিয়াও মনসাদেৱীৰ পূজাত অনিচ্ছুক আছিলে সেইবাবেই প্ৰবল ধুমুহাৰ কবলত পৰি তেখেতৰ পৰিপূৰ্ণ সপ্তডিঙাখন বৰ্তমানৰ চান্দৰডিঙা নামক ঠাইত আহি ডুবিছিলে আৰু তেতিয়াৰে পৰা তাতে বৃহৎ ডিঙা সদৃশ পাহাৰৰ সৃষ্টি হৈছে যি আজিও বিদ্যমান ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাও দেখা যায় । এই পাহাৰৰ নাম চান্দৰডিঙা পাহাৰ একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে অবস্থিত আৰু সেইখিনি ঠাইত সুন্দৰ এক মন্দিৰ আছে পাগলাবাবা মন্দিৰ অৰ্থাৎ শিব মন্দিৰ পাহাৰৰ পৰা বৃহৎ শিল নিজে নামি আহিছিল বৰ্তমানৰ মন্দিৰৰ তাতে যি সেই ঠাইত থকা বয়োজেষ্ঠ মানুহৰ পৰা জানিবলৈ পোৱা যায় আৰু এই বৃহৎ কলা বৰণৰ শিলখনকে শিৱ ৰূপে পূজাৰ্চনা কৰা হয় এইখন বহু জাগ্ৰত এক শিৱ মন্দিৰ । শাওণ মাহত এই মন্দিৰত বহুত ভক্তৰ ভীৰ হয় আৰু প্ৰতিবছৰে অশোকাষ্টমীৰ দিনা ইয়াত লক্ষাধিক লোকৰ আগমন হয় স্নানৰ বাবে আৰু অস্থিদান হয় লগতে মেলাও হয় । শিব মন্দিৰৰ লগতে ইয়াত আছে মনসাদেৱীৰ মন্দিৰ, বাথৌ মন্দিৰ । ভক্তৰ বাবে আছে থকাৰ সুব্যৱস্থা আছে অতিথিগৃহ । যাতায়ত ব্যৱস্থাও এতিয়া সুগম । লগতে এই চান্দৰডিঙা এখন বনভোজস্থলীও বিভিন্ন ঠাইৰ পৰা মানুহ আহে ব্ৰহ্মপুত্ৰৰ এই মনোৰম প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব । শুনিবলৈ পোৱা যায় যে এই পাহাৰত বহুত মূল্যবান ধাতু পোৱা যায় । 

চান্দৰডিঙা পৰ্য্যটনৰ বাবে এক মনোমহা ঠাই তথাপিও বহু সংখ্যক মানুহে এই ঠাইৰ বিষয়ে নাজানে অসমতে থকা এই ইতিহাস প্রসিদ্ধ স্থান সমূহ আমি ভ্ৰমণ কৰিব লাগে আৰু পৰ্য্যটন ক্ষেত্ৰখন আগুৱাই লৈ যাব লাগে। অসম চৰকাৰে চান্দৰডিঙাতো ভালেখিনি উন্নয়ন কৰিছে ৰাস্তা আৰু মন্দিৰ প্ৰাঙ্গণত অতিথিগৃহ তৈয়াৰ কৰিছে । আপোনালোকেও এই ঠাইলৈ আহিব পাৰে ইয়াৰ পৰা সূৰ্য্যাস্তৰ খুব সুন্দৰ মুহূৰ্ত উপভোগ কৰা যায় ।

- ৰামকৃষ্ণ সৰকাৰ (১ম সান্মাষিক, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...