Monday 25 December 2023

নলবাৰী ৰাস মহোৎসৱ

অসমৰ এখন বিশিষ্ট চহৰৰ ভিতৰত এখন উল্লেখযোগ্য চহৰ হ'ল নলবাৰী। গুৱাহাটী চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত নলবাৰী চহৰ অবস্থিত। সমগ্ৰ অসমতে এই চহৰ খন ৰাস মহোৎসৱ উদযাপনৰ বাবে জনপ্ৰিয়ভাৱে পৰিচিত। সাধাৰণতে চহৰ খনৰ মাজভাগত অৱস্থিত ঐতিহাসিক মন্দিৰ শ্ৰী শ্ৰী হৰি মন্দিৰত ৰাস মহোৎসৱ উদযাপন কৰা হয়। নলবাৰী হৰি মন্দিৰৰ ইতিহাস বিগত শতিকাৰ পৰা নলবাৰী জিলাত আয়োজিত হৈ থকা ৰাস মহোৎসৱৰ সৈতে সম্পৰ্কিত। হৰি মন্দিৰৰ বিৱৰ্তন দশক দশক যোৰা এক কাহিনী। ১৯৩৩ চনত প্ৰথম বাৰৰ বাবে ৰাস পূজাৰ আয়োজন কৰিবলৈ ৰাস পূজা সমিতি গঠন কৰা হয়। সেই বছৰত ৰাজহুৱা অনুদানৰ সহায়ত নলবাৰীৰ হাটখোলা (পুৰণি)ত ৰাজহুৱাভাৱে ৰাস পূজাৰ আয়োজন কৰা হয়। সেই সময়ত ৰাস পূজা ৩ দিনৰ বাবে ধৰ্মীয়ভাৱে আৰম্ভ কৰা হৈছিল ।কিছু বছৰৰ পাছত  ৰাস পূজা জনপ্ৰিয় হৈ উঠে আৰু আয়োজকসকলে পূজাৰ বাবে নতুন ঠাইৰ কথা চিন্তা কৰিবলগীয়া হ’ল, কিয়নো বহল ঠাইৰ প্ৰয়োজনীয়তা আহি পৰে ৷ ১৯৩৯ চনত আয়োজক সকলো শালগছৰ  ৪ টা কাঠৰ খুঁটাৰে মন্দিৰৰ (বৰ্তমান পুৰণি মন্দিৰ) ভেটি আৰোপ কৰা হয়। আৰু আয়োজক সকলৰ অনুদানৰ সহায়ত ১৯৬৮ চনত পূজা মণ্ডপ নিৰ্মাণ কৰা হয়।


 প্ৰাৰম্ভিক সময়ত ৰাস মহোৎসৱ ৩ দিনৰ অনুষ্ঠান আছিল, কিন্তু এতিয়া ৰাস মহোৎসৱ ১১ৰ পৰা ১৫ দিনৰ উৎসৱ হিচাপে আয়োজন কৰা হৈছে ৷যুগৰ পৰিৱৰ্তনৰ লগে লগে বছৰৰ পিছত বছৰ ধৰি ৰাস পূজাৰ জনপ্ৰিয়তা বৃদ্ধি পালে, গতিকে ৰাস মহোৎসৱ ১১ৰ পৰা ১৫ দিনৰ উৎসৱ হিচাপে আয়োজন কৰা হৈছে ৷  অতি সোনকালে জনসাধাৰণ ৰ সহায়- সহযোগিতা আৰু অনুদানৰ ধাৰাবাহিকতাৰে ৰাস পূজা উৎসৱ উৎসৱৰ পৰা মহোৎসৱলৈ পৰিণত হয়। প্ৰতি বছৰে এই হৰি মন্দিৰত ৰাস পূজা উদযাপন কৰা হয়। এই বছৰ ইয়াক ২৭ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰ লৈ মুঠ ১২ দিন উদযাপন কৰা হ'ব।

এই সময়ছোৱাত শ্ৰী শ্ৰী হৰিমন্দিৰত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখা যায়। প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ ভ্ৰমণে সৰু চহৰখনক মানৱতাৰ সাগৰলৈ ৰূপান্তৰিত কৰে।

মৃন্ময় মূৰ্তিৰ ব্যবহাৰে নলবাৰী ৰাস মহোৎসৱক এক বিশেষ বৈশিষ্ট প্ৰদান কৰে। প্ৰতিবছৰে প্ৰায় ৬০০মাটিৰ মূৰ্তিয়ে দৰ্শনাৰ্থীক বিশেষ ভাৱে আকৰ্ষিত কৰে।বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহে এই মূৰ্তিসমূহ দান কৰে । মূৰ্তি সমূহত শ্ৰী কৃষ্ণৰ শিশু লীলাৰ পৰা আৰম্ভ কৰি গোপীসকলৰ লগত কৰা ধেমালিৰ মূহুৰ্তবোৰ দেখুওৱা হয়।নিশাৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেও দৰ্শনাৰ্থীক মোহিত কৰে। ৰাস উদযাপন সমিতিৰ উদ্যোগত নাগাৰা নাম আৰু কামৰূপীয়া ধুলীয়া প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। তদুপৰি ৯টা ভ্ৰাম্যমাণ থিয়েটাৰ গ্ৰুপে প্ৰতি নিশা দুটাকৈ শ্ব’ প্ৰদৰ্শন কৰি আহিছে।

       উদযাপনৰ সময়ত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ নলবাৰী জিলা প্ৰশাসনে কঠোৰ সতৰ্কতা অৱলম্বন কৰি আহিছে।ব্যক্তিগতভাৱে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।সঁচাকৈয়ে নলবাৰী বাসীৰ বাবে ৰাস মহোৎসৱৰ দিনবোৰে চহৰ খনত এক অতুলনীয় পৰিৱেশৰ সৃষ্টি কৰি তোলে। আৰু প্ৰতিজন নলবাৰীবাসীয়ে ৰাস মহোৎসৱৰ দিনটোলৈ প্ৰতি বছৰে আগ্ৰহেৰে অপেক্ষা কৰি থাকে।

     যুগস্মিতা দাস ;    প্ৰথম সাম্মাষিক, যোগাযোগ আৰু  সাংবাদিকতা  বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ।

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...