Tuesday 13 December 2022

মিনি ইণ্ডিয়া পৰিচিত ধাৰাবাহিক খন

 চন ২০০৮ ৰ ২৮ জুলাই । ভাৰ তীয়  ধাৰাবাহিক  জগতত আত্ম প্ৰকাশ ঘটিছিল এখন হাস্য ৰসিক, সমাজ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত এখন ধাৰাবাহিক  ৰ  যাৰ নাম "তাৰক মেহতা কা উল্টা চশমা " ।  প্ৰত্যেক গৰাকী ভাৰতীয় ৰ ঘৰত এজন হলেও এইখন ধাৰাবাহিক ৰ প্ৰেমিক বন্ধু বিচাৰি পোৱা যাব । কাৰণ এটাই  , মানুহক সাঙুৰি কেনেকৈ সমাজ জীৱনত আগুৱাই যাব লাগে তথা হাস্য ৰস ৰ ভৰপূৰ আনন্দ ইয়াত পোৱা যায়  । ধাৰাবাহিক খনৰ  অন্যতম মূল ব্যক্তি আছিল তথা কাহিনী বিখ্যাত লেখক ' তাৰক মেহতা ' আৰু তেওঁৰ   বিখ্যাত কাহিনী  "দুনীয়া নে উন্ধা চশমা" ৰ উপৰত ভিত্তি কৰি উক্ত ধাৰাবাহিক খন নিৰ্মাণ কৰা হৈছে ।  নৱম শ্ৰেণীৰ পৰাই তাৰক মেহতা ৰ  নামত  উন্মদ আছিলোঁ  । ৰাতি ৮ ৩০ বজাৰ লগে লগে ঘৰৰ পৰিয়াল ৰ সকলোৰে গত তত নাইকিয়া হয় । কাৰণ এটাই ছনী ছব চেনেল ত তাৰক মেহতা আৰম্ভ হব । তেতিয়াৰ সেই দিন আজিও অব্যাহত আছে সকলোৰে বাবে মোৰ পৰিয়ালত । 


                     গকুলধাম ছছাইটি ,গোৰেগাওঁ, পাওদাৰ গলি , ফিল্ম চিটি ৰোড । মিনি ইণ্ডিয়া ইয়াত অৱস্থিত । মুম্বাই চহৰক কেন্দ্ৰ কৰি গোটেইবোৰ কাহিনী তথা দৃশ্য দেখুওৱা হয় ধাৰাবাহিকখনৰ । আব্দুল ৰ "অল ইন ওৱান জেনেৰেল স্তৰ  " ৰ পৰা আৰম্ভ হৈ মোহন লাল ৰ ফ্লেট ত সমাপ্তি ঘটে ধাৰাবাহিক খনৰ কাহিনীৰ  ।" টপু সেনা" ৰ ধেমালি ত আৰম্ভ হৈ  ভিড়ে আৰু জেঠালাল ৰ সংঘাত ত  সমাপ্তি ঘটে দিনটোৰ । যেন গকুলধাম ছছাইটি নহয় প্ৰব্লেমেটিক ছছাইটি বুলিব পাৰি ।


                    ধাৰাবাহিক খনৰ মুখ্য নায়ক জেঠা লাল । এজন সাধাৰণ ইলেকট্ৰনিকছ ৰ বেপাৰী । যিজন ব্যক্তি পৃথিৱী ৰ  সমস্ত সমস্যা ৰ এক মাত্ৰ কেন্দ্ৰস্থল । গুজৰাটী বেকগ্ৰাউণ্ড ৰ এই টো পৰিয়াল ক কেন্দ্ৰ কৰিয়ে ধাৰাবাহিক খন আজিও জনপ্ৰিয় তাৰ শীৰ্ষত । চম্পক লাল  তেওঁৰ পিতৃ । এজন আদৰ্শবাদী গান্ধীবাদী ভাৱধাৰাৰ লোক । বোৱাৰী দয়া  আৰু নাতি টপু ৰ সৈতে এটা ধুনীয়া জীৱন ৰ অংশীদাৰ ।   তাৰক মেহতা আৰু অঞ্জলি মেহতা হল  জেঠালাল ৰ ঘনিষ্ঠ । তাৰক মেহতা  জেঠালাল ৰ ফাইৰ ব্ৰিগেড , পৰম মিত্ৰ । পেচাত লিখক মেহতাই এজন আদৰ্শ বন্ধু ৰ চৰিত্ৰ খুব ধুনীয়াকৈ পালন কৰিছে ।



  ধাৰাবাহিক খনত অন্য চৰিত্ৰ ভিতৰত বিজ্ঞানী  কৃষ্ণান আয়াৰ আৰু মডেলিং বাবে সদায় সাজু তেওঁৰ পত্নী ববিতা , পেছাত শিক্ষক আত্মাৰাম টোকাৰাম ভিড়ে  আৰু পৰিয়াল , খাই আৰু আনক খোৱাই ভালপোৱা হাঠী , উৎসাহী পাঞ্জাৱী সোধী , বয়সৰ প্ৰতি লক্ষ্য নকৰি নিজৰ ছাতিক সাৰথি কৰি আগুৱাই যোৱা সাংবাদিক পপটলাল , বাঘা , নট্টো কাকা , বাউৰী , মগন য়েও নিজৰ চৰিত্ৰ বাস্তৱিক ভাবে পালন কৰিছে । সময়ে সময়ে  জেঠালাল ক সমস্যাত পেলোৱা সুন্দৰলাল ও ইয়াৰ ভিতৰত অন্যতম । 


                     এটা জনপ্ৰিয় অনুষ্ঠান ত  ধাৰাবাহিক খনৰ পৰিচালক আছিত কুমাৰ মোদী এ কৈছিল " দিলীপ যোশী অৰ্থাৎ  জেঠালাল এ আছিল ধাৰাবাহিক খনৰ আৰম্ভণিৰ অপেনিং বেটছ মেন, অপেণিং বলাৰ , অধিনায়ক তথা উইকেট কিপাৰ । জেঠালাল বৰ্তমানলৈ অদ্বিতীয় চৰিত্ৰ । "মেইনে প্যাৰ কিয়া " চলচিত্ৰ ৰে অভিনয় জীৱনৰ পাতনি মেলা ব্যক্তিজন  এতিয়া সমগ্ৰ ভাৰত বাসীৰ মাজৰ হৃদয়ত স্থান অধিকাৰ কৰি আছে ।

                    

             সাধাৰণতে দেখা যায় যে  সেই জনেহে বা সেই ধাৰাবাহিক খনেহে  পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় যিযে মানুহৰ মনত এক ধৰণৰ আনন্দ , সুখ, হাঁহি কান্দোন ৰ সংমিশ্ৰিত ভাৱ জগাই তুলিব পাৰে । তাৰ অন্যতম হল উক্ত ধাৰাবাহিক খন । এতিয়ালৈ সকলোতকৈ বেছি হাস্য ৰসিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । অলপতে  এই  ধাৰাবাহিক ৰ এনিমেছন আৰম্ভ  হৈছে  । বৰ্তমান সময়ত বহু কেইটা চৰিত্ৰ সলনি কৰা হৈছে বা এৰি গুচি গৈছে । তাৰ বাবে যেন ধাৰাবাহিক খনৰ কিছু হলেও জনপ্ৰিয়তা কমা দেখা গৈছে । 


        আব্দুল ৰ দোকানৰ পৰা আৰম্ভ কৰি গোটেইকেইটা চৰিত্ৰ এ নিজৰ নিজৰ চৰিত্ৰ খুব সাৱলীল ভাৱে ৰূপায়ন কৰিছে । সমূহ ভাৰতীয়ৰ মনত তথা নিজৰ বাস্তব জীৱনত প্ৰভাব পেলাব সক্ষম হোৱা ছিৰিয়েল খনে জনপ্ৰিয়তাৰ শীৰ্ষত প্ৰবেশ কৰিছে  । 


      ৰাহুল দত্ত , যোগাযোগ আৰু সাংবাদিকতা বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...