Wednesday 7 December 2022

পৰ্য্যটন আৰু কিছু অনুভৱ

 পৰ্য্যটন আৰু কিছু অনুভৱ


 "অসম আমাৰ ৰূপহী, গুনৰো নাই শেষ ,

 ভাৰতৰে পূৰ্ব দিশত সূৰ্য্য উঠা দেশ"।

  সঁচাকৈ,  আমাৰ অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন মনোৰম ৰাজ্য । বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ মিলনভূমি আমাৰ ৰাজ্যখন সকলো ফালৰ পৰাই চকুত লগা । বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠা আমাৰ সাংস্কৃতিক পথাৰখনত অন্য এক মাদকতা আনি দিছে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমূহে। 

 


  পৃথিৱী বিখ্যাত এশিঙীয়া গঁড় অসমৰ এক জাতীয় সম্পদ। যাৰ বাবেই কাজিৰঙা অভয়াৰণ্য বিশ্ববাসীৰ পৰিচিত । অতীতৰ আহোম ৰাজত্বকালৰ বহু আপুৰুগীয়া সম্পদ আমাৰ ৰাজ্যখনৰ বিভিন্ন ঠাইত এতিয়াও বিৰাজমান ।  ৰংঘৰ, কাৰেংঘৰ , তলাতলঘৰ আদিৰ উপৰিও জয়দৌল, শিৱদৌল আদিৰ লগতে সেইসময়ৰ এনে বহু মঠ-মন্দিৰ আছে, যিবোৰ সঁচাকৈ চাবলগীয়া। 

    ইয়াৰোপৰি বৰপেটাৰ কাঁহ শিল্প, শুৱালকুচিৰ বস্ত্ৰ শিল্প আৰু মাজুলীৰ সত্ৰসমূহৰ লগতে এনে কিছু সম্পদ আছে, যি সমূহে আমাৰ ৰাজ্যখনৰ বহু বাৰ্তা কঢ়িয়াই লৈ ফুৰিছে। এইবিলাকে নিশ্চয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু এনে থলুৱা সম্পদবিলাকে ৰাজ্যখনৰ এক সুকীয়া পৰিচয় দাঙি ধৰাত অৰিহণা যোগাইছে। 

   তৎসত্বেও আমাৰ ৰাজ্যখন এতিয়াও পৰ্য্যটকৰ বাবে আকৰ্ষণীয় কৰি তুলিব পৰা নাই। ভাৰতবৰ্ষৰ চেন্নাই, মুম্বাই, উৰিষ্যা আদি ৰাজ্যলৈ যেনেকৈ পৰ্য্যটকৰ সোঁত বয় ভাৱিলে আচৰিত লাগে। অন্য নালাগে সেইয়া গোৱা, চিকিম আদিৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ আদি সৰু সৰু ৰাজ্যবোৰে যেনেকৈ পৰ্য্যটকক আকৰ্ষণ কৰিব পাৰিছে, আমি তেনেকৈ পৰা নাই বুলি কলেও হয়তো বেয়া কোৱা নহব । পৰ্য্যটনৰ নামত এটা বিভাগ থকাৰ লগতে চৰকাৰৰ মন্ত্ৰী পৰ্যায়তো এটা দপ্তৰ থকাৰ পিছতো আমি কিন্তু এইক্ষেত্ৰত আগবাঢ়িব পৰা নাই বা চকুত লগা একো নতুনত্ব আনিব পৰা নাই । পৰ্য্যটনৰ নামত খৰছ কৰা টকাবোৰ আচলতে কলৈ যায়, সেইয়াহে ভাবিৱলগীয়া । কেৱল নামী-দামী চিত্ৰতাৰকাৰে চকুত লগা বিজ্ঞাপন আৰু উন্নয়নৰ নামত হিতাধিকাৰী সৃষ্টি কৰিলেই এখন ৰাজ্য উন্নত নহয়, দুৰদৃষ্টিসম্পন্ন চিন্তাধাৰা , পৰিকল্পিত আঁচনি আৰু বিজ্ঞানসন্মত দীর্ঘম্যাদী ব্যবস্থা অবিহনে ই কেতিয়াও বাস্তৱায়িত নহয় । 

   সেয়ে চৰকাৰ আৰু পৰ্য্যটন বিভাগটোক আহ্বান জনাওঁ বিভাগটোৰ প্ৰতি দায়িত্বসহকাৰে কাৰ্য্য সম্পাদন কৰি ৰাজ্যখনৰ থলুৱা সম্পদসমূহক বিশ্বত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত পৰ্য্যটকক আকৰ্ষণ কৰিব পৰাকৈ কিবা কিছু কৰি দেখুৱাওঁক। এখন ৰাজ্যৰ পৰ্য্যটনৰ উন্নতি মানে ব্যৱসায় বাণিজ্যৰ উন্নতি হোৱা, যাৰ ফলত ৰাজ্যৰ কৰ্মসংস্থাপনহীন বহুলোক উপকৃত হোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কিছু হ'লেও বৰঙণি আগবঢ়োৱা হব যেন অনুমান হয় । 


             ঋত্বিজ ঠাকুৰ

    যোগাযোগ আৰু সাংবাদিকতা বিভাগ।

1 comment:

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...