Saturday 10 December 2022

মেড ইন নলবাৰী' - এক জীৱনমুখী যাত্ৰা


এটা সময় আহি পৰিছিলহি যেতিয়া অসমীয়া চিনেমাৰ দিন ভাল নাছিল । কিন্তু শেহতীয়াকৈ যোৱা এবছৰ মানৰ পৰা মুক্তি পোৱা কিছু অসমীয়া চিনেমাই মানুহৰ মনত অসমীয়া ছবি জগতৰ ভাল দিনৰ আশাৰ ৰেঙনি জগাইছে ।

শেহতীয়াকৈ ২ ডিচেম্বৰত মুক্তি পোৱা অসমীয়া চিনেমা 'মেড ইন নলবাৰী' চালো । চিনেমাখন চাই ইমানেই ভাল লাগিল যে চিনেমাখনৰ কথা নিলিখাকৈ থাকিব নোৱাৰিলোঁ । অকল চিনেমা বুলি কলেই ভুল হ'ব ; চিনেমাখন যেন এক জীয়া কাহিনী। সুখ-দুখ, খুহুতীয়া যেন লগা সৰল কথাবোৰে, নিভাঁজ সংলাপবোৰে, কাহিনী ভাগত থকা সহজ সৰল চৰিত্ৰ কেইটাই যেন চিনেমাখনত প্ৰাণ ঢালি দিছে।


কাহিনীটো আৰম্ভ হয় মাজুলীৰ পৰা গুৱাহাটীলৈ হোৱা যাত্ৰা এটাৰ পৰা। বিভাস নামৰ প্ৰথম চৰিত্ৰটো যি পেছাত এজন ফটোগ্ৰাফাৰ আৰু তেওঁৰ কৰ্মসূত্ৰে মাজুলীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া হোৱাত তেখেতে লগ পায় জিন্টু নামৰ দ্বিতীয় চৰিত্ৰটোক যি এজন ড্ৰাইভাৰ। তেনেকৈ আৰম্ভ হয় তেওঁলোকৰ গুৱাহাটী অভিমুখী যাত্ৰা আৰু মাজ বাটতে তেওঁলোকে লগ পায় কাহিনীটোৰ অন্যতম তথা তৃতীয় চৰিত্ৰ অনিৰ্বাণক, যি এজন কবি আৰু বয়সত তেওঁলোক দুজনতকৈ ডাঙৰ। কাহিনীটো প্ৰথম খুহুতীয়া ভাৱে আৰম্ভ হয় য'ত চৰিত্ৰ কেইটাই এটাই আনটোক ইতিকিং কৰা, খং উঠোৱা আদিৰ পৰা আৰম্ভ কৰি  জীৱনৰ সৰু সুৰা কথাবোৰ এটাই আনটোৰ লগত আদান প্ৰদান কৰে । যিমানেই কাহিনীটো শেষলৈ আগবাঢ়ি যায় সিমানেই কাহিনীটো গভীৰ আৰু আমোদজনক হৈ পৰে ; চৰিত্ৰ কেইটাৰ জীৱনৰ অভিজ্ঞতাবোৰে আমাক বাস্তৱ জীৱনৰ বিভিন্ন সময়ৰ আভাস দিয়ে। অনিৰ্বাণৰ সহজ সৰল অথচ অৰ্থপূৰ্ণ সংলাপবোৰে তত্বগধুৰ জীৱনৰ ছবি প্ৰতিফলিত কৰিছে । 

কাহিনীটোত থকা অনিৰ্বাণ চৰিত্ৰটোৰ "সম্বন্ধবোৰ ভালে নাথাকে, ভালকৈ ৰাখিব লাগে" আৰু  "তুমি যি বাটেৰে দৌৰি আছা, মই সেই বাটেৰে ফুল বুটলি আছো" সংলাপ দুটাই মোৰ মনত বাৰুকৈয়ে প্ৰভাৱ পেলালে যিয়ে জীৱনটোত টকা-পইচা, নাম সন্মানৰ পিছত দ্ৰুতগতিত দৌৰি থকা আমাক এখন্তেক ৰৈ জীৱনটো উদাযাপন কৰিবলৈ তথা আমাৰ আশে পাশে জড়িত হৈ থকা মানুহবোৰৰ প্ৰতি আমাক কৃতজ্ঞ হবলৈ শিকায় ।

চিনেমাখনৰ কাৰিকৰী দিশটোও শলাগীবলগীয়া, চিনেমাৰ অভিনয়, শব্দ, সংগীতৰ ব্যৱহাৰ আৰু কেমেৰাৰ দৃশ্যগ্ৰহণ অতি উন্নত মানদণ্ডৰ।

ছবিগৃহত চিনেমাখন চাবলৈ গৈ দিয়া প্ৰায় দুঘন্টা সময় এবাৰো অথলে যোৱা যেন  নালাগিল । এনেকুৱা ভাল আৰু ধুনীয়া অসমীয়া চিনেমাৰ চৰ্চ্চা হ'ব লাগে। মানুহে এনেকুৱা চিনেমা চাব লাগে ; জীৱনটোক ইমান ধুনীয়াকৈ অথচ বাস্তৱিক ৰূপত চিনেমা হিচাপত আমাক উপহাৰ দিয়া বাবে চিনেমাখনৰ নিৰ্মাতাসকলৰ চেষ্টা আৰু কষ্ট সচাকৈ প্ৰশংসাৰ যোগ্য।




নয়ন নিৰ্বান দাস

যোগাযোগ আৰু সাংবাদিকতা বিভাগ

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...