Wednesday 7 December 2022

সোণালী সপোনবোৰ ভঁৰাললৈ

 


এই সময় প্ৰকৃতিয়ে শীতৰ কোলাত  মুখ গুঁজি শান্তিৰ টোপনি মৰাৰ, যেন বছৰৰ সকলো দুখ- ভাগৰ সামৰি নিটাল মাৰিব নিদ্ৰাত বসুন্ধৰা। আকৌ নীল আকাশ ভেদি দূৰ দিগন্তৰ পৰা মেলা পাতিবলৈ এইয়া পৰিভ্ৰমী পক্ষীৰ আগমনৰ সময়। আৰু এই সময় অসমৰ কৃষকসকলৰ সপোনবোৰ সোণালী হৈ মৃদু চেঁচা বতাহৰ স'তে নাচি গীত গোৱাৰ।
হয় এই সময় খেতিয়ক সকলৰ, যিয়ে কপালৰ ঘাম মাটিত পেলাই সোণগুটি সিঁচিছিল তাৰে এতিয়া ফল অহংকাৰ কৰি নাচি উঠিছে পথাৰে- পথাৰে । অসমৰ ৮৫ শতাংশ লোক গ্ৰাম্যাঞ্চলৰ বাসিন্দা আৰু তাৰে পৰা ৭০ শতাংশ লোকৰ জীৱন নিৰ্ভৰশীল কৃষিৰ ওপৰত। এই খেতিয়ক সকলক লৈ কত কিমান যে কাহিনী। গাঁৱলীয়া চহা জীৱনৰ ছবিবোৰে প্ৰতিজন প্ৰকৃতিপ্ৰেমিক যে আকৰ্ষণ কৰে সেয়া একেবাৰে ধুৰূপ। চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি থকা গঞাসকলে বিহু গীতত প্ৰকাশ কৰে নিজৰ গাঁৱলীয়া জীৱনৰ সহজ - সৰল জীৱন প্ৰণালীৰ কথা -
" আমি গাঁৱলীয়া ঘোপ মৰা 
এন্ধাৰ ৰাতি
গেলা ডাৱৰীয়া পিছল বাট
য'তে শুনো ঢোলৰ মাত
য'তে শুনো পেঁপাৰ মাত
গুৰু- গোঁসাই নাথাকে গাত"
সঁচাকৈয়ে, বিহুগীত তথা লোকসংগীত হৈছে এই লোকসকলৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ, যাৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি মনৰ প্ৰতিটো আৱেগ- অনুভূতি ।
 সৰল মনৰ এই খেতিয়কসকলৰ কৃষি কাৰ্য আৰম্ভ হয় ব'হাগ মাহৰে পৰা, যেতিয়া গৰু গা ধুৱাই সাজু কৰা হয় পথাৰ শস্য শ্যামলা কৰিবলৈ । বিহু গীতৰ তালে- তালে নাঙলৰ ফালে ভেদি যায় বসুমতীৰ বুকু আৰু হাতত কঠিয়া লৈ  ডেকা গাভৰু নামি পৰে পথাৰত । আৰু তাতে সোমাই থাকে অনাবিল আনন্দ, য'ত ভুঁই ৰোৱা গাভৰু জাকৰ হাঁহিত প্ৰকৃতিও  প্ৰাণ চঞ্চলা হৈ পৰে । সেই সেউজীয়া সপোনে সময়ৰ বাট বাই সোণালী আভাৰে জিলিকি উঠে চৌদিশে আৰু হালি- জালি, হাঁহি- হাঁহি সঁহাৰি জনাই কৃষকৰ মনৰ প্ৰতিটো কথাৰ, আশাৰ। আৰু এতিয়া এই কথোপকথনৰে সময়, বুকু উজাৰি বিহুগীতৰ কলি আওৰাই পথাৰত দাৱনি। দূৰৰ পৰা হাতত বিৰিয়া লৈ ধান আনিব যোৱা  চেনায়ে সেয়া শুনি  প্ৰত্যুত্তৰ দিব বিহুগীতেৰে আকৌ দাৱনীৰূপী তেওঁৰ চেনেহীজনীক -
" পকা ধান পথাৰত
অ' ভণিটী ৰহেদৈ
ধানে দাই আছিলা
হাততে কাঁচি খন লৈ
মইনো গৈ ওলালো
হাততে বিৰিয়াখন লৈ
জুমি- জুমি চালা
বিৰিণাৰ আঁৰতে ৰৈ"

বিহুগীতৰ মিঠা সুৰত, দাৱনীৰ কোমল হাতৰ পৰশত ধাননিয়েও যেন  পাহৰি যায় কাঁচিৰ কঠোৰ আঘাত। শীতৰ কুঁৱলীত শুই পৰা ধাননি আকৌ নাচি উঠে ৰ'দৰ পৰশত আৰু প্ৰতিবাৰে লক্ষ্য প্ৰাপ্তি হেপাঁহত মৰা  খেতিয়কৰ হাঁহিৰ প্ৰতি সঁহাৰি জনাই  মূৰ দুপিয়াই অভিনন্দন জনাই। গধূলি ঘৰমুৱা পক্ষীৰ গীতৰ লহৰত নাচি- নাচি সোণগুটি  পায়হি গৃহস্থৰ পদূলি, য'ত ধূপ বন্তিৰে আদৰণি জনায় নতুন আলহীক আৰু খালী হৈ থকা ভঁৰাল পূৰ কৰি কৃষকৰ বুকু ভৰাই তোলে এই সোণগুটি বোৰে। হয় এইয়া সময় সোণগুটি খেতিয়কৰ সোণালী সপোন হৈ ভঁৰাল  সোমোৱা । যিয়ে আকৌ এবাৰ গঞা ৰাইজলৈ লৈ আহে ভোগৰ বতৰা।


অৰূপ জ্যোতি দাস
প্ৰথম ষান্মাসিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়



No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...