Wednesday 30 November 2016

বৈজ্ঞানিক যুগত অন্ধবিশ্বাস

সততে আমি চিঞৰি থাকো যে আমি বৈজ্ঞানিক যুগৰ আধুনিক নাগৰিক । বিজ্ঞানৰ ন ন সৃষ্টিত আৰম্ভ হয় আমাৰ জীৱনৰ গতিধাৰা । কবলৈ গলে বিজ্ঞানৰ এই সৃষ্টিবোৰৰ অবিহনে স্তব্ধ হৈ পৰিব আমাৰ জীৱনযাত্ৰা । বিজ্ঞানৰ এই সৃষ্টিবোৰ আমি সকলোৱে আকোৱালি লৈছো সঁচা কিন্তু প্ৰকৃতাৰ্থত আমাৰ মাজৰ কিমান সংখ্যক লোকে বৈজ্ঞানিক মানসিকতাক আকোৱালি লৈছে সেইটোহে সবাতোকৈ গুৰুত্বপূৰ্ণ । কিয়নো আমাৰ সমাজত অন্ধবিশ্বাসৰ নামত সংঘটিত হবলৈ ধৰা কিছুমান বৰ্বৰ ঘটনাই আচলতে ভবাই তুলিছে আমি সচাঁকৈয়ে বৈজ্ঞানিক যুগৰ আধুনিক নাগৰিক নে? 
আমি প্ৰায়েই অন্ধবিশ্বাসৰ নামত সংঘটিত ঘটনাবোৰৰ বাবে অশিক্ষিত লোকসকলকে জগৰীয়া বুলি কওঁ যদিও বহু সময়ত দেখিবলৈ পোৱা যায় যে বহু উচ্চ শিক্ষিত লোকসকলো অন্ধবিশ্বাসত বিশ্বাসী । সাধাৰণ লোকৰ দৰেই বহু শিক্ষিত লোককো দেখিবলৈ পোৱা যায় ভিন্ন ৰঙী পাথৰৰ ব্যৱহাৰ কৰা আৰু এই সম্পৰ্কত তেওঁলোকক সুধিলে কয় যে গ্ৰহৰ দোষ খণ্ডন কৰিবলৈ বা দিন বেয়া চলিছে সেয়েহে ভাল হবলৈহে এনেধৰণৰ পাথৰৰ ব্যৱহাৰ । এনে কথা শুনিলে মনত ভাব হয় যদি পাথৰেৰে ভাগ্য বা দিন সলনি কৰিব পৰা যায় তেন্তে সকলোৱে চোন পাথৰ ব্যৱহাৰ কৰিয়েই দিন ভাল কৰি লব পাৰে তেতিয়া সমাজত কাৰো একো সমস্যাই নাথাকিব । কিন্তু এনে নহয় । মৃত্যু জানো কোনোৱে পাথৰৰ দ্বাৰা ৰখাই থব পাৰিছে ? নিশ্চয় নাই , তেন্তে পাথৰ ব্যৱহাৰৰ দ্বাৰা কিদৰে দিন সলনি কৰা সম্ভৱ । এই কথাষাৰ সকলোৱে অনুধাৱন কৰাটো উচিত ।
যিসময়ত চিকিৎসা বিজ্ঞানৰ দ্ৰুত উন্নতি সেইসময়তে এতিয়াও একাংশ লোকে বেমাৰ হ'লে সহায় লয় বেজৰ , মানসিক ৰোগ হ'লে বিশ্বাস কৰে ভূত লম্ভা বুলিহে । এতিয়াও বহুলোকে জণ্ডিছ ৰোগ নহবলৈ পৰিধান কৰে মালা ।
এয়া কেৱল কোনো ভিতৰুৱা গাঁৱত সংঘটিত ঘটনা এনে নহয় চহৰ অঞ্চলটো এনেধাৰনাত বিশ্বাসী বহু লোক আছে । যদিওবা টিভি , ৰেডিঅ'ৰ দ্বাৰা বিভিন্ন সময়ত বিভিন্ন ৰোগ সম্পৰ্কে প্ৰায়েই বহু বিজ্ঞানসন্মত অনুষ্ঠান সম্প্ৰচাৰিত হয় তথাপিও যেন মানুহৰ এনেধাৰণা এতিয়াও সলনি হোৱা নাই । 
আকৌ অতীতকালত মানুহে চন্দ্ৰগ্ৰহণ , সূৰ্যগ্ৰহণ সম্পৰ্কত ভবাৰ দৰে নীতি নিয়মৰ মাজেৰে চলাৰ দৰে আজিও যেন বহু লোকেই তেনেকৈয়ে বিশ্বাস কৰে আৰু সেই সময়ছোৱাত নোখোৱাকৈ থাকে ইত্যাদি । যদিও বিজ্ঞানে প্ৰমাণ কৰিছে যে আচলতে এইবোৰ মহাজাগতিক পৰিঘটনাহে । যি সময়ত বিজ্ঞানে চন্দ্ৰক লৈ পৰীক্ষা চলাইছে , চন্দ্ৰলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰিছে । সেই একেসময়তে মানুহৰ  এনেধাৰণা সচাঁকৈয়ে চিন্তনীয় ।
  ধৰ্মীয় প্ৰথা আৰু পৰম্পৰাৰ নামত পূজাৰ সময়ত বা বিভিন্ন মঠ মন্দিৰত প্ৰায়েই বলি বিধান চলে । বিভিন্ন সময়ত সমাজৰ একাংশ সচেতন লোক আৰু প্ৰকৃতিপ্ৰেমীসকলে ইয়াৰ বিৰুদ্ধাচৰণ কৰি আহিছে । যদিও এই প্ৰথা চলিয়ে আছে । একাংশ লোকে দেৱ-দেৱীক সন্তুষ্ট কৰি আৰ্শীবাদ পাবলৈ সহায় লয় জীৱ-জন্তক বলীশালত দি । 
আচলতে এনেধৰণৰ অন্ধবিশ্বাসৰ পৰাই বৰ্তমান সময়ত অন্ধবিশ্বাসৰ শিপাডাল বাঢ়িবলৈ ধৰিছে আৰু ই এনে এক চৰম পৰ্যায়ত উপনীত হৈছে যে নৰহত্যা কৰিবলৈও কুন্ঠাবোধ নকৰা হৈছে একাংশই অন্ধবিশ্বাসৰ নামত । এইক্ষেত্ৰত শেহতীয়াকৈ অসমত মোৱাইল ফোন বিচাৰি এজন কালী সাধকে সংঘটিত কৰা নৰহত্যাৰ কথা কব পাৰি । যি সময়ত বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা জি.পি.এছ ব্যৱহাৰ কৰি হেৰুৱা মোবাইল ফোন বিচাৰি উলিয়াব পাৰি সেই একে সময়তে অসমত সংঘটিত হ'ল নৰহত্যাৰ দৰে ঘটনা । এয়াই যে প্ৰথম তেনে নহয় বহু সময়ত অসমত অন্ধবিশ্বাসৰ নামত এনেধৰণৰ বহু গাৰ নোম শিহৰি উঠা ঘটনা সংঘটিত হৈ আহিছে যদিও এইবোৰ বন্ধ কৰাৰ বাবে এতিয়াও উচিত পদক্ষেপ লোৱা নাই ।
সমাজখনক আকৌ কলংকিত কৰাৰ আগতেই সময় আহি পৰিছে এইবোৰ ইয়াতেই ৰোধ কৰাটো আৰু ইয়াৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাটো অতিকে দৰকাৰ । আৰু এইক্ষেত্ৰত সংবাদ মাধ্যম আৰু সমাজৰ শিক্ষিতচামৰ এক উল্লেখনীয় ভুমিকা আছে । কিন্তু অতি লক্ষণীয়ভাৱে যেতিয়া সমাজৰ একাংশ উচ্চশিক্ষিতলোকেই অন্ধবিশ্বাসত বিশ্বাসী হয় তেন্তে এই ইয়াক গুৰিৰ পৰা কেনেকৈ উভালিব পাৰি সেয়াহে ভাবিবলগীয়া , কিয়নো কথাতে কয় নহয় যে টোপনি গৈ থকা মানুহক জগাবলৈ ভাল কিন্তু টোপনিৰ ভাও ধৰি থকা লোকসকলক জগোৱাটোহে কঠিন ।
সেয়েহে শেষত কওঁ যে আমি সকলোৱে অন্ধবিশ্বাসৰ পৰা আতঁৰি বৈজ্ঞানিক মানসিকতাৰে চলা উচিত। তেতিয়াহে সমাজৰ পৰা এইবোৰ আতঁৰ কৰা সম্ভৱ হব । 
পিংকী ঠাকুৰীয়া

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...