কিতাপ পঢ়াটো এক সুকীয়া নিচা। নাটক, চিনেমাত কৈ এখন উপন্যাসৰ কাহিনীয়ে আমাক দিব পাৰে বেছি পৰিমাণে কিতাপৰ সোৱাদ। কেনে কিতাপ পঢ়ো বুলি কবলৈ গ'লে উত্তৰ বিচাৰি কিছু অসুবিধাৰ সন্মুখীন হবলগীয়া হয়। সচৰাচৰ তথ্য সমৃদ্ধ কিতাপ আমাৰ বাবে অধিক প্ৰয়োজনীয় বুলি মানুহে ক'ব খোজে, কিন্তু প্ৰতিটো সময়তে মানুহে তথ্য সংগ্ৰহৰ বাবে কিতাপ নপঢ়ে। উচ্চ প্ৰযুক্তি সমৃদ্ধ ম'বাইল জাতীয় সামগ্ৰীৰ প্ৰতি অভ্যস্ত হোৱাৰ পূৰ্বে মানুহে অন্য এক জগতত বিচৰণ কৰাৰ মাদকতা প্ৰদান কৰিছিল। বৰ্তমান সময়তো বহু পাঠকে নিজৰ ব্যক্তিগত জীৱনত কিতাপ পঢ়াতো এক নিয়মৰ দৰে পালন কৰি আহিছে। কিতাপ পঢ়া মানুহে কেতিয়াও নিসংগ অনুভৱ নকৰে। সেয়েহে বহু পণ্ডিত সকলে কিতাপক মানুহৰ আটাইতকৈ ডাঙৰ বন্ধু বুলিও অভিহিত কৰিছে।
সাধাৰণ পাঠক হিচাপে কবলৈ গলে যি কিতাপৰ কাহিনীয়ে এটা সময়ক উপস্থাপন কৰি সেই সময়ৰ এক কাল্পনিক দৃশ্য মনোজগতত উদ্ভাসিত কৰিব পাৰে তেনে কিতাপৰ প্ৰতি মই অধিক আকৃষ্ট হওঁ। সেইয়া লাগিলে উপন্যাসেই হওঁক, ৰাজনৈতিক উত্থান পতনৰ বিৱৰণেই হওঁক বা বুৰঞ্জীমূলক ব্যাখ্যাই হওঁক। এটা নিৰ্দিষ্ট সময়ক কেন্দ্ৰ কৰি চকুৰে নেদেখা ঠাইৰ পুংখানুপুংখ বিৱৰণে সদায়ে কিতাপৰ প্ৰতি মোৰ আকৰ্ষণ বৃদ্ধি কৰি আহিছে। কিতাপ পঢ়ি ভালপোৱা অসমীয়া মানুহৰ মনোজগতত বিচৰণ কৰা এখন কালজয়ী গ্ৰন্থ হৈছে, "অসীমত যাৰ হেৰাল সীমা" এজন সাধাৰণ পাঠক হিচাপে উপন্যাসখনৰ ৰোমাঞ্চকৰ কাহিনীয়ে আমাৰ আকৰ্ষণ বঢ়াই তোলে। কিন্তু ভালকৈ অধ্যয়ন কৰিলে বুজা যায় যে কাহিনীৰ লগতে এক তথ্য সমৃদ্ধ পদ্ধতিৰে এৰি অহা এটা যুগৰ জীৱন প্ৰণালীক লেখকে অতি সুক্ষ্ম দৃষ্টিৰে অধ্যয়ন কৰি পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কাল্পনিক যদিও বুৰঞ্জীৰ ঠাঁচ থকা যুদ্ধ - প্ৰণালী, ৰণ -কৌশল, নগৰ প্ৰণালী, ৰাজনীতি, প্ৰেম আদিৰ এক অনবদ্য মিশ্ৰণ উপন্যাসখনত দেখিবলৈ পোৱা যায়। স্বাধীন অসমৰ স্বপ্নৰ বাবে চলা বিদ্ৰোহ, স্বাধীনোত্তৰ অসমৰ ৰাজনৈতিক, পৰিস্হিতি আদিক লৈ ৰচিত 'চাংলট ফেননা' নিৰ্যাতিত বড়ো মহিলাৰ জীৱনক লৈ ৰচিত, "সিহঁত" আদি উপন্যাসৰ লগতে 'অগ্নিৰ ডেউকা' "আধা লিখা দস্তাবেজ '' "মোৰো এটা সপোন আছিল'' আদি আত্মজীৱনীমূলক গ্ৰন্থও পাঠকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আহোম বুৰঞ্জী পটভূমিত ৰচিত 'ভানুমতি' 'পাটকাইৰ সিপাৰে মোৰ দেশ' আদি বুৰঞ্জীমূলক উপন্যাসেও পাঠক সমাজৰ মাজত বিপুল সমাদৃত।
এখন কিতাপৰ ভিতৰুৱা বৰ্ণনা কি সেইয়া গুৰুত্বপূৰ্ণ নহয়। সেই বৰ্ণনাই পাঠকক কিতাপখনৰ জৰিয়তে লেখকে দিব খোজা বাৰ্তা বা তথ্য পাঠকে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে নে নাই সেইয়াই গুৰুত্বপূৰ্ণ। কিতাপ মানে কেৱল তথ্যৰ সমাহাৰ নহয়। এনে হলে ছাত্ৰ - ছাত্ৰীৰ অথবা পাঠকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ লেখক সক্ষম হব নোৱাৰে। উৎকৃষ্ট লিখন পদ্ধতিৰে আকৰ্ষণীয় কাহিনী বা বিশ্লেষণৰ জৰিয়তেহে প্ৰয়োজনীয় তথ্য সমৃদ্ধ পাঠকৰ বাবে খোদিত কৰিব পাৰে।
কিতাপৰ প্ৰতি পাঠক হিচাপে মই সদায় আকৃষ্ট হওঁ, তেনেকৈয়ে বহু লেখকৰ লেখনি পঢ়ি যথেষ্ট পৰিমাণে তথ্য পাবলৈও সক্ষম হৈছোঁ। মই ভাবো অধিকাংশ পাঠকে এইয়াই বিচাৰে। কিতাপ এখন অদৃশ্য দুৱাৰৰ দৰে, যি দুৱাৰ অতিক্ৰম কৰি পাঠকে লেখকৰ মনোজগতত বিচৰণ কৰি তেখেতৰ দৃষ্টিৰে এটা সময়ক, মানুহক, এখন ঠাইক অন্তদৃষ্টিৰে চাবলৈ সক্ষম হয়। নিজৰ লেখনিৰে পাঠকক সেই স্বাদৰ গৰাকী কৰিব পৰাটোহে প্ৰকৃতাৰ্থত এজন লেখকৰ বাবে প্ৰাপ্তিৰ সফল সংজ্ঞা।
+++++++++
সংগীতা বৰা
যোগাযোগ আৰু সাংবাদিকতা বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়
ভাল লাগিল পঢ়ি।
ReplyDeleteলিখনি খিনি পঢ়ি বৰ ভাল লাগিল।
ReplyDelete