Friday, 25 November 2022

লাম্পি: অসমৰ আটাইতকৈ ঠাণ্ডা গাঁওখন

 অসম-মেঘালয় সীমান্তৱৰ্তী, প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য্যৰে ভৰপূৰ, প্ৰতিটো ঋতুৰ মনোৰম আৰু স্বাস্থ্যকৰ জলবায়ুৰ অৱস্থিতিৰে এখন পাহাৰীয়া ঠাই হৈছে লাম্পি। লাম্পি অতীজৰে পৰা অসমৰ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও । 

এই ঠাইখনৰ এটা বিশেষত্ব হৈছে যে বছৰৰ বেছিভাগ সময় ইয়াৰ জলবায়ু শীতল অৱস্থাত থাকে; বিশেষকৈ জুন জুলাই মাহত এই ঠাইলৈ পৰ্যটকৰ আগমন ঘটে । এই ঠাইত বিশেষভাৱে খাচী, নেপালী, গাৰো সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰে। তেওঁলোকৰ প্ৰধান জীৱিকা হৈছে কৃষি । লাম্পিৰ মাটি খুবেই সাৰুৱা হোৱাৰ বাবে ইয়াত কৃষিজাত সামগ্ৰী উৎপাদন খুবেই ভাল ।



গ্ৰীষ্মকালত বৰষুণৰ বতৰত এই ঠাই অতিক্ৰম কৰাটো এডভেঞ্চাৰৰ দৰে হয় যদিও জুন জুলাই মাহত গ্ৰীষ্মৰ উৎকত গৰমৰ প্ৰায় ৰক্ষা পাবলৈ, আৰামদায়ক সময় কটাবলৈ পৰ্যটকে যাত্ৰা কৰে লাম্পিলৈ । চহৰ অঞ্চলৰ পৰা যথেষ্ট দূৰত কম জনবসতিপূৰ্ণ এই ঠাইখনৰ স্থানীয়লোকে যিকোনো লোকক সুন্দৰ খাদ্য-সম্ভাৰ পৰিৱেশনেৰে সন্তুষ্টি প্ৰদান কৰিব পাৰে ।

অৱশ্যে খোৱা বোৱাৰ ব্যৱস্থাৰ লগতে নিশাটো কটাই গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰাশি উপভোগ কৰাৰো যদি ব্যৱস্থা কৰিব পৰা যায়, তেন্তে স্থানীয় লোকৰ পথ মুকলি হোৱাৰ লগতে লাম্পি পৰ্যটনস্থলী হিচাপে অধিক জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে ।  

নামনি লাম্পিৰ পাহাৰীয়া টিলাত প্ৰতি সপ্তাহে বহা পুৰণি বজাৰত উজনি লাম্পিৰ পৰা বহুতো লোক সপ্তাহৰ বাবে প্ৰয়োজনীয় সা - সামগ্ৰী বজাৰ কৰিবলৈ আহে । এই বজাৰত দৈনন্দিন কাম কাজত লগা বিভিন্ন সামগ্ৰী পোৱা যায় ।



খুব কম জনসংখ্যাৰ বসতিস্থল লাম্পিত আছে প্ৰকৃতিৰ অভূতপূৰ্ব সৌন্দৰ্য্যৰে সুশোভিত এটি জলপ্ৰপাত, যাৰ নাম  নীলগঙ্গা । মূলত খাচী, নেপালী আৰু গাৰো সম্প্ৰদায়ৰ বসতিস্থল লাম্পিৰ সৌন্দৰ্যবৰ্দ্ধন কৰি আহিছে এই নীলগঙ্গাই ।


চাৰিওফালৰ পৰা মেঘালয়ৰ সেউজীয়া পৰ্বতৰাশিয়ে আৱৰি ৰখা লাম্পিক পৰ্যটনস্থলী কৰাৰ ইমানবোৰ যে কাৰক আছে, যদিহে বিভাগীয় কৰ্তৃপক্ষই এই কথাষাৰ গুৰুত্বসহকাৰে গ্ৰহণ কৰে , তেন্তে ইয়াৰ থলুৱা লোকসকলৰ সংস্থাপন, শিক্ষা আৰু অৰ্থনৈতিক দিশৰ উন্নতিত যথেষ্ট সহায়ক হব । লগতে অসমৰ অন্যান্য পৰ্যটনস্থলীৰ দৰে প্ৰকৃতিৰ অনন্য সৌন্দৰ্য্যৰে ভৰপূৰ লাম্পিও হৈ পৰিব পৰ্যটকৰ আকৰ্ষণথলী । প্ৰতিজন পৰ্যটকক বাৰে বাৰে আহিবলৈ বাধ্য কৰিব ইয়াৰ মনোৰম জলবায়ু , পাহাৰৰ নান্দনিক দৃশ্য, জলপ্ৰপাত আৰু ইয়াৰ সহজ সৰল গাঁওবাসীয়ে ।

                                                       +++++++++++++++++++++++

দীক্ষামণি দাস

যোগাযোগ আৰু সাংবাদিকতা বিভাগ 

গুৱাহাটী বিশ্ববদ্যালয়

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...