অসমত নাট্যকলাৰ ইতিহাস সুপ্ৰাচীন আৰু ঐতিহ্যমণ্ডিত । আজিৰ পৰা প্ৰায় বহু বছৰ আগতে শ্ৰী মন্ত্ৰ শঙ্কৰদেৱে 'অংকীয়া নাট' ৰচনাৰে অসমীয়া নাট্য সাহিত্যৰ আৰম্ভণি কৰে।
লাহে লাহে সময় বাগৰাৰ লগে লগে নাট্যজগতত বহুল পৰিৱৰ্তন সাধন হয়। অসমত আৰম্ভ হয় ভ্ৰাম্যমাণ থিয়েটাৰ । অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অতি উজ্জ্বল নক্ষত্ৰ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ। এই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম পূৰ্বৰ পৰা প্ৰচলিত যাত্ৰা পাৰ্টিৰ বিকাশৰ ফলতেই হয় বুলি বহুতে কব খোজে।
ভ্ৰাম্যমাণ নাট্যদল হিচাপে পোনপ্ৰথমে ১৯৬৩ চনত নটৰাজ থিয়েটাৰ নামেৰে আত্মপ্ৰকাশ ঘটিছিল। এই নাট্যদলটি জন্মৰ আঁৰৰ মানুহজন আছিল অচ্যুৎ লহকৰ। এই নটৰাজ নাট্যদলটিৰ পিছলৈ অসমত আৰু বহু নাট্যদলৰ আৰম্ভণি হয়। নটৰাজ থিয়েটাৰৰ সমসাময়িক সুৰদেৱী থিয়েটাৰও অন্য এক আশাৰ ৰেঙনী কঢ়িয়াই আনে। ১৯৬৬ চনত এই নাট্যদলটিৰ আৰম্ভণি হয়।
ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ৰ প্ৰচেষ্টাত ১৯৭৬ চনত পাঠশালাত এক নতুন নাট্যদলৰ জন্ম হয় নাম কহিনুৰ থিয়েটাৰ। কহিনুৰ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী সকলৰ অভিনয় আছিল অতি উচ্চখাপৰ । তেওঁলোকৰ অভিনয় শৈলীয়ে কহিনুৰ থিয়েটাৰ তথা সমগ্ৰ ভ্ৰাম্যমাণ জগতলৈ এক নতুন দিগন্তৰ সূচনা কৰে বুলি কব পাৰি। সেইসময়ত কহিনুৰ থিয়েটাৰে কেইবাখনো অসমীয়া উপন্যাসক নাট্যৰূপ দিছিল । যি নাটকৰ দৰ্শকসকলক খুব আকৰ্ষিত কৰিছিল। কহিনুৰ থিয়েটাৰেই অসমৰ ভ্ৰাম্যমাণ জগতত প্ৰথমবাৰলৈ টেকনিক কাৰুকাৰ্যৰ প্ৰৱেশ ঘটাইছিল বুলি কব পাৰি।
বৰ্তমান সময়ত অসমত বহু ন পুৰণি নাট্যদল আছে , যি অসমীয়া সাংস্কৃতিক জগতখনলৈ অনৱদ্য অৱদান আগবঢ়াই আহিছে। বৰ্তমান অসমত প্ৰায় শতাধিক সৰু বৰ নাট্যদলৰ জন্ম হৈছে। যি নাট্যদল সমূহৰ লগত জড়িত হৈ প্ৰযোজক , নাট্যকাৰৰ পৰা আৰম্ভ কৰি কুৰীৰো অধিক অভিনেতা-অভিনেত্ৰী, বাদ্যযন্ত্ৰী,নৃত্য পৰিচালক, সাজসজ্জা, পোহৰ, শব্দ,প্ৰচাৰৰ লগত জড়িত লোক তথা একেবাৰে গাড়ী চলোৱা অথবা চাহ দিয়া মানুহজনলৈকে । এই নাট্যদল সমূহৰ অসমৰ বহু পৰিয়ালে দুবেলা দুসাজ সুখেৰে খাই আছে বুলি কব পাৰি।
এই নাট্যদলসমূহৰ নাটকসমূহে অসমৰ সমাজজগতলৈ বহুখিনি অৰিহণা আগবঢ়াই আহিছে। নাটসমূহত সমাজৰ ঘটনা - পৰিঘটনাবোৰে প্ৰাণ পাই উঠে।
উজনি পৰা নামনিলৈ, নামনিৰ পৰা উজনিলৈ নাট্যদলসমূহে জনপ্ৰিয় হয় যে এটা দিনতে প্ৰায় চাৰি-পাঁচটা পৰ্যন্ত দৰ্শনী অনুষ্ঠিত হয়। বৰ্তমান অসমৰ কিছু কিছু ভ্ৰাম্যমাণ থিয়েটাৰৰ নাম এনেধৰণৰ- কহিনুৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, আৰ্শীবাদ থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ, আৱাহন থিয়েটাৰ, শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ, চিত্ৰলেখা থিয়েটাৰ, ৰাজশ্ৰী থিয়েটাৰ ইত্যাদি ।
অসমৰ বিশিষ্ট সাহিত্যিক সকল যেনে ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটকো বহুকেইটা নাট্যদলে পৰিৱেশন কৰা পৰিলক্ষিত হয়। যিসমূহ অসমৰ ৰাইজৰ মাজত বহুলভাৱে জনপ্ৰিয়।
ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তাক কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ। কিন্তু বৰ্তমান সময়ত কিছু কিছু ভ্ৰাম্যমাণ থিয়েটাৰৰ দুই-এখন নাটক ইমানেই নিম্নখাপৰ হৈ পৰিছে যে সেই সমূহে অসমৰ সাংস্কৃতিক জগতখনক কলুষিত কৰিছে বুলি কলেও হয়তু বঢ়াই কোৱা নহব।
আজিকালিৰ ভ্ৰাম্যমাণ দলসমূহে নাটকৰ পৰিৱৰ্তে গ্লেমাৰ, আৰ্টিষ্ট ,টেকনিক আদিবোৰেহে বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয় । যদিও সময়ৰ আহ্বানত ইয়াৰ প্ৰয়োজনীয়তা আছে, তথাপিও অত্যাধিক যাক যমকতাই অসমৰ ভ্ৰাম্যমাণ জগতৰ পূৰ্বৰ ধাৰাটোক কিছু কিছু ক্ষেত্ৰত চেকা লগাইছে যেন হে অনুভৱ হয়।
প্ৰায় এটা বৰ্ষ কভিডৰ বাবে এই থিয়েটাৰ সমূহ বন্ধ হৈ আছিল ফলত থিয়েটাৰৰ লগত জড়িত সকলো মানুহৰে পানীত হাঁহ নচৰা অৱস্থা হৈছিল। সকলোৱে ভ্ৰাম্যমাণ থিয়েটাৰ এৰি অন্য বৃত্তিত নিয়োজিত হৈ পৰিছিল। কিন্তু পুনৰ এই বৰ্ষত পূৱৰ দৰে নাট প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে অসমৰ ভ্ৰাম্যমাণ দলসমূহে । এইবর্ষত পুনৰ সাৱলীল অভিনয়, জনপ্রিয় নাটক লৈ আগবাঢ়িছে ভ্ৰাম্যমাণ দলসমূহ। ইতিমধ্যে নলবাৰী ৰাস মহোৎসৱত ইয়াৰ প্ৰমাণ পোৱা গৈছে। দলসমূহৰ নাটকে সকলো দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰমাণ প্ৰায় দুপৰ নিশালৈ চলা কেইবাটাও দর্শনীয়েই প্ৰমাণ কৰে।
ভ্ৰাম্যমান থিয়েটাৰ সমূহে অসমৰ সাংস্কৃতিক, অৰ্থনৈতিক ক্ষেত্ৰখনলৈ বহুখিনি অৱদান আগবঢ়াই আহিছে।
শেষত কব পাৰি যে, ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এটা জাতীয় অনুষ্ঠান ৷ ভ্ৰাম্যমাণ থিয়েটাৰে অসমৰ নানা অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়াত আৰ্থিকভাৱে সহায় আগবঢ়াইছে৷ জাতীয় জীৱনৰ লগত সংপৃক্ত এই অনুষ্ঠানটো কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে বিৰল বুলি কব পাৰি। এই ভ্ৰাম্যমাণ থিয়েটাৰ ভৱিষ্যত দিনত পূৰ্বতকৈ ও অধিক সৱলভাৱে আগুৱাই যাব বুলি আমি আশাবাদী। তাৰ বাবে লাগিব প্ৰতিজন অসমীয়া মানুহৰ দায়বদ্ধতা তথা সহায়-সহযোগিতা ।
ঋত্বিজ ঠাকুৰ
যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
সুন্দৰ
ReplyDelete