Tuesday, 3 December 2019

এই সময়

       
একবিংশ শতিকা মানেই যান্ত্ৰিকতাৰ যুগ। সময়োচিত কর্মত সময়ৰ শৰ মাৰিব নোৱাৰিলে বহু পিছ পৰি যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ পৃথিৱীৰ প্ৰায় প্ৰত্যেক প্ৰান্ততে যেন আধুনিকতাৰ বীজে পোখা মেলি দোপতদোপে বৃদ্ধি হবলৈ ধৰিছে। ভাষা - সংস্কৃতিৰ দোপতদোপে উন্নতি হৈছে৷ শিক্ষা ব্যৱস্থা, চিকিৎসা বিজ্ঞান, যাতায়তৰ ব্যবস্থা, দেশৰ সুৰক্ষাৰ বাবে আবিষ্কাৰ কৰা শক্তিশালী সজুলি আদিৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে উন্নতি হৈছে৷ ইমানতে ক্ষান্ত নাথাকি মানুহে চন্দ্ৰ বা আন গ্ৰহ - উপগ্ৰহত নগৰ স্থাপনৰ সপোন দেখিছে। হয়তো সমাগত দিনবোৰত মানুহেই এই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ পাৰিব।গতিকে মানুহ যন্দ্রৰ উপাসক হৈ পৰিছে। বেছিভাগ মানুহেই সমাজ ব্যৱস্থাক সলনি কৰিব খোজে, সলনি কৰিব খোজে পৃথিৱীখনক। কিন্তু, মানুহে নিজক সলনি কৰিব খোজেনে? বুদ্ধিক সাৰথি হিচাপে বিসজ্রন দিছে। বৰ্তমান সময়ততে বেছিভাগ মানুহেই জীৱনৰ পবিত্ৰতাৰ অনুভূতি, সহানুভূতি আৰু সুখ লাভৰ প্রকৃত আনন্দ হেৰুৱাই পেলাইছে। কবলৈ গলে যান্ত্ৰিক সমাজৰ প্ৰকৃত ৰূপটো পকা কোৱা - হাতুৰীৰ নিচিনা, বাহিৰৰ ভাগ দেখাত অতিশয় পেলাব আৰু মনোহৰ, কিন্তু ভিতৰ ফাল কাউৰীৰ পাখিৰ দৰে কলা। 
            সংস্কৃতিৰ ক্ষেত্ৰটো বিভ্ৰান্তি পৰিস্হিতিৰ সৃষ্টি হৈছে। এচামে সংস্কৃতিক বিকৃত কৰিছে মুলত: বৰ্তমান সামাজিক দায়বদ্ধতাৰ প্ৰতি বহুত মানুহে আওকাণ কৰা হৈছে। আজি কুটীৰ শিল্প বুলিবলৈ অতি নগণ্য পৰিমাণৰ শিল্প ঠায়ে ঠায়ে বৰ্তি আছে। অসমৰ আন ঠাইৰ তুলনাত শুৱালকুছিৰ পাট - মুগাৰ বয়ন শিল্পই বিশ্বত সুকীয়া স্থান লাভ কৰিছে। এটা সময়ত কুটীৰ শিল্প অসমৰ পৰিচয় আছিল। বিশেষকৈ অসমৰ শিপিনী সকল আছিল 'ছাঁতে শোকোবা মুঠিতে লুকোৱা ' কাপোৰ ব'ব জনা অতি পাকৈত শিল্পী। তদুপৰি বাঁহ-বেতৰ সামগ্ৰী, কাঁহৰ বাচন - বৰ্তন,মৃৎ শিল্প আদিৰ ক্ষেত্ৰতো অসম আগবঢ়া আছিল। কিন্তু আজি আহি আহি এনে এক স্থলত উপনীত হোৱা গৈছে এইবোৰই নহয় অকল গীত,লোক- কলা, আধ্যাত্মিক, নৈতিক ইত্যাদি সকলো দিশতে বিশৃংসলতাই দেখা দিছে। 
               "স্মাৰ্ট 'ফোনৰ ব্যৱহাৰে বিশ্বৰ সমগ্ৰ প্ৰান্ততে খলকনিৰ সৃষ্টি কৰিছে। যোগাযোগৰ ক্ষেত্ৰখন এতিয়া ইমান ক্ষিপ্ৰ গতিত আগ বাঢ়িছে মানুহৰ মনেও যেন ইয়াৰ ওচৰত হাৰ মানি যাব। বৰ্তমান যুগত যোগাযোগৰ সব্রাত্মক প্ৰিয় আৰু প্ৰধান আহিলা হৈছে "স্মাৰ্ট ফোন"। ইয়াৰ লগতে তাৰ সমান্তৰাল ভাৱে জড়িত হৈ আছে "ছচিয়েল মিডিয়া। আজিৰ তাৰিখত 'ছচিয়েল মিডিয়াৰ প্রভাবে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে, আজি চৰকাৰৰ স্থিতি জনতাৰ হাততে সংবদ্ধ হৈ আছে। কিয়নো "ছচিয়েল মিডিয়া " গনন্দ্রতৰ শক্তিশালী মাধ্যম ৰূপে পৰিগণিত হৈছে আৰু জনতাই প্রত্যক ক্ষেত্ৰততে সস্তম হবলৈ ধৰিছে। যাৰ ফলত সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা দুনীতিও যথেষ্ট পৰিমাণে লাভৱ হৈছে। চ'চিয়েল মিডিয়াৰ জৰিয়তে নব- প্ৰজন্মৰ লেখক - লেখিকা বা পাঠকৰ সৃষ্টি হোৱা দেখা গৈছে। ব্যক্তিৰ স্বাধীনতাত আঘাত হনাৰ পৰিপ্রেক্ষিতত বহু চিন্তাৰ খোৰাক জগোৱা নাইনে? 
            সংবাদ মাধ্যম বা বুদ্ধিজীৱীৰ ভূমিকাই সমাজত চুঙাৰ দৰে ফোপোলা স্বৰূপ এটা উদঙাই দিছে যেতিয়া মানুহে চিন্তা কৰিবৰ হ'ল। আজি বিভিন্ন সমস্যাই বা মানুহৰ মনৰ ভিতৰতে সংকীৰ্ণতাই ৰঘুমলাৰ দৰে ছানি ধৰিছে। গতিকে মানুহৰ অংগ বিশিষ্ট প্রানী বিলাকেই মানুহ নহয়। আমি মানুহ বুলি গৌৰৱ কৰিব পাৰিম যেতিয়া চিন্তা, অনুভূতি, ব্যৱহাৰ আৰু বাস্তৱ কাৰ্যকলাপৰ দ্ধাৰা নিজত্বক উপলব্ধি কৰিব পাৰিম আৰু সমাজৰ স্থিতি সাধন কৰিব পাৰিম। তেনে হবলৈ এতিয়াও বহু ভজন বাট আছে, সমস্যাৰ ভৰপূৰ কলহত এতিয়াও আমি ডুব গৈ আছোঁ দেখোন। সেয়েহে সমস্যা সমূহ সমাধান কৰি পথ প্ৰশস্ত কৰিবৰ হ'ল। তেতিয়াহে অনাগত দিনৰ ফেঁহুজালিত শুনা যাব মংগল উৰুলি, নহলে বহু বাটৰ অন্ধকাৰলৈ পিছুৱাই যাব লাগিব আমি।। 

ইন্দ্ৰজিৎ ডেকা 
যোগাযোগ আৰু সাংবাদিকতা,বিভাগ,গুৱাহাটী  বিশ্ববিদ্যালয়,গুৱাহাটী
ফোন নম্বৰ - ৮৪৮৬৭৬৯২৬৬

1 comment:

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...