১৪ নৱেম্বৰটি আহিলেই জাতীয় বিদ্যালয়ৰ দিনবোৰলৈ মনত পৰে। শিশু দিৱসৰ ঠিক আগৰাতি আমি প্লেকাৰ্ড বোৰ বনোৱাত ব্যস্ত হৈ পৰিছিলো। পেলনীয়া কাৰ্ডবোৰ্ডত a4 আকাৰৰ বগা কাগজ লগাই এহাত জোখৰ বাহৰ কামি এডালত শিশু দিৱস পালন কৰক, শিশু শ্ৰমিক বন্ধ কৰক লিখি বৰ আমেজ পাইছিলো। পাছদিনা বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্রীৰ সৈতে শোভাযাত্রাত অংশগ্রহণ কৰি ছবি অঁকা প্ৰতিযোগিতাত ছবি আঁকিব নাজানিলেও ভাগ লৈছিলো।
শেষত বুট মাহ খাই ঘৰলৈ উভতিছিলো। পিছে আজিৰ শিশু দিৱসৰ সুখানুভূতি তাহানিৰ দৰে নহয়। শিশু দিৱস জাকজমকপূৰ্ণতাৰে ঠিকেই পালন কৰা হয় কিন্তু প্ৰকৃত অৰ্থত বছৰি অহা শিশু দিৱস সফল হৈছেনে! ! এই চিন্তাৰ সময় সমাগত। আমি যদি গুৱাহাটী মহানগৰীলৈয়ে চকু দিও ফাঁচী বজাৰ, পল্টন বজাৰ, মালিগাও আদিত ভিক্ষা খুজি ফুৰা সেই শিশু সকল দেখিলে প্ৰায়েই বৰ মনোকষ্ট পাওঁ। ভাবিবলৈ বাধ্য হও শিশু দিৱস উদযাপনৰ সাৰ্থকতাই বা ক'ত। কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষত সৰ্ব স্তৰত বিকাশ হৈছেনে। সৌ সিদিনা ফাচী বজাৰৰ এটা চুকত ল'ৰা এজনক কিবা নিচাজাতীয় বস্তু খাই থকা দেখিবলৈ পাও, কাষৰ দোকানীজনক সোধোতে জনায় যে সেইয়া হেনো ডেনড্ৰাইড। আচৰিত।
মুহুর্তৰ বাবে মই নিৰ্বাক। আচলতে এই শিশু সকলক আমি একাষৰীয়া কৰিছো নেকি! প্ৰকৃতাৰ্থত শিশুৰ নিৰাপত্তা, সুৰক্ষা আৰু শিক্ষাৰ অধিকাৰে এওঁলোকক চুবনে। এই ক্ষেত্রত চৰকাৰ তথা NGO সমূহৰ উমৈহতীয়া প্ৰচেষ্টাৰ যথেষ্ট প্ৰয়োজন আছে ।
বিজয়লক্ষ্মী বৰা
১তম ষান্মাসিক
Nice
ReplyDelete