Wednesday, 26 January 2022

প্ৰাচীন বৰনগৰ(সৰভোগ) আৰু গৰখীয়া গোসাঁইৰ থান।

 বিদিশা চৌধুৰী। যোগাযোগ আৰু সাংবাদিকতা বিভাগ। গুৱাহাটী বিশ্ববিদ্যালয়

আনুমানিক পাঁচশ বছৰ বা তাৰ আগেয়ে অৰ্থাৎ ১৫০০ শতিকাত বৰনগৰত জনবসতি নাছিল। প্ৰবাদ আছে যে মহাৰাজ নৰনাৰায়ণে তেঁওৰ শনিৰ দশা চলি থকা অৱস্থাত তেওঁ কোচবিহাৰৰ পৰা ৰাজধানী উঠাই আনি এই বৰনগৰতে বাৰ বছৰ কাল কোচ ৰাজ্য শাসন কৰিছিল। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালতেই এই অঞ্চলত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিলে।অঞ্চলটোলৈ আন মানুহো আহি বসবাস কৰিবলৈ লয় আৰু দক্ষিণ গনক গাড়ী, উত্তৰ গনক গাড়ী আদি গাঁৱৰ সৃষ্টি হয়। 
      জনসংখ্যা বাঢ়ি অহাৰ লগে লগে গৰু, ম'হৰ সংখ্যাও বাঢ়িল আৰু ঘাহ-বনেৰে ভৰি থকা গৰু ম'হৰ চৰণীয়া পথাৰখনেও তেতিয়া গুৰুত্ব পালে। বৰ্তমানৰ সৰভোগ নগৰৰ আশে পাশে থকা পথাৰসমূহত তেতিয়াৰ উত্তৰ গণক গাড়ী আৰু দক্ষিণ গণক গাড়ী গাওঁৰ গৰখীয়া সকলে গৰু মেলি, বিভিন্ন খেল খেলি সময় কটাইছিল। এনেদৰে গৰু চৰাই ফুৰোতে গৰখীয়া সকলে লক্ষ্য কৰিলে যে সৰভোগৰ মেধিপাৰা গাওঁৰ এঘৰ পৰিয়ালৰ এজনী গাই প্ৰতিদিনে দুপৰীয়া একে সময়তে পালৰ পৰা নোহোৱা হয়। কিছু সময় পিছত গাইজনী পুনৰ পাললৈ ঘূৰি আহে। এই ঘটনা কেইবাদিনো ঘটি থকাৰ অন্তত গৰখীয়া সকলে অনুসন্ধান কৰি উলিয়ালে যে গাইজনীয়ে নিৰ্দিষ্ট ঠাই এডোখৰত গৈ পোহাৰৰ পৰা গাখীৰ এৰি দিয়ে। এই কাৰ্য্য দেখি গৰখীয়া সকলৰ মাজত কৌতুহল সৃষ্টি হ'ল সেই ঠাইডোখৰত নো কি আছে আৰু তাকে চাবলৈ সিহঁতে মাটি খান্দিলে আৰু মাটি খান্দোতে তাঁত মহাপ্রভুৰ মূৰ্ত্তি এটা পোৱা গৈছিল। তাৰ পিছত গৰখীয়া সকলে সেই ঠাইত মাটিৰ ধিপ সাঁজি সেৱা-অৰ্চনা কৰিব লয়। 

       জনবিশ্বাস আছে যে গৰু হেৰালে প্ৰধান গৰখীয়া জনে প্ৰভুৰ ওচৰত ঠিকনা চাই দিশ ধৰি দিলে সেই দিশে গৰু বিচাৰি পোৱা যায়। লাহে লাহে কথাটো ৰাজহুৱা হ'ল আৰু সমূহ ৰাইজে নিয়মিতভাৱে চাকি-বন্তি জ্বলাই প্ৰভুক সেৱা-অৰ্চনা কৰিবলৈ ললে।যিহেতু ভগৱান শ্ৰীকৃষ্ণ এসময়ত গৰখীয়া সকলৰ শিৰোমণি হৈ গৰু চৰাই ফুৰিছিল। জনবিশ্বাস মতে সেই গৰখীয়াৰূপী কৃষ্ণই প্ৰকৃতিৰ মাজেৰে এই থানত নিজকে এনেদৰে প্ৰৱেশ কৰাইছে। মহাপ্ৰভুৰ আৱিৰ্ভাৱৰ ঠাইত এতিয়াও সেই থাপনাখন আছে, বৰ্তমান যাৰ নাম "শ্ৰী শ্ৰী গৰখীয়া গোসাইৰ জন্মস্থান, মা শ্ৰী শ্ৰী তেলোলীয়া গোসাই"। আৱিৰ্ভাৱৰ কিছু বছৰ পিছত প্ৰভুক বৰ্তমানৰ ঠাইলৈ স্থানান্তৰিত কৰা হয়, যাৰ নাম "মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাইৰ থান"। 
          থানখনৰ চাৰিওফালৰ পৰিৱেশটো সেইজীয়া, সুন্দৰ আৰু শান্তিপূর্ণ ।

থানখনৰ পূৱ ফালে অইন এটা মন্দিৰ লগতে এডাল বহু বছৰ পুৰণি বৃহৎ বট গছ আছে যাক "বৃন্দাবন" বুলি কোৱা হয়। এই বট গছ জোপাৰ ডালবোৰত ভক্ত সকলে নিজৰ মনৰ আশা পূর্ণ হ'বলৈ গামোছা বন্ধা নিয়ম এটা প্ৰচলন আছে। থানখনৰ দক্ষিণ দিশে এটা অতিথি শালা আছে আৰু উত্তৰ দিশে ডাঙৰ ভোজনালয় এটা আছে য'ত থানত কিবা উৎসৱ পাৰ্বন হ'লে ভোজন কৰাৰ বাবে ব্যৱস্থা কৰা হয়। এটা ডাঙৰ পুখুৰীও আছে, য'ত বিভিন্ন ধৰণৰ মাছ, কাছ পোৱা যায়। মহাপ্ৰভু গৰখীয়া গোসাঁই থানত বছৰেকত ৬ টা উৎসৱক থানৰ মূল পৰ্ব হিচাপে পালন কৰা হয় । পৰ্ব কেইটা হৈছে ক্ৰমে-বহাগ বিহু, জাগৰন, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ৰাস উৎসৱ, মাঘ বিহু আৰু দৌল উৎসৱ৷ গৰখীয়া থানত পূজা-অৰ্চনা কৰিলে মনৰ কামনা পূৰন হয় বুলি জনবিশ্বাস আছে।বিভিন্ন প্ৰান্তৰ পৰা প্ৰভুৰ দৰ্শনৰ বাবে ভক্ত সকলৰ আগমন ঘটে। দৰ্শনাৰ্থীসকলৰ বাবে ময়ূৰ, শহাপহু, হৰিণা, ৰাজহাঁহ সংৰক্ষন কৰি থোৱা আছে। 
ভোগালী বিহুৰ সময়ত উৰুকাৰ দিনৰ পৰাই মেজি জ্বলাই আৰম্ভণি কৰি থানখনত বিভিন্ন কাৰ্যসূচী চলি থাকিব। এমাহ ধৰি বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকলৰ আগমন হ'ব।মই উৎসৱ পাৰ্বন সমূহত গৈ বৰ বেছি ভাল নাপাওঁ, কাৰণ সেই সময়ত মানুহৰ সমাগম ইমান বেছি হয় যে তাৰ পৰিৱেশটো সুন্দৰভাৱে উপভোগ কৰিব নোৱাৰি।যিহেতু মোৰ গাঁওখনৰ পৰা বৰ বেছি দূৰ নহয় সেয়েহে মন বেয়া লাগিলে কেতিয়াবা মই তালৈ যাওঁ,তাত থকা পুখুৰীৰ পাৰলৈ মই নোযোৱাকে নাথাকো, মাছসমূহক খাবলৈ মূৰি লৈ যাওঁ। কি যে এক সুন্দৰ পৰিৱেশ , কেৱল শান্তি আৰু চাৰিওফালে সেউজীয়া। কেইদিনমান পিছতেই ভোগালী বিহু আৰম্ভ হ'ব , গতিকে উৰুকাৰ দিনৰ পৰাই মেজি জ্বলোৱা পৰ্বৰে আৰম্ভণি কৰি থানখনত বিভিন্ন কাৰ্যসূচী চলি থাকিব। এমাহ ধৰি বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকলৰ আগমন ঘটে।কিন্তু অনুষ্ঠান সমূহ উদযাপন কৰিলে আমাৰ(সৰভোগ) অঞ্চলৰ মানুহে পৰিস্কাৰ-পৰিচন্নতা বজাই নাৰাখে। তেওঁলোকে ধূপ জ্বলাই ধূপৰ পেকেটতো য'তে ত'তে পেলায়। থান পৰিচালনা সমিতিয়ে দাস্তবিনৰ ব্যবস্থা কৰি দিছে যিহেতু তাৰ উচিত ব্যবহাৰ কৰা উচিত। প্ৰসাদ বিতৰণৰ সময়ত ঠেলা হেঁচা নকৰি শান্তিপূর্ণ পৰিৱেশ বজাই ৰাখিব লাগে লগতে এনেকুৱা সৰু সৰু কিছুমান দিশত গুৰুত্ব দিলে বৰনগৰৰ "মহাপ্ৰৰভু শ্ৰী শ্ৰী গখীয়া গোসাইৰ থান" খন সকলোৰে বাবে সুন্দৰ,শান্তিপূৰ্ণ আৰু অধিক পৰিচিত ঠাই হৈ পৰিব।
                         

No comments:

Post a Comment

ৰং (Book Review)

ঔপন্যাসিক শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস "ৰং” ।  প্রান্তিক'ৰ পৃষ্ঠাত ধাৰাবাহিকভাৱে প্ৰকাশিত উপন্যাসখনে মানুহৰ জীৱনত সপোন, আত্মবিশ্বাস, ই...