Tuesday, 25 January 2022

বকুল ফুলৰ দৰে: গ্ৰন্থ সমালোচনা

 

পৱন কুমাৰ বৰা।যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়; প্ৰথম ষান্মাষিক

অসমীয়া সাহিত্যৰ গল্পৰ জগতখনৰ এজন আগশাৰী গল্পকাৰ মৃণাল কলিতা । ব্যক্তিগত ভাৱে তেখেতক গল্পকাৰ বোলাতকৈ ঔপন্যাসিক বুলি কবলৈ হে আনন্দ পাম । ইয়াৰ মূল কাৰণ এইবাৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰা তেখেৰ উপন্যাস " বকুল ফুলৰ দৰে " ।



এই " বকুল ফুলৰ দৰে " উপন্যাসখন সাহিত্যৰ ডাঙৰ ডাঙৰ সমালোচক সকলৰ চকুত হয়তো সাধাৰণ এখন উপন্যাস । কিন্তু আমাৰ দৰে সাধাৰণ পাঠকৰ বাবে এখন অদ্বিতীয় , মননশীল , জীৱন্ত পৰিৱেশ বৰ্ণনা থকা , পৰিশীলিত গদ্যৰে এখন জীৱনমুখী উপন্যাস ।  যাৰ সুবাস বকুল ফুলৰ সুবাসৰ দৰে বহুদিনলৈ লগত লৈ ফুৰিব পাৰি ।
অসমীয়াৰ সমৃদ্ধশালী উপন্যাসৰ জগতখন বহুতো পৰীক্ষা নিৰীক্ষা , বিভিন্ন বৈচিত্ৰপূৰ্ণ বিষয়ৰ কেন্দ্ৰ বুলি কলে ভুল কোৱা নহব । এই জটিল পৰীক্ষা নিৰীক্ষাৰ ধাৰাটোৰ পৰিৱৰ্তে সাধাৰণ পাঠকে এনে এখন উপন্যাস পঢ়িবলৈ বিচাৰে যিখন পঢ়ি গোপনে চকুপানী টুকিব পাৰে । অসীম আৰু নিৰ্মলৰ দৰে দুটি কিশোৰ চৰিত্ৰ ,  মহেন্দ্ৰ মাষ্টৰৰ আৰু অনুভৱ দৰে শিক্ষকৰ চৰিত্ৰবোৰেৰে মনটো জোকাৰি তোলা "বকুল ফুলৰ দৰে " তেনে এখন উপন্যাস ।প্ৰচলিত শিক্ষা ব্যৱস্থাটো আৰু সামাজিক দৃশ্যপটৰ চিনেমেটিক ধৰণেৰে বিশ্লেষণ তথা সাধাৰণ ভাবে অসাধাৰণ সৃষ্টি  উপন্যাস খনৰ আন এক প্ৰধান বৈশিষ্ট্য ।কাহিনীৰ গতি ,চৰিত্ৰবোৰৰ স্বাভাৱিক আৰু বাস্তৱ সন্মত ৰূপ লগতে কাহিনীটোৰ জীৱনমুখী ৰূপ দেখি উপন্যাস খন পঢ়ি থাকোতে  বহু সময়ত পাঠক চমকি উঠিব ।

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...