Friday, 29 November 2019

মেক আপ্ আৰু মানসিকতা



মেক্ আপ্ অৰ্থাৎ সাজ- সজ্জা । যিয়ে ব্যক্তিবিশেষৰ বাহ্যিক সৌন্দৰ্য্য ফুটাই তোলাত বিশেষ ভাৱে অৰিহণা যোগায়। আচলতে এই মেক্ আপ্ নো কি?  Make অৰ্থাৎ গঢ় দিয়া। এক কথাত কবলৈ গলে মেক্ আপ্ হৈছে কিছুমান বিশেষ সৌন্দৰ্য্যবৰ্ধক পদাৰ্থৰ থোপ ।


আমাৰ সমাজত এটা ভ্ৰান্ত ধাৰণা আছে যে মেক্ আপ্ মানে মুখমণ্ডলত লগোৱা এটা প্ৰলেপ। আচলতে এই ধাৰণা সম্পূৰ্ণ ভূল। আমি নানাৰঙী সমাজত বাস কৰো গতিকে এইটো স্বাভাৱিক যে ব্যক্তিবিশেষে ইয়াৰ ধাৰণা বেলেগ বেলেগ। স্থান কাল পাত্ৰ সময় অনুযায়ী ইয়াৰ পৰিসংখ্যা সলনি হৈ থাকে। অতীতত যিবোৰ দ্ৰব্য মেক্ আপ্ হিচাপে ব্যৱহৃত হৈছিল সেইবোৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে উন্নীতকৰণ হৈ আজিৰ আধুনিক পৰ্যায়ত প্ৰবেশ কৰিলে।

এগৰাকী যুৱতীৰ ক্ষেত্ৰত প্ৰযোজ্য মেক্ আপ্ এগৰাকী বয়োজ্যেষ্ঠা মহিলাৰ বাবে উপযুক্ত নহ'বও পাৰে। ঠিক তেনেদৰে এজন মুকাভিনয় শিল্পীৰ মেক্ আপ্ আৰু এগৰাকী ভাওনা অভিনেতাৰ মেক্‌আপৰ মাজত ব্যাপক পাৰ্থক্য দেখা যায়। আদিম যুগৰ পৰাই সৌন্দৰ্য্য চৰ্চা মানৱ সমাজত প্ৰচলিত হৈ আহিছে। কেৱল আগৰ দিনত মানুহে সৌন্দৰ্য্য চৰ্চাৰ বাবে প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা দ্ৰব্য সমূহ ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ পদাৰ্থ এতিয়া বৈজ্ঞানিক ভাৱে যান্ত্ৰিক পদ্ধতিৰে উৎপাদন কৰা হয়। আগৰ দিনৰ "বৰ্হমথুৰি" এতিয়া "লিপস্টিক" হ'ল, চাকিৰ পৰা তৈয়াৰ কৰি উলিওৱা "কাজল" এতিয়া "iconic" হ'ল, "জেতুকা" এতিয়া "মেহেন্দী" হ'ল। বৰ্তমান সময়ত এই প্ৰসাধন‌ সামগ্ৰী সমূহৰ নাৰী- পুৰুষ সকলোৰে মাজত ব্যাপক প্ৰচলন হোৱা বাবে বজাৰত এই সামগ্ৰীসমূহৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে। যাৰ সুফলস্বৰূপে মেক্আপক এতিয়া পেচা হিচাপে গ্ৰহণ কৰিছে। মেক্আপ আন আন শিল্পকলাৰ লেখীয়া বৰ্তমান সমগ্ৰ বিশ্বব্যাপী এক লাভজনক পেচা হিচাপে পৰিগণিত হৈছে। অসমতো শেহতীয়াকৈ এই পেচা লাভজনক হোৱা দেখা গৈছে আৰু নিবনুৱা সমস্যা হ্ৰাস কৰাত সহায় কৰিছে।


গীতাশ্ৰী বড়ো
Bridal Makeup Artist
সাউকুছি, গুৱাহাটী

No comments:

Post a Comment

Exploring the Universe Through Science

On January 25, 2025, the Department of Physics at Gauhati University, along with the GU Observatory, organized an event called “Aligning Wan...