অসমৰ সমাজ সংস্কৃতিৰ এনে বহুতো সুকীয়া উপাদান বা বৈশিষ্ট্য আছে যিয়ে আমাৰ সংস্কৃতিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সুকীয়া আৰু উচ্চ স্থান দিছে। এনে এক সুকীয়া উপাদান হৈছে অসমৰ মঞ্চ কলাৰ অবিচ্ছেদ্য অংগ ভ্ৰাম্যমাণ থিয়েটাৰ।অসমত প্ৰাক্ শংকৰী যুগৰে পৰা অভিনয়ৰ জনপ্ৰিয়তা তথা অভিনয়ৰ বিশেষ প্ৰতিভা আছিল যদিও ইয়াক উপস্থাপনৰ বাবে মঞ্চ বা প্লেট ফৰ্মৰ অভাৱ আছিল।অসমত মঞ্চাভিনয়ৰ জনক শ্ৰীমন্ত শংকৰদেৱৰ 'চিহ্নযাত্ৰা'ৰ বহু বছৰৰ পিছত গুণাভিৰাম বৰুৱাৰ 'ৰাম নৱমী'(১৮৫৭), হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়া কীৰ্তন'(১৮৬১),ৰুদ্ৰৰাম বৰদলৈৰ 'বঙাল- বঙালনী'(১৮৭২) আদি কেইবাখনো উচ্চ মানৰ নাটক ৰচিত আৰু অভিনীত হৈছিল যদিও এই নাটক সমূহ কেইটামান বিশেষ অঞ্চলতহে সীমাৱদ্ধ অাছিল। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ জন্মৰ পিছত এই সীমাৱদ্ধতাৰ অন্ত পৰে।
ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে যাত্ৰা পাৰ্টীৰ এটা উন্নত ৰূপ।১৮৬০-৬২ চন মানত বৰপেটাৰ তিথিৰাম বায়নে অসমত পুন প্ৰথমবাৰৰ বাবে এনে এটা যাত্ৰা পাৰ্টীৰ জন্ম দিয়াৰ পিছত ১৯৬৩-৬৪ চনত গঠিত নটৰাজ থিয়েটাৰে অসমৰ মঞ্চ কলাক এক সুকীয়া ৰূপ দি অসমত ব্যৱসায়িক ভিত্তিত ভ্ৰাম্যমাণ থিয়েটাৰৰ সুত্ৰপাত কৰে।

নীলাক্ষি বৰা
প্ৰথম ষান্মাসিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
সুন্দৰ গঠনমূলক লিখনি। ধন্যবাদ নীলাক্ষি 😊
ReplyDeleteGood writings.Keep it up Nilakshi��
ReplyDeleteNice ....
ReplyDeleteভাল লাগিল পঢ়ি
ReplyDeleteWell done Nilakshi
ReplyDeleteBorhiaa..💗
ReplyDeleteসুন্দৰ লিখনি নিলাক্ষী বা....আগুৱাই যোৱা তুমি
ReplyDelete