
বিগত বছৰবোৰত দেখিছিলো যে আমাৰ চৰকাৰে শিক্ষা বিষয়ক বহুতো আচনি বাজেটত ধাৰ্য্য কৰিছিল। বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে বহু প্ৰতিচ্ছুতিও দিছিল কিন্তু কাৰ্য ক্ষেত্ৰত ইয়াৰ বেছি অগ্ৰগতি দেখা নগল । শিক্ষক সকলক অৰ্থনৈতিক নিৰপত্তা দিবলৈ ব্যাৰ্থ হল অসম চৰকাৰে টেট পৰীক্ষা প্ৰচলন কৰিলে কিন্তু টেট পৰীক্ষা উত্তীৰ্ণ হোৱা বহু শিক্ষাৰ্থীও আজিও কিন্তু কৰ্মসংস্থান নাপায় ঘৰতে বহিব থাকিব লগীয়া হৈছে। আনকি চাকৰি কৰি থকাবোৰেও নিয়মীয়া দৰমহাৰ পাবলৈ অসমৰ্থ হল ফলত ৰাজপথত বহি আন্দোলনৰ , ধৰ্ণা কাৰ্যসূচী লব লগা হল । আৰু শিক্ষা ব্যৱস্থাত বহু কিছু পৰিমাণে নেতিবাচক দিশ পৰা পৰিলক্ষিত হল।
নতুন চৰকাৰে বহুতো শিক্ষা বিষয়ক বহুতো আচনি লোৱা দেখা গৈছে। তথাপিও কিন্তু সেই বোৰ আচনি আজি যথেষ্ট নহয়। ১৭০০০ টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীক চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছে। গুৰুত্বপূৰ্ণ কথাটো হল সেইবোৰ কাৰ্য্য ক্ষেত্ৰত পৰিণত হব নে অকল বিগত বৰ্ষৰ দৰে কেৱল প্ৰতিশ্ৰুতি এ হৈ থাকিব! স্বাধীনতা ৭০ টা দশক গৰকাৰ পিছতো আজিও কিন্তু এনেকুৱা কিছুমান অঞ্চলৰ আছে যি বোৰত এতিয়াও পৰ্যাপ্ত পৰিমাণে শিক্ষাঅনুস্থান নাই। আনকি কোনোবা অঞ্চলত এজন শিক্ষকেই শতাধিক শিক্ষাৰ্থীক শিক্ষা দান কৰিব লগা হৈছে। ফলত শিক্ষাৰ ক্ষেত্রত অন্ধকাৰ নামি আহিছে। অসমৰ শিক্ষাৰ ক্ষেত্ৰত আন এটা নেতিবাচক দিশ হল প্ৰচলিত পাঠ্যক্ৰম সমূহত বৃত্তিমূখি শিক্ষাৰ অভাৱ। যাৰ বাবে আজিও শিক্ষানুষ্ঠান বিলাকে উচ্চ শিখৰলৈ যাবলৈ অসমৰ্থ হৈছে আৰু মানৱ সম্পদ গঢ় দিবলৈ অসমৰ্থ হৈছে।
উক্তকথাবিলাকৰ আগধৰি মই কব খোজো যে নতুন চৰকাৰে এটা সুস্পষ্ট নীতি তৈয়াৰ কৰিব লাগে যাৰ জৰিয়তে শিক্ষাৰ্থীৰ লগতে শিক্ষক ভৱিষ্যত সুনিচিন্ত হব। শিক্ষক সকলক অৰ্থনৈতিক নিৰপত্তা দিব লাগে আৰু মই বিভাগীয় কৰ্তীপক্ষক দৃষ্টি গোচৰ কৰিব খোজো যে ততালিকে খালীহৈ থকা শিক্ষকৰ পদ সমূহ পূৰণৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহে অসমৰ শিক্ষাব্যৱস্থাই এক নতুন দিশ পাব।
- ৰূপম মেধী
No comments:
Post a Comment