কেতিয়াবা বন্ধুবৰ্গৰ সৈতে বাৰ্তালাপ কৰি থাকিলে ব্যক্ত কৰা কথাবোৰত দুই তিনিটা ভাষাৰ সংমিশ্ৰণ দেখিলে 1960 চনৰ কথা মোৰ মনলৈ আহে। যি সময়ত অসমত ভাষা আন্দোলন চলি আছিল ।এই আন্দোলন আছিল মাতৃভাষা তথা অসমীয়া ভাষাৰ বাবে । নিজৰ মাতৃভাষাৰ বাবে অসমবাসীয়ে স্বইচ্ছাৰে আন্দোলনত জপিয়াই পৰিছিল । ফলশ্ৰুতিত অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ মৰ্য্যদা , 1963 চনত ভাষা আইন গ্ৰহণ আৰু 1972 চনত শিক্ষাৰ মাধ্যম অসমীয়া কৰা হৈছিল । আজিও অসমবাসী তথা প্ৰবাসী অসমীয়াৰ গভীৰ শ্ৰদ্ধা আৰু অনেক অসমীয়া যুৱকৰ আত্মবলিদান ভাষা আন্দোলনৰ ক'লা দিনবোৰে কঢ়িয়াই ফুৰিছে । অনেকজনৰ দূৰ্বাৰ ইচ্ছা শক্তিয়ে অসমীয়া ভাষাৰ স্থিৰতা ৰূপায়ন কৰিছিল। ভাষা আন্দোলনৰ ইতিহাসৰ পাট লুটিয়াই বৰ্তমান অসমীয়া ভাষাৰ স্থিৰতা জুকীয়াই চালে আন্দোলনকাৰীৰ কষ্ট-পৰিশ্ৰম অথলে যোৱা যেন ভাৱ হয়। সময়ৰ লগে লগে অসমীয়া সমাজত ন ন ধুন-পেচে স্থান লাভ কৰাৰ সমানে সমানে ভাষাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে । পশ্চিমীয়া সংস্কৃতিয়ে অসমীয়া সমাজত খোজ পেলোৱাৰ লগে লগে কিছুমান পশ্চিমীয়া শব্দৰ আগ্ৰাসনে অসমীয়া ভাষাক বিজতৰীয়া কৰি পেলাইছে । আজিৰ যুৱচামে অসমীয়া ভাষাত কথোপকথন কৰি থকাৰ মাজতে দুই এটা ইংৰাজী শব্দৰ প্ৰয়োগেৰে নিজক আধুনিক ছোৱালী বা ল'ৰা হিচাপে আনৰ আগত পৰিৱেশন কৰিব বিচাৰে । বৰ্তমান ই এক তথাকথিত ধুন হৈ পৰিছে, এই ক্ষেত্রত যুৱ প্ৰজন্ম এখোপ আগবঢ়া । এনে বিজতৰীয়া ভাষা কেৱল কথোপকথনৰ ক্ষেত্ৰখনতে সীমাবদ্ধ হৈ থকা নাই, এই ভাষা প্ৰচাৰ মাধ্যমলৈও সিঁচৰিত হৈছে । দূৰদৰ্শণ, অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান সমূহতো অসমীয়া ভাষাৰ ব্যৱহাৰ শুদ্ধ হোৱা দেখা নাযায় । এই ক্ষেত্রত মাধ্যম কেইটাৰ সম্পাদক তথা অনুষ্ঠানৰ আঁত ধৰোতাজন অতি সংযম হোৱা উচিত । কিয়নো মাতৃভাষাৰ স্বাৰ্থত বহুকেইজন অসমীয়া ব্যক্তিৰ আত্মবলিদান নিহত হৈ আছে। মই যেতিয়া অসমীয়া ভাষাত কথা কওঁতে ইংৰাজী শব্দ ব্যৱহাৰ কৰো, তেতিয়া মোৰো সেই শ্বহীদসকলক অপমান কৰা যেন অনুভৱ হয়। কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হয় যে অসমীয়া ভাষাৰ বাবে স্ব জীৱন ত্যাগ কৰা সকলক অমান্য নকৰিলেও অনিচ্ছাকৃত ভাৱে পশ্চিমীয়া ভাষাৰ সহায় লব লগীয়া হয়। মোৰ মতে এই ব্যৱহাৰ সমীচীন যদিও হ'কে বিহ'কে অসমীয়া ভাষাৰ মাজত অন্য ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মই পক্ষপাতিত্ব নহয়। অযথা অন্য ভাষাৰ ব্যৱহাৰৰ ফলত অসমীয়া শব্দ কিছুমান অসমীয়াৰ মুখৰ পৰা আৰু কলমৰ পৰা হেৰাই যাব ধৰিছে। যদি এয়াই হয় তেন্তে পূৰ্বতে দি যোৱা আত্মবলিদানক আমি অপমান কৰা হব। মাতৃভূমি আৰু মাতৃভাষাৰ স্বাৰ্থত জাতি আৰু মাতি ৰক্ষাৰ বাবে আমি অসমীয়া জাতি অলপ হলেওঁ সচেতন হোৱা উচিত । মোৰ মতে মাতৃভাষাক বিজতৰীয়া কৰাৰ পৰা এৰাই চলিব লাগে ।
প্ৰিয়লতা বৰ্মন
প্ৰিয়লতা বৰ্মন
No comments:
Post a Comment