Friday 25 November 2022

সৰল জীৱন, উচ্চ চিন্তা ( Simple living, high thinking )

 সকলোৰে মূখে মূখে প্ৰচলিত  এটা অতি জনপ্রিয় খণ্ডবাক্য- 'সৰল জীৱন, উচ্চ চিন্তা" । ই এটা অক্লেশ জীৱনশৈলী, অৰ্থাৎ আমি আমাৰ প্ৰয়োজনবোৰ সীমিত কৰিব লাগে আৰু চিন্তাৰ পৰিসৰ বহল কৰিব লাগে।ইয়াৰ তাৎপর্য এয়ে যে  আমি এটা বস্তুবাদী, পাৰ্থিৱ জীৱনৰ পৰিবৰ্তে; এটা পৰিতুষ্ট আৰু সফল জীৱনৰ কিয়দাংশ হোৱাটো উচিত। ভলতেয়ৰৰ ভাষাত- "what I like is luxury, even the soft sort, every kind of pleasure, art of every description, cleanliness, taste and the amenities of life" ।অপ্ৰয়োজনীয় মানসিক তাৰণাৰ পৰা মুক্ত এটা সফল আৰু সূখী জীৱনৰ মূল চাবি-কাঠিয়ে হৈছে-সৰল জীৱন, উচ্চ চিন্তা। In a simple line simplicity is the final achievement । 

       


      আজিকালি প্ৰায় দেখা যায় মানুহে জীৱনৰ বেছিভাগ সময়ে নষ্ট কৰে  এটা "so called high standard" জীৱনৰ পৰিকল্পনা কৰাত। ইয়াৰ ফলস্বৰূপে তেওঁলোক হৈ পৰে অস্থিৰ, বিমৰ্ষ আৰু অসন্তুষ্ট। তেওঁলোকে জীৱনৰ সঠিক উদ্দেশ্য পাহৰি দিকভ্রান্ত পথিকৰ দৰে মৰিচিকাত পানী  বিচৰাৰ দৰে সূখ বিচাৰি মাঁথো অনাই বনাই ঘূৰি ফূৰে । প্ৰত্যেক মানুহৰ হাবিয়াস আৰু আকাংক্ষাবোৰ পূৰণ কৰিবৰ বাবে সামৰ্থ থাকিব লাগে;কিন্তু এনে প্ৰাচুৰ্যৰো প্ৰয়োজন নাই যিয়ে মানুহক বিলাসবহুল কৰি তুলে। জটিলতাই আমাক সমস্যাত পেলাই কিন্তু সৰলতাই আমাক সকলো সমস্যাৰ এটা সঠিক সৰল সমাধান দিয়ে আৰু প্ৰতিটো  সৰল সমাধানৰ বাবে উচ্চ চিন্তাৰ আৱশ্যক।আমি যদি এবাৰ সৰল জীৱন এটা উপভোগ কৰিবলৈ লওঁ, তেতিয়া আমি চিন্তা কৰিবলৈ অধিক সময় পাম আৰু আমাৰ চিন্তাবোৰ ক্ৰমশ উচ্চৰ পৰা উচ্চতৰ দিশে ধাৱমান হ'ব। উচ্চ চিন্তা  মানে এক উচ্চ পৰ্যায়ৰ জীৱন যাত্রাৰ চিন্তা নহয়, উচ্চ চিন্তাই আন ধৰণৰ চিন্তাৰ কথা  বুজায়। ধৰা হওঁক, এজন অতি দূখীয়া মানুহে চিন্তা কৰিছে-সমগ্ৰ অসমীয়া জাতিটো যদি অতি পৰিশ্ৰমী সুদক্ষ কৰ্মী হ'লহেতেন তেনেহ'লে অসমৰ চহকী প্ৰাকৃতিক সম্পদবোৰ নিজেই ব্যৱহাৰ কৰি অসমখনক এখন উন্নত ৰাজ্যত পৰিণত কৰি তুলিব পাৰিলে হেঁতেন। সৰল জীৱন, উচ্চ চিন্তাৰে পুষ্ট ব্যক্তিৰ উদাহৰণৰ অভাৱ আমাৰ নাই। তাৰ ভিতৰতে জাতিৰ পিতা মহাত্মা গান্ধী,লাল বাহাদুৰ শাস্ত্ৰী আদিৰ নাম আমি উনুকিয়াব পাৰো।  সদায়  সাধাৰণ ভাৱে থকা, ধুতী পৰিহিত শান্ত সৌম্য ব্যক্তিগৰাকীয়ে নিজৰ উচ্চ চিন্তা আৰু মহান আদৰ্শৰ জৰিয়তে বিনা যুদ্ধে অহিংসাৰ মাজেৰে কেনেকৈ ভাৰতক ব্ৰিটিছৰ হাতৰ পৰা স্বাধীনতা দিছিল সেয়া সকলোৰে জ্ঞাত।এনে আদৰ্শৰে লালবাহাদুৰ শাস্ত্ৰীয়ো  অনুপ্ৰাণিত আছিল বাবেই তেওঁৰ বাসভৱনৰ সন্মুখৰ মাটিডৰাত ফুলনিৰ সলনি ৰূপান্তৰিত কৰিছিল ঘেঁহু পথাৰলৈ।

                      সৰল ভাৱে চিন্তা কৰাতো কেতিয়াও সহজ নহয়, ই নিজে এটা জটিল  আৰু গভীৰ বিষয় । সেয়ে আমি বাহিৰা জাকজমকতাত গুৰুত্ব দিয়াৰ পৰিবৰ্তে নিজৰ আত্মতৃপ্তিত হে ধ্যান দিয়া উচিত। "Plain living and high thinking should be your goal. Learn to carry all the conditions of happiness within yourself by meditating and attuning your consciousness to the ever-existing, ever-conscious, ever-new Joy, which is God. Your happiness should never be subject to any outside influence. Whatever your environment is, don’t allow your inner peace be touched by it. — Paramahansa Yogananda"। "সৰল জীৱন, উচ্চ চিন্তা"- এই জীৱনশৈলী আহৰণ কৰা সহজ নহয়। কিন্তু আমি যদি মনৰ শান্তিৰ লগতে জীৱনটোক যথোচিত দিশত আগুৱাই নিব খোজো তেনেহ'লে এইটোৱে হ'ল উচিত জীৱনশৈলী। ইয়াৰ কোনো সাব্যস্ত সূত্র নাই, ই নিৰ্ভৰ কৰিব প্ৰকৃত সূখী আমি কেনেকৈ হওঁ বা কেনেকোৱা কামে  আমাক সূখী কৰাত অৰিহনা যোগায়। আমি জীৱনৰ প্ৰতিটো খোজত এটা কথা মানি চলিব লাগিব যে ধন-ঐশ্বৰ্য থাকিলেই মানুহ ধনী নহয়, সঁচা অৰ্থত ধনী ব্যক্তি সেইগৰাকীহে যিয়ে নিজৰ জীৱনক লৈ আত্মসন্তুষ্ট।



                                                                         +++++++++

আৰিফ হুছেইন মীৰ

যোগাযোগ আৰু সাংবাদিকতা বিভাগ 

গুৱাহাটী বিশ্ববদ্যালয়

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...