Tuesday 25 January 2022

গতানুগতিক কাহিনীৰে অগতানুগতিক বিদূৰভাই

লিজা বৰা । যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰথম ষান্মাষিক

 OTT (over the top) মাধ্যমত  প্ৰচাৰিত ৱেব চিৰিজে মোহাচ্ছন্ন কৰা অসমীয়া দৰ্শকৰ তন্ময়তা ভাঙি YouTube ত মুকলি কৰি দিয়া হ’ল “বিদূৰভাই” ৷ যি সময়ত অসমীয়া  ৱেবচিৰিজৰ সংখ্যা আঙুলিৰ মূৰত গণি শেষ কৰিব  পাৰি, সেইসময়তেই মূহূৰ্ততে দৰ্শকক আকৰ্ষণ কৰিব পৰাটো বিদূৰভাইৰ প্ৰথম সফলতা। বিদূৰভাই অসমীয়া অভিনয় জগতখনৰ নতুন আশা৷ বিদূৰভাই  খাটিখোৱা মানুহৰ মুখৰ ভাষা৷

             অসমীয়া ছবিজগতৰ ইতিহাস সোণসেৰীয়া। জয়মতীৰ পৰা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰলৈকে মানুহে মনত ৰাখিছে আৰু  কিছু বিশেষ দিশৰ পৰা পৰ্যবেক্ষণ কৰিলে বিদূৰভাইকো সেই যাত্ৰাৰ নৱতম সংযোজন বুলিব পাৰোঁ৷ 
             যিবোৰ কাহিনী বিদূৰভাইৰ মাধ্যমত দৰ্শকে উপভোগ কৰিছে সেই কাহিনী সমূহ আমাৰ বাবে নতুন নহয়৷ যোৱা দুটা লকডাউনৰ সময়ত স্তব্ধ হৈ পৰা জনজীৱন, ঋণগ্ৰস্ত গাৱলীয়া মানুহৰ দুৰ্দশা, দৰমহাৰ আশাত বন্দী চৰকাৰী চাকৰিয়ালৰ দুখ,নিৱনুৱা সমস্যা এইবোৰ আমাৰ চিনাকি ছবি৷ কিন্তু  উপস্থাপন শৈলীৰ চাতুৰ্যতাৰ বাবেই এই চিনাকি দৃশ্যবোৰ  আমাৰ বাবে নতুন হৈ পৰিছে৷ কেতিয়াবা যদি  হাঁহিৰ খোৰাক দিছে , কেতিয়াবা আকৌ দৰ্শকক মূক কৰি তুলিছে৷ ইয়াৰোপৰি, শোষিত - বঞ্চিত মানুহখিনিৰ কথা আজিকালিৰ ছবিসমূহে খুউব কমকৈহে উপস্থাপন কৰে৷ এনেক্ষেত্ৰত এই মানুহখিনিৰ দৈনন্দিন সংগ্ৰামখনক দাঙি ধৰাৰ বাবেও বিদূৰভাই প্ৰশংসাৰ পাত্ৰ৷ 
             কম সংলাপৰে অধিক কাহিনী উপস্থাপন কৰিব পৰাটো বিদূৰভাইৰ
Credit:https://youtu.be/jqmpuBDdhjo

অন্যতম শক্তিশালী দিশ৷ আনহাতে মনোৰঞ্জনৰ লগতে সমাজলৈ কিছুমান বাৰ্তা প্ৰেৰণত কৃপণালি কৰা নাই পৰিচালক সুব্ৰত কাকতী আৰু জ্যোতিষ্মান চেতিয়াই৷ উদাহৰণ হিচাপে , নাৰীৰ মাহেকীয়াক লৈ সমাজত থকা মনোভাৱ, সমাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱ আদি উক্ত চিৰিজখনে সুন্দৰকৈ তুলি ধৰিছে৷ বিদুৰভাইৰ জৰিয়তে বহু নতুন মুখেও আত্মপ্ৰকাশ কৰিছে৷তুলনামূলকভাৱে নতুন শিল্পীক নিপুণ ৰূপত দৰ্শকলৈ আগবঢ়াই দিয়াটো সফল হৈছে বিদূৰভাই৷
             অৱশ্যে বিদূৰভাইৰ প্ৰথম তিনিটাখণ্ডৰ কিছু লেহেমীয়া গতিয়ে দৰ্শকৰ মনযোগ বিকৰ্ষণ নকৰা নহয়৷ তৎস্বত্বেও থলুৱা সুবাস থকা সংগীত, ব্যতিক্ৰমী চিত্ৰনাট্য আৰু চিটুৱেশ্বন কমেডিৰ ব্যৱহাৰে ব্যৱহাৰে বিদূৰভাইক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ এক কথাত বিদূৰভাইয়ে দৰ্শকৰ মন কিনি পেলাইছে৷ সেয়ে আশা কৰোঁ এই যাত্ৰাত যতি নপৰক। বিদূৰভাই “বানান ভুল” কৰা মানুহৰ বাবে নতুনৰ বাট হওঁক। 



3 comments:

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...