Tuesday 25 January 2022

ক'ভিডকালীন পৰিস্থিতিত সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ ওপৰত পৰা প্ৰভাৱ: প্ৰত্যাহ্বান আৰু প্ৰত্যাশা

 প্ৰীতিষা শৰ্মা যোগাযোগ আৰু সাংবাদিকতা বিভাগ ,গুৱাহাটী বিশ্ববিদ্যালয়


      সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ক'ৰ'না(ক'ভিড ১৯) ই পৃথিৱীখনক এক ধ্বংসযজ্ঞলৈ ঠেলি দিছে। এই মহামাৰীয়ে মানৱ সভ্যতাক এক নতুন পাঠ শিকাইছে যে মানুহে প্ৰকৃতিক নুই কৰিব নোৱাৰে। সম্ভ্ৰান্ত ঘৰৰ পৰা আদি কৰি নিম্ন মধ্যবিত্ত শ্ৰেণী সকলোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ খণ্ডত বিশেষভাৱে প্ৰভাৱ পেলাইছে। সেয়া হৈছে অসমৰ সাম্প্ৰতিক শিক্ষা ব্যৱস্থা। অলপতে, এটা সমীক্ষাৰ মতে, গোটেই বিশ্বত ১.৭২৫ বিলিয়ন ছাত্ৰ ছাত্ৰী প্ৰবাৱাণ্বিত হৈছে। UNICEF ৰ এটা সমীক্ষাত ১৫৩খন দেশৰ বিদ্যালয় মহাবিদ্যালয়সমূহ লকডাউনৰ বাবে বন্ধ হৈ আছে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।


    বৰ্তমান পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলক অনলাইন পাঠদানৰ লগতে অনলাইন পৰীক্ষাৰো ব্যৱস্থা কৰিছে। অসম চৰকাৰেও অনলাইন পাঠদানৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে। যেনে: জ্ঞানবৃক্ষ টেলিভিছন চেনেল, ইউটিউব চেনেল ইত্যাদি। চৰকাৰে সাধ্যানুযায়ী কৰা চেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। কিন্তু এই কাৰ্য্যসূচী সমূহ কিমান দূৰ ফলপ্ৰসূ হৈছে সেয়াহে চিন্তনীয় বিষয়। উচ্চ শ্ৰেণীৰ কথাটো বাদেই নিম্ন শ্ৰেণীৰ (৭-৮ বছৰীয়া) ছাত্ৰ ছাত্ৰীৰ মাজতো ম'বাইল বা লেপটপ অনিবাৰ্য অংগ হৈ পৰিছে।
 দ্বিতীয়তে, বৰ্তমান এনে কিছুমান ঠাই আছে যত বিদ্যুৎ ব্যৱস্থা ভালদৰে নাপায়, এনেকুৱা কিছুমান পৰিয়াল আছে যাৰ ঘৰত মবাইল টি.ভি ৰ কথা বাদেই পেটে ভাতে এমুঠি খাবলৈও চিন্তা কৰিবলগীয়া।গতিকে এনেকুৱা ক্ষেত্ৰত সকলো ছাত্ৰ ছাত্ৰীৰ বাবে অনলাইন পাঠদান গ্ৰহণযোগ্য হৈছেনে! এয়া ভাবিবলগীয়া। 
তৃতীয়তে, ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত বহি যিদৰে মুখামুখিভাৱে শিক্ষা লয় তাৰ সলনি ম'বাইল বা লেপটপত এই পাঠদান কিমান নিৰ্ভৰযোগ্য? অলপতে National Institute of Technology, কুৰুক্ষেত্ৰ ERP, samarth নামেৰে এটা অনলাইন মাধ্যম আৰম্ভ কৰা হৈছে বিশেষকৈ শিক্ষানুষ্ঠানসমূহৰ বাবে। কিন্তু এই ব্যৱস্থাসমূহে পৃথিৱীৰ চুক-কোণৰ সকলো ছাত্ৰ ছাত্ৰীকে সমানভাৱে আঁকোৱালী লব পাৰিব জানো? 
    চতুৰ্থতে, ক'ৰ'না মহামাৰীৰ বাবে বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা কৰ্মসংস্থাপন হেৰুওৱা শ্ৰমিকসমূহ সপৰিয়ালে নিজৰ নিজৰ ঠাইলৈ প্ৰব্ৰজিত হৈ অহাৰ ঘটনাই ছাত্ৰ ছাত্ৰীসকলক শংকিত কৰি তুলিছে। কাৰণ এই শ্ৰমিকসকলৰ ল'ৰা-ছোৱালী আগতে যিখন স্কুলত পঢ়ি আছিল সেই বিদ্যালয়সমূহত হয়তো আৰু কেতিয়া উভতিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই। লগতে প্ৰব্ৰজিত শ্ৰমিকসকলেও কৰ্মসংস্থান হেৰুৱাই নিজৰ ঠাইতে স্বাৱলম্বী হোৱাৰ কথা চিন্তা চৰ্চা কৰি আছে। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে নতুন পৰিৱেশ, নতুন বিদ্যালয় আৰু নতুন শিক্ষা ব্যৱস্থাত খাপ খাবলৈ যথেষ্ট সময় লাগিব। নতুন পৰিৱেশ আৰু আৰ্থিক অভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য কিছু পৰিমানে ক্ষতি কৰিব।
     অনলাইন মাধ্যমেৰে দিয়া পাঠদানত ব্যৱহাৰিক শিক্ষাদান কেতিয়াও সম্ভৱ নহয়, যাৰ ফলত ছাত্ৰ ছাত্ৰী হাতে কামে কৰা যিবোৰ ব্যৱহাৰিক জ্ঞান সেয়া স্থবিৰ হৈ পৰিছে। বৰ্তমান সময়ত হৈ থকা এই পৰিস্থিতিৰ বাবে যিহেতু শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে ইয়াৰ ফলত ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৰ সম্পৰ্ক আগৰ দৰেই অটুত আছেনে? এয়াও এক ভাবিবলগীয়া! কাৰণ যেতিয়া শ্ৰেণীকোঠাত পাঠদান কৰা হয়, তেতিয়া শিক্ষকে বুজি পাই যে কোনটো ল'ৰা চোকা বা অতি সহজতে কম সময়তে বিষয়বস্তু আয়ত্ব কৰি লব পাৰে আৰু কোনজন ছাত্ৰ বা ছাত্ৰী দুৰ্বল ইত্যাদি। ছাত্ৰ ছাত্ৰীসকলেও শিক্ষাগুৰুৰ প্ৰেৰণা আৰু উপদেশেৰে উদ্বুদ্ধ হৈ পঢ়াৰ প্ৰতি ধাউতি প্ৰকাশ কৰে। কিন্তু বৰ্তমান লকডাউনে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত দূৰত্ব বঢ়াই নানান সমস্যাৰ সৃষ্টি কৰিছে। 
       আজিৰ ছাত্ৰ ছাত্ৰীসকলেই হৈছে কাইলৈৰ ভৱিষ্যত। বহুতো ছাত্ৰ ছাত্ৰীৰ মনত নানা সপোন লুকাই থাকে। কাৰোবাৰ চিকিৎসক হোৱাৰ সপোন, কাৰোবাৰ অভিযন্তা, বিজ্ঞানী, উকীল হোৱাৰ সপোন। আন কাৰোবাৰ হয়তো বিদেশত পঢ়ি স্বদেশত নাম উজলোৱাৰ সপোন। এই সপোনবোৰক হাতেৰে চুই চাবলৈ ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হবলগীয়া হয় বিভিন্ন বাছনি পৰীক্ষাত। কিন্তু বৰ্তমান সময়ত হৈ থকা কৰনা মহামাৰীৰ বাবে বাছনি পৰীক্ষাসমূহ পিছুৱাই পিছুৱাই ছাত্ৰ ছাত্ৰীসকলৰ সপোনবোৰত গৰা খহনীয়াৰ সৃষ্টি কৰিছে।এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যতক লৈ দোমোজাত পৰিছে।কি কৰো কি নকৰো উপায়বিহীন হৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ উচ্চাকাংক্ষাবোৰক ওভতনি পথলৈ ঠেলি দিছে।
    কিন্তু ইয়াৰ মাজতে বৰ্তমান ক'ভিডকালীন পৰিস্থিতিত অসমৰ শিক্ষাখণ্ডত পৰা কিছুমান ধনাত্মক প্ৰভাৱো মন কৰিবলগীয়া। প্ৰথমতে, ৰ্বতমান সময়ত ছাত্ৰ ছাত্ৰীসকলে ঘৰত পঢ়িবলৈ যথেষ্ট সময় পাইছে। যিহেতু অনলাইন পাঠদান হয় গতিকে স্কুল কলেজ নোযোৱাকৈ ঘৰতে বাহিৰা কিছুমান কিতাপ পঢ়িবলৈ সুযোগ পাইছে।দ্বিতীয়তে, লকডাউনে প্ৰকৃতিক এক নতুন ৰূপ প্ৰদান কৰিছে।প্ৰকৃতিৰ কোলাত ভাগৰুৱা হৈ শুই পৰা নিদাৰুণ মানৱৰ কাৰ্যকলাপৰ বাবে দিক বিদিক হেৰুওৱা চৰাই-চিৰিকটি, গছ-লতা, তৰু-তৃণ আদি সজীৱ হৈ উঠিছে। এতিয়া যদি আমি চাৰিওফালে লক্ষ্য কৰো দেখিবলৈ পাওঁ কেৱল সেউজীয়া আৰু সেউজীয়া; শুনিবলৈ পাও চৰাই চিৰিকটিৰ কল্লোল। কল-কাৰখানা, উদ্যোগ, যান-বাহনৰ পৰা হোৱা প্ৰদূষণ কমি যোৱাৰ বাবে প্ৰকৃতিয়ে যেন এক পুনৰ্জীৱন লাভ কৰিছে। প্ৰদূষণমুক্ত পৰিৱেশেহে ল'ৰা-ছোৱালীৰ মন আৰু স্বাস্থ্য ভালে ৰাখে।NASA ৰ এগৰাকী বিজ্ঞানী পৱন গুপ্তাৰ মতে, " Pollution levels are going down and will continue to be lower as a result of lockdown. " গতিকে, এয়া সঁচাকৈয়ে মানৱ জাতি নাইবা গোটেই পৃথিৱীৰ বাবে সুখবৰ। 
তৃতীয়তে, বৰ্তমান যান্ত্ৰিক যুগত প্ৰত্যেকজন মানুহেই যন্ত্ৰৰ দৰে হৈ পৰিছিল, নিজৰ বাবে অকণমান সময় উলিয়াবলৈ আহৰি নাই। মাথো টকা-পইছাৰ যঁজখনত মানুহে ৰণুৱা ঘোঁড়াৰ দৰে চেঁকুৰি চেঁকুৰি ভাগৰুৱা হৈ পৰে। শেষত কেতিয়াবা নিজৰ স্মৃতি, নিজৰ ভালপোৱা সকলোবোৰ হেৰুৱাই পেলায়। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত চলি থকা লকডাউনে আমাক আন এক পাঠ দিছে। সকলোৱে নিজৰ স্মৃতি, ভালপোৱা, নিজৰ যোগ্যতা প্ৰতিভা আদিক চিনাকী কৰাই দিছে। বৰ্তমান ফেচবুক, ইউ টিউবৰ জৰিয়তে নিজৰ নিজৰ প্ৰতিভা ইজনে আনজনৰ সৈতে বিনিময় কৰিব পাৰিছে। নিজৰ সন্তানৰ পঢ়া শুনা চাবলৈ সময় পাইছে। পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি যান্ত্ৰিক মনটোক অলপ হ'লেও জিৰণি দিছে। সকলোৱে এবাৰ হ'লেও নিজক উপলব্ধি কৰিছে।
তৃতীয়তে, জ্ঞান আৰু শিক্ষা দুটা বেলেগ বেলেগ পদ্ধতি।দুয়োটাকে আমি এটা মূদ্ৰাৰ ইপিঠি-সিপিঠি বুলি কব পাৰো। আজিৰ যুগত প্ৰায় সকলো ল'ৰা-ছোৱালীৰে শিক্ষা আছে অৰ্থাৎ পৰীক্ষাত ভাল নম্বৰ পায় নাইবা পাঠ্যপুথিখন ভালদৰেই মনত থাকে, কিন্তু জ্ঞানৰ অভাৱ বাৰুকৈয়ে লক্ষ্যণীয়।হয়তো অভিভাৱক অভিভাবিকাৰ কৰ্ম ব্যস্ততাই ইয়াৰ প্ৰধান কাৰণ। লকডাউনে ল'ৰা-ছোৱালীৰ মনত এই আধৰুৱা জ্ঞানখিনিৰ অভাৱ পূৰণ কৰাত যথেষ্টখিনি সহায় কৰিছে।
পঞ্চমতে, আজিৰ ম'বাইল, লেপটপ আদিৰ যুগতো এনেকুৱা কিছুমান ল'ৰা-ছোৱালী আছে যিসকলে আধুনিক পদ্ধতি কিছুমান আয়ত্ব কৰিব পৰা নাই, যাৰফলত কিছুমান অনলাইন পৰীক্ষা, অনলাইন প্ৰতিযোগিতা আদিৰ পৰা তেওঁলোক বঞ্চিত বা বিৰত থাকে। কিন্তু বৰ্তমান ক'ভিডকালীন পৰিস্থিতিত একমাত্ৰ শিক্ষাৰ আহিলা অনলাইন পাঠদানে ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাবিকা, শিক্ষক-শিক্ষয়িত্ৰী সকলোকে এই আধুনিক পদ্ধতিসমূহ আয়ত্ব কৰিবলৈ বাধ্য কৰাইছে।
         ওপৰৰ আলোচনাৰ পৰা আমি গম পাওঁ যে বৰ্তমান ক'ভিডকালীন পৰিস্থিতিত অসমৰ শিক্ষা ব্যৱস্থাত ঋণাত্মক দিশসমূহৰ উপৰিও ধনাত্মক দিশসমূহৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। অমাৱস্যাৰ মাজতো যেন সৰি পৰিছে এমুঠি জোনাকৰ বৰষুণ ।

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...