Sunday 30 January 2022

হাজোৰ মণিকূট উৎসৱ

হীৰকজ্যোতি ডাউকা ,  প্ৰথম  ষান্মাষিক, যোগাযোগ আৰু সাংবাদিকতা   বিভাগ 



ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশত বিভিন্ন সময়ত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষই অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰা দেখা যায়।সাম্প্ৰদায়িক সংঘৰ্ষই সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰে ।  কিন্তু আমাৰ সমাজৰ কিছুমান অনুষ্ঠানে বিভিন্ন সম্প্ৰদায়ৰ মাজত মিলা-প্ৰীতি,সহযোগিতা আৰু সমন্বয়ৰ ক্ষেত্ৰত এক উজ্বল নিদৰ্শন দাঙি ধৰিছে । এইক্ষেত্ৰত হাজোৰ মণিকূট উৎসৱৰ ভূমিকা উল্লেখযোগ্য ।
 

     মণিকূট উৎসৱ প্ৰতি বছৰে মাঘ মাহৰ প্ৰথম দিনটোত ধৰ্মীয়-সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠিত কৰা হয় ।শোভাযাত্ৰাৰ আৰম্ভণিতে পোৱামক্কা দৰগাহৰ খাদিম আৰু পঞ্চতীৰ্থৰ (হয়গ্ৰীৱ মাধৱ,কেদাৰ,গণেশ,কামেশ্বৰ,কমলেশ্বৰ) দলৈ পৰস্পৰে-পৰস্পৰক সাবটি ধৰি ভাতৃত্ববোধৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে ।এই শোভাযাত্ৰাটি গৰুড়াচল পাহাৰৰ পোৱামক্কাৰ দুৱাৰৰ পৰা হয়গ্ৰীৱ-মাধৱ মন্দিৰলৈ হয় । 
     মণিকূট উৎসৱত অসংখ্য মানুহে নাম- প্ৰসংগ,বিহুগীত,জিকিৰ,জনগোষ্ঠীয় গীত গাই উৎসাহেৰে অংশগ্ৰহণ কৰে ।তীৰ্থনগৰী হাজোৰ হিন্দু-মুছলমানৰ যি সমন্বয় সেয়া গোটেই ভাৰতবৰ্ষই অনুকৰণ কৰা উচিত।
       মণিকূট উৎসৱ পোনপ্ৰথমবাৰ ১৯৯৩ চনত অনুষ্ঠিত হৈছিল । ১৯৯২ চনৰ ৬ ডিচেম্বৰত পাঁচশ বছৰ পুৰণি বাবৰি মছজিদ ধ্বংসস্তূপত পৰিণত হৈছিল ।এই ঘটনাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত হিন্দু-মুছলমানৰ সংঘাত তীব্ৰতৰ হৈছিল । অসমৰো কিছু কিছু অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষই গা কৰি উঠিছিল ।তেনে পৰিস্থিতিত সমাজত সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী মজবুত কৰিবলৈ দল-সংগঠন,চিন্তাশীল ব্যক্তিৰ উদ্যোগত ১৯৯৩ চনত হাজোত মণিকূট উৎসৱৰ আয়োজন কৰা হৈছিল ।তদুপৰি হাজোত স্থিত ৫খন পীঠে এই দুুই ধৰ্মাৱলম্বী লোকসকলৰ একতাৰ ডোলেৰে বান্ধি হাজো অঞ্চলটিক    শান্তি-সম্প্ৰীতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপে গঢ় দিছে ।
         হাজোৰ     মণিকূট উৎসৱৰ এই ঐতিহ্য সদায় অটুুট থাকক ।                                                                                

                    

No comments:

Post a Comment

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...