Friday 29 November 2019

অসমৰ সমাজ সংস্কৃতিত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰভাৱ



             অসমৰ সমাজ সংস্কৃতিৰ এনে বহুতো সুকীয়া উপাদান বা বৈশিষ্ট্য আছে যিয়ে আমাৰ সংস্কৃতিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সুকীয়া আৰু উচ্চ স্থান দিছে। এনে এক সুকীয়া উপাদান হৈছে অসমৰ মঞ্চ কলাৰ অবিচ্ছেদ্য অংগ ভ্ৰাম্যমাণ থিয়েটাৰ।অসমত প্ৰাক্ শংকৰী যুগৰে পৰা অভিনয়ৰ জনপ্ৰিয়তা তথা অভিনয়ৰ বিশেষ প্ৰতিভা আছিল যদিও ইয়াক উপস্থাপনৰ বাবে মঞ্চ বা প্লেট ফৰ্মৰ অভাৱ আছিল।অসমত মঞ্চাভিনয়ৰ জনক শ্ৰীমন্ত শংকৰদেৱৰ 'চিহ্নযাত্ৰা'ৰ বহু বছৰৰ পিছত গুণাভিৰাম বৰুৱাৰ 'ৰাম নৱমী'(১৮৫৭), হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়া কীৰ্তন'(১৮৬১),ৰুদ্ৰৰাম বৰদলৈৰ 'বঙাল- বঙালনী'(১৮৭২) আদি কেইবাখনো উচ্চ মানৰ নাটক ৰচিত আৰু অভিনীত হৈছিল যদিও এই নাটক সমূহ কেইটামান বিশেষ অঞ্চলতহে সীমাৱদ্ধ অাছিল। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ জন্মৰ পিছত এই সীমাৱদ্ধতাৰ অন্ত পৰে।
        
     ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে যাত্ৰা পাৰ্টীৰ এটা উন্নত ৰূপ।১৮৬০-৬২ চন মানত বৰপেটাৰ তিথিৰাম বায়নে অসমত পুন প্ৰথমবাৰৰ বাবে এনে এটা যাত্ৰা পাৰ্টীৰ জন্ম দিয়াৰ পিছত ১৯৬৩-৬৪ চনত গঠিত নটৰাজ থিয়েটাৰে অসমৰ মঞ্চ কলাক এক সুকীয়া ৰূপ দি অসমত ব্যৱসায়িক ভিত্তিত ভ্ৰাম্যমাণ থিয়েটাৰৰ সুত্ৰপাত কৰে।


              ভ্ৰাম্যমাণ থিয়েটাৰে অসমৰ মঞ্চ কলাক উন্নত ৰূপ দিয়াৰ উপৰি ই অসমৰ অৰ্থনীতিতো এক সবল ভূমিকা পালন কৰি আহিছে। ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে এটা সাংস্কৃতিক উদ্যোগ যʼত একো একোটা নাট্যদলত অভিনেতা অভিনেত্ৰীৰ পৰা আদি কৰি কলা-কুশলীলৈকে জড়িত থকা শতাধিক পৰিয়ালে জীৱন নিৰ্বাহ কৰি আহিছে। ইয়াৰোপৰি ই হৈছে সমাজ পৰিবৰ্তন আৰু জনমত গঠনৰ এখন সফল মঞ্চ। ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে বিশ্বত ঘটা বিভিন্ন ঘটনা পৰিঘটনা অসমৰ মানুহে নাটকৰ ৰূপত দেখিবলৈ পাইছে,যি সমাজ পৰিবৰ্তনত যথেষ্ট প্ৰভাৱ পেলাইছে। তদুপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰসাৰে কাৰিকৰী কৌশলতাৰ ক্ষেত্ৰতো উন্নতি লাভ কৰিছে। উদাহৰণ স্বৰূপে কহিনুৰ        নাট্যদলে মঞ্চস্থ কৰা 'টাইটানিক' নাটকৰ কথা কʼব পাৰো।                  Photo Courtesy: Telegraph, UB photos




               কʼব পাৰি যে ভ্ৰাম্যমাণ থিয়েটাৰে অসমৰ মঞ্চকলাক উন্নত ৰূপ দি ৰাইজৰ আগত দাঙি ধৰিছে। প্ৰকৃততে আজিৰ তাৰিখত অসমৰ সকলো পৰ্যায়ৰ লোকৰ মাজত অভিনয়ৰ যি আদৰ আৰু জনপ্ৰিয়তা সেইয়া ভ্ৰাম্যমাণ থিয়েটাৰৰে অৱদান। ইয়াৰোপৰি ই অসমত সমাজ সংগঠক হিচাপেও নিজৰ অৱদান আগবঢ়াই আহিছে।


নীলাক্ষি বৰা
প্ৰথম ষান্মাসিক
যোগাযোগ আৰু সাংবাদিকতা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়

7 comments:

  1. সুন্দৰ গঠনমূলক লিখনি। ধন্যবাদ ‌‌‌নীলাক্ষি 😊

    ReplyDelete
  2. Good writings.Keep it up Nilakshi��

    ReplyDelete
  3. ভাল লাগিল পঢ়ি

    ReplyDelete
  4. সুন্দৰ লিখনি নিলাক্ষী বা....আগুৱাই যোৱা তুমি

    ReplyDelete

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...