ৰাস মহোৎসৱ । আঘোণ মাহৰ পূৰ্ণিমাত উদযাপন কৰা হয় ৰাসোৎসৱ । ঠাইভেদে ৰাসৰ ভিন্নতা দেখা যায়। অসমৰ বহু ঠাইত ভাওনা, কৃষ্ণৰ লীলা নাট্যৰূপত পৰিবেশন কৰি উদযাপন কৰা হয়, আকৌ কিছু ঠাইত মৃন্ময় মূৰ্তিৰে কৃষ্ণৰ লীলা বর্ণনা কৰি ৰাস আয়োজন কৰে। ঠাইৰ ভিন্নতাত প্ৰদৰ্শনো ভিন্ন হয়।
সময় বাগৰাৰ লগে লগে ৰাসোৎসৱৰো কিছু উপাদান যেন সলনি হৈছে। বিশেষকৈ মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শিত হোৱা ৰাস মহোৎসৱ সমূহত । অসমৰ বহু উল্লেখযোগ্য ৰাস মহোৎসৱ আছে য'ত কেৱল মৃন্ময় মূৰ্তিৰ ৰাসৰ বাবে বিখ্যাত হৈছিল। কিন্তু আধুনিকীকৰণৰ লগে লগে ৰাস সমূহত বৈদ্যুতিক মাধ্যমৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। লগে লগে বৈদ্যুতিক আহিলাৰে মৃন্ময় মূৰ্তি সমূহ আৰু অধিক আকৰ্ষণীয় কৰি তুলিবলৈ চেষ্টা কৰিছে প্ৰতিখন ৰাস উদযাপন সমিতিয়ে , আৰু নিসন্দেহে বৈদ্যুতিক আহিলাই ৰাসৰ মূৰ্তিসমূহ আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

এনেদৰে আমাৰ সকলোৰে চকুৰ আগতে লাহে লাহে বৈদ্যুতিক মাধ্যমৰ দ্বাৰা আৰু বাণিজ্যিকৰনে ৰাসৰ ঐতিহ্য আৰু গৰিমাৰ প্ৰতি ক্ৰমান্বয়ে এক ভাবুকিৰ সৃষ্টি কৰিছে। প্ৰকৃততে ৰাস মহোৎসৱ উদযাপন কৰা হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ লীলা পৰিবেশন আৰু তেওঁৰ অৱতাৰ সমূহ বৰ্ণনাৰ উদ্দেশ্যে । কিন্তু বৰ্তমান সময়ৰ এনেকুৱা জনপ্ৰিয় ইংৰাজী কাৰ্টুন চৰিত্ৰ সমূহে ৰাসৰ মূল উদ্দেশ্যৰ পৰা আঁতৰাই আনিছে লগতে শিশুসকলৰ মনত ইয়াৰে বিৰূপ প্ৰভাৱ পৰিব। আচলতে তেওঁলোকে ধাৰণা কৰি লব যে ৰাস মহোৎসৱ মানে কাৰ্টুন।
মানুহে যি দেখে বা শুনে সেয়ে শিকি লয়। গতিকে আজিৰ নৱপ্ৰজন্মই ৰাসৰ প্ৰকৃত উদ্দেশ্যৰ পৰা অজ্ঞাত থাকে তেনেহলে অদূৰ ভৱিষ্যতে হয়তো ৰাস মহোৎসৱৰ পৰম্পৰা আৰু ঐতিহ্যৰ হেৰাই যাব এয়া নিশ্চিত।
এনেক্ষেত্রত আমাৰ সকলোৰে ৰাস উদযাপন সমিতি , সংস্কৃতি সাধক, সচেতন নাগৰিক এক গুৰু দায়িত্ব আৰু ভূমিকা আছে। মূল উদ্দেশ্যৰ পৰা বিচলিত নোহোৱাকৈ আধুনিকতাৰ দ্বাৰা আজিৰ পৰ্যায়ৰ পৰা আমাৰ সংস্কৃতি আৰু উন্নত কৰা চেষ্টা আমাৰ সকলোৰে কিন্তু আধুনিকতাৰ নামত অত্যাধুনিকতাৰ দ্বাৰা প্ৰকৃত উদ্দেশ্য হেৰুৱাব নালাগে।
-ৰাকেশ হালৈ
No comments:
Post a Comment