Friday 9 April 2021

*পিপলান্ত্ৰি - এখন ব্যতিক্ৰমী গাওঁ*

মৰুভূমিৰ বাবে বিখ্যাত ৰাজ্য ৰাজস্থানৰ জয়পুৰ চহৰৰ পৰা কিছু দূৰত অৱস্থিত এখন গাওঁ - নাম হৈছে পিপলান্ত্ৰি। কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বৰ ভিতৰতেই বিখ্যাত এই গাওঁ খন জনাজাত কিছু ব্যতিক্ৰমী পদক্ষেপ তথা চিন্তা-ধাৰাৰ বাবে। ২০০৭ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়ায় এই পিপলান্ত্ৰি গাৱলৈ। প্ৰাকৃতিক সৌন্দৰ্য্যত চহকী তথা পৰ্য্যটনস্থলীৰূপে খ্যাত এই গাওঁ খনত প্ৰতিবছৰে বিভিন্ন ঠাই আৰু দেশ বিদেশৰ পৰা বহুতো পৰ্য্যটকৰ আগমন ঘটে।বৰ্তমান সকলোকে অনুপ্ৰাণিত কৰা তথা সকলোৰে আদৰ্শ গাওঁ হিচাপে পৰিগণিত হোৱা এই সেউজীয়া গাওঁখন এসময়ত প্ৰাকৃতিক প্ৰদূষণ আৰু পানীৰ নাটনিত ভুগি ধ্বংসৰ দিশে গতি কৰিছিল। মাৰ্বল পাথৰৰ বাবে 'গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত স্থান লাভ কৰা পিপলান্ত্ৰি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে মাৰ্বল পাথৰ আহৰণৰ বাবে দিনে নিশাই খনি কাৰ্য অব্যাহত ৰখাৰ ফলত গাওঁখনৰ পৰিবেশ প্ৰদূষিত হৈছিল আৰু লগতে নৈ, জলাশয় পুখুৰী আদিৰ পানীও প্ৰদূষিত হৈছিল। অন্যহাতে গছ-গছনিৰ হাৰ দ্ৰুতগতিত কমি অহাৰ ফলত ভূগৰ্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। প্ৰদূষণৰ কবলত পৰি কোঙা হৈ যোৱা এই গাওঁ খনক পুনৰাই জীয়াই তোলে শ্যাম সুন্দৰ পালিৱাল নামে এগৰাকী ব্যক্তিয়ে। প্ৰদূষণ আৰু স্বচ্ছ পানীৰ অভাৱত গাঁওখনত বিভিন্ন ৰোগে দেখা দিয়ে আৰু যাৰ ফলত পালিৱালৰ কন্যা কিৰণে দেহশুস্কভৱন ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। কন্যাৰ মৃত্যুত দুঃখিত হৈ পৰা পালিৱালে তেতিয়াৰ পৰা এক নতুন নিয়ম প্ৰৱৰ্ত্তন কৰে যাক 'কিৰণ নিধি যোজনা' হিচাপে নামাকৰণ কৰে। এই নিয়ম অনুসৰি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰিব লাগিব আৰু লগতে সেই গছপুলিৰ চোৱা চিতা আৰু প্ৰতিপালনো কৰিব লাগিব। পালিৱালে জানিছিল যে প্ৰকৃতিক ৰক্ষা কৰাৰ একমাত্ৰ উপায় আছিল গছ-গছনি ৰোপণ আৰু পানী সংৰক্ষণ কৰা। কিয়নো গছে ভূ গৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ অনাত সহায় কৰে লগতে এটুকুৰা শুকান ঠাইক সেউজীয়া তথা সাৰুৱা কৰি তোলে। তাৰোপৰি গাঁৱৰ মুখিয়াল হিচাপে কাম কৰা শ্যাম সুন্দৰ পালিৱালে গাওঁখনৰ লোকৰ মনৰ পৰা কন্যা সন্তানৰ প্ৰতি বৈষম্যৰ মনোভাৱো দূৰ কৰে। ছোৱালীক সকলোতে আগস্থান দিয়া এই গাঁওখনত যেতিয়াৰ পৰাই এনেদৰে গছপুলি ৰোপণ কৰা হ'ল তেতিয়াৰ পৰাই গাওঁখন প্ৰদূষণ মুক্ত হবলৈ ললে। তাত চলা মাৰ্বলৰ অবৈধ খনন কাৰ্য বন্ধ কৰি দিয়া হ'ল।ফলত গাওঁখনৰ পৰিবেশ বিশুদ্ধ হৈ গাওঁখনলৈ পুণৰ সুখ সমৃদ্ধি ঘূৰি আহিল। এই গাৱঁত ৰাখী বন্ধনৰ দিনা ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে । এই আৰ্হি লৈ আৰ্জেণ্টিনাৰ এটা দলে "Tree Sisters" নামে এখন চিনেমাও নিৰ্মাণ কৰে। ইয়াৰোপৰি এই গাওঁখনৰ ওপৰত বহুতো তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে। ইউটিউব, ফেচবুক, টুইটাৰ আদি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত পিপলান্ত্ৰি গাঁৱৰ বিষয়ে বিভিন্ন তথ্যও পোৱা যায়। দেখা যায় যে সম্প্ৰতি অত্যাধিক উদ্যোগীকৰণৰ ফলত আমাৰ দেশৰ সেউজীয়া পৰিৱেশ বিনষ্ট হৈ এতিয়া ধ্বংসৰ পথত আগবাঢ়িছে। সেয়েহে শ্যাম সুন্দৰ পালিৱাল আৰু পিপলান্ত্ৰি গাঁৱৰ লোকৰ দৰে আমি সকলোৱে সজাগ আৰু প্ৰকৃতিৰ প্ৰতি দ্বায়বদ্ধ হৈ সেউজীয়া সুৰক্ষাৰ বাবে এনেধৰণৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰা উচিত কিয়নো প্ৰকৃতি জীয়াই থাকিলেহে আমিবোৰ জীয়াই থাকিব পাৰিম। নিতাশ্ৰী বৈশ্য যোগাযোগ আৰু সাংবাদিকতা বিভাগ প্ৰথম ষান্মাষিক

6 comments:

  1. Bohut bhal lagil porhi.....eta mohona kotha janibo parilu ......Tumi likha ei Blog tu porhi....keep going

    ReplyDelete
  2. ভাল লাগিল ।

    ReplyDelete
  3. ধুনীয়া লিখিছ❤️❤️

    ReplyDelete
  4. ভাল লাগিলে পঢ়ি 👌

    ReplyDelete

War over water: Lessons from India

    The recent water scarcity in the Garden city of Bengaluru raised serious concerns among the people for the looming water problems th...