Monday 23 December 2019

শৈশৱৰ উৰাজাহাজ




"নলাত পৰিবি পাগল!কিনো ইমান চাব লগা আছে?"
    কথাখিনি কৈ সি দিগদাৰ হে দিলে যেন। খং উঠি আহিল। পিছে কথাষাৰো সচাঁ তাৰ।ইমাননো চাব লগা আছে কি?

গাৱৰ ধূলিৰ সতেই খেলি সৰুৰ পৰা ডাঙৰ হ'লো|ৰাতিপুৱা গৰুহাল পথাৰলৈ নিয়াৰ সময়ত স্কুললৈ ওলোৱা মইজন আবেলি গৰুহালৰ সতেই ঘৰ সোমাওঁ।পঢ়াত বহুত নিচা থকা ল'ৰা সৰুৰ পৰাই নাছিলো।মাৰ গালি খাই খাই পঢ়া টেবুলত বহা মইজন ৰাতি ৮ বজাতেই সপোন‌ দেখিবলৈ আৰম্ভ‌ কৰিছিলো। অৱশ্যে "পঢ়াৰ টেবুলত ভাগৰৰ টোপনি,আইৰ নিচুকনি, মৰমৰ বুলনি" শাৰীকেইটাৰ সতে মোৰ মাৰ স্বভাৱ একদমেই নিমিলে।মাৰ গালি আৰু মাৰ খাই প্ৰায়ে ৮ বজাৰ টোপনি ভাগিছিল। তাৰোপৰি মাৰ বাহিৰেও কেতিয়াবা  টোপনি ভাঙিছিল এটি বিশেষ শব্দই।শব্দটোৱে মোক কিয় জোৰ কৰি বাহিৰলে টানি আনিছিল আজিলৈ মই ভাবি নাপালো।বাহিৰলৈ দৌৰি গৈ আকাশৰ মুৱা হৈ চোতালত এক আচৰিত  উৎসাহেৰে চিঞৰিছিলো"দাদা,চা চা,  Helicopter আহিছে।সোনকাল আহ"।এহ, পিছে দাদা কেতিয়াও ওলাই নাহিছিল। খঙো উঠিছিল।মোক কিবা দাদাই পাট্টাই নিদিয়ে।ৰঙা নীলা লাইটেৰে মূৰৰ ওপৰ পোৱা Helicopter খন লাহে লাহে চকুৰ আঁতৰত গৈছিল।আতৰি গৈ গৈ সি যেন মোৰ বুকুত গুজি দিছিল সমষ্ট সপোন।Helicopter খনে যেন মোক হাঁহিৰ‌‌ সৈতে হাতবুলাই মাতিছিল। প্ৰত্যুত্তৰত মইও মোৰ হাতখন সিহঁতলৈ দেখাই কৈছিলো,"Bye bye,Bye bye"।এদিন মইও যাম তোমালোকৰ লগত।তোমালোকৰ দৰেই আকাশত উৰিম।Byeeee,এদিন মইও উৰিম।
    এ মা,মইনু কিত্তে যাবা পাৰিম এনকে Helicopter ত।
 "ভালকে পঢ়া গুণু।পঢ়িলি পাইলত হ'বা পাৰবা।তিত্তে সদাই উৰবা পাৰবা দা।"মাৰ এইষাৰ কথাই আজিও বুকুত খুন্দা মাৰে।pilot হ'বতো নোৱাৰিলো।মানে ভালকৈ নপঢ়িলো নেকি?এহ এইবোৰ কথা আৰু ভাবি লাভ নাই।
আজি লংকেশ্বৰৰ আকাশেৰে যেতিয়াই Aeroplane খন উৰা মাৰে তেতিয়াই মোৰ  চকু অজানিতে আকাশৰ ফালে যায়।নাজানো আজিও areoplane helicopterদেখিলে অজান‌ হাঁহি এটি মুখত আহে। মন যায় আকৌ আগৰ দৰে চিঞৰিব, Bye bye ক'ব। পিছে,পিছে এতিয়াতো ডাঙৰ হলো।কেনেকৈনো চিঞৰো আজি।শৈশৱটো কাহানিবাই আঁতৰিল জীৱনৰ পৰা।পিছে Helicopter আৰু Aeroplane‌ ৰ প্ৰতি থকা দূৰ্বলতাচোন অকণো নকমিল।
       " এনেকৈ ভেবা লাগি ওপৰৰ ফালে চাই নাথাকিবি, ছোৱালী বোৰে কি ভাবিব পাগল।
" তাৰ কথাষাৰো সঁচা ।ছোৱালী বহুত আছে ইয়াত।মোৰ image ৰো তো কথা আছে।
"হব দে,নাচাওঁ"।

8 comments:

  1. I wish I could write like you..👌👌

    ReplyDelete
  2. ভাল লাগিল ।

    ReplyDelete
  3. good post..nostalgic..keep writing like this

    ReplyDelete
  4. লিখনিতো পঢ়ি শৈশৱৰ বহুত কথাই মনত পৰি গল। বৰ ভাল লাগিল।

    ReplyDelete
  5. wowww...bhal lagil pohri..agoloiu likhi jaba eneke....

    ReplyDelete
  6. সৰুকালৰ সেই aeroplane খনৰ স্মৃতি সঁচাকৈয়ে অতুলনীয়

    ReplyDelete
  7. Very nice bro...keep writing...

    ReplyDelete

Unemployment Woes in India: A Mass Communication Student’s Perspective

As a student diving into the intricate world of Mass Communication, we’re not just a spectator but a shaper of narratives, a voice amid the ...