বাৰেৰহণীয়া অসমীয়া সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন জোনবিল মেলা। যি মেলাই অতীতৰ পথেৰে বৰ্তমানলৈ বহন কৰি আহিছে সংস্কৃতিৰ এক অপূৰ্ব সৌন্দৰ্য্যতা। অসমৰ তিৱা জনগোষ্ঠীকে মুখ্য কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এক উৎসৱ ঐতিহাসিক জোনবিল মেলা। বৈচিত্ৰময় অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডৰ পৰা প্ৰায় তিনি কিলোমিটাৰ উত্তৰে অৱস্থিত ঐতিহাসিক "জোনবিল" নামৰ বিলখনৰ কাষৰ মুকলি পথাৰত প্ৰতি বছৰে এই মেলা অনুষ্ঠিত হয়। মাঘ মাহৰ দ্বিতীয় সপ্তাহ তথা মাঘ বিহুৰ উৰুকাৰ পাছৰ বৃহস্পতিবাৰৰ পৰা এই মেলা আৰম্ভ হয়। প্ৰায় তিনিদিন ধৰি এই মেলা চলি থাকে। সেই কেইটা দিন পাহাৰ-ভৈয়াম সকলো লোকে একেলগে আনন্দ উল্লাসৰ মাজেৰে এই মেলাত অংশগ্ৰহণ কৰে। এক নান্দনিক পৰিৱেশৰ মাজেৰে জোনবিলৰ চৌপাশ উজ্বলি উঠে।
 |
| PC: Pinku Hanse |
ঐতিহাসিক এই জোনবিল মেলা সৃষ্টিৰ সন্দৰ্ভত বহুজনৰ বহু মত প্ৰচলিত হৈ আহিছে। এটা সময়ত এই অসম মুলুকত বিভিন্ন ঠাইত পৃথক পৃথক জনগোষ্ঠীয় ৰজাই ৰাজত্ব কৰিছিল, যি ঠাইত যি জনগোষ্ঠীৰ জনসংখ্যা বেছি আছিল সেই ঠাইত সেই জনগোষ্ঠীৰ লোকেই মূলতঃ ৰাজ কৰিছিল। বহু জনশ্ৰুতিৰ মতে সেই ঠাইত তেতিয়া তিৱা সকলৰ গোভা ৰজাই ৰাজত্ব কৰিছিল সেয়েহে সেই ঠাইক গোভা ৰাজ্য বুলি কোৱা হৈছিল। আনুমানিক ১২০০ শতিকা মানত তিৱাসকলৰ প্ৰথমজন ৰজা সাধুকুমাৰে এই গোভাৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত বহুকেইজন ৰজাই সেই ৰাজ্যত ৰাজত্ব কৰে। মূলতঃ নগাওঁ, ৰহা, জাগীৰোড, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং আদি ঠাই গোভাৰাজ্যৰ এক্তিয়াৰ আছিল। কোনো কোনো জনশ্ৰুতিৰ মতে, গোভা ৰাজ্যৰে ৰজা জোন সিঙৰ ৰাজ-অভিষেকৰ স্মৃতিত এই জোনবিল নাম ৰখা হয়।
আকৌ বহু পণ্ডিতৰ মতে, গোভা ৰাজ্যৰ ৰজা পন্টেশ্বৰে এবাৰ ৰাণীৰ লগত নৌকা বিহাৰ কৰি নিজ ৰাজ্যলৈ ঘূৰি আহি থকাৰ সময়ত এখন বিল পাইছিল। সেই বিলৰ জলধাৰাত জোনৰ এক অপূৰ্ব প্ৰতিবিম্ব দেখা পাই ৰজা ৰাণী দুয়ো আনন্দত উৎফুল্লিত হৈ পৰিছিল। লগে লগে ৰজাৰ আদেশ মতে সেই বিলৰ নাম জোনবিল নামেৰে জনাজাত হ'ল। পাছত ৰজাৰ নিৰ্দেশত সেই বিলৰ পাৰত অনুষ্ঠিত হ'বলৈ ধৰিল ৰজা-প্ৰজাৰ মিলনৰ এক উৎসৱ মেলা। সেই মেলাই পাছলৈ প্ৰসিদ্ধ হৈ পৰিল 'জোনবিল মেলা' নামেৰে। আকৌ কোনো কোনোৰ মতে, এই বিলৰ আকৃতি দেখাত কাঁচি জোনৰ দৰে হোৱাৰ বাবে বিলখনৰ নাম জোনবিল হোৱা বুলি জানিব পৰা যায়। আন কিছু প্ৰবাদৰ মতে, এসময়ত তিৱাসকলৰ গোভা ৰজা সকলে এই বিলৰ কাষত সমূহীয়া ন-খোৱা উৎসৱৰ আয়োজন কৰিছিল। আঘোণ-পুহত ধান খেতি চপোৱাৰ পাছত নতুন ধানৰ ভাত খাবলৈ তিৱা ৰাজপৰিয়ালৰ লোকসকলে জোনবিলৰ পাৰত একত্ৰিত হৈ তিৱা ধৰ্ম আৰু সাংস্কৃতিক পৰম্পৰাৰ ভেটিত নিৰ্দিষ্ট বলি বিধানেৰে তেওঁলোকৰ ইষ্ট দেৱতাক পূজা পাতল কৰি তেওঁলোকৰ পূৰ্ব পুৰুষক বিধিপূৰ্বক ন-ধানৰ অন্ন-ব্যঞ্জন, লাওপানী আদি অৰ্পণ কৰি পাছত সকলোৱে লগ লাগি আনন্দ-উল্লাসৰ মাজেৰে ভোজ ভাত খায়। তেনেদৰেই তিৱাসকলৰ এই গোভা ৰাজ্যৰ ন-খোৱা উৎসৱৰ নতুন ধাৰা ৰূপত জোনবিল মেলাৰ সৃষ্টি হ'ল।
.jpeg) |
| PC: R K Pator |
ইয়াৰ উপৰিও জোনবিল মেলাৰ সম্পৰ্কত এটা কাহিনী শুনিবলৈ পোৱা যায়, তিৱাসকলে যেতিয়া জয়ন্তীয়া ৰাজ্যৰ উত্তৰাঞ্চলত বাস কৰিছিল। তেতিয়া এটা পৰিয়ালত লাংবৰ আৰু লুংবুৰ নামেৰে দুটি সন্তানৰ জন্ম হৈছিল। লাংবৰ চিকাৰ প্ৰিয় আছিল। সেয়েহে প্ৰতিদিনে লাংবৰে চিকাৰ কৰিবলৈ বুলি পাহাৰৰ বিভিন্ন ঠাইলৈ গৈছিল। এদিন চিকাৰ কৰি ঘূৰি ফুৰোঁতে ক'ব নোৱাৰাকৈ লাংবৰ গৈ জয়ন্তীয়া ৰাজ্যৰ ৰাজধানী পালেগৈ। যাওঁতে বাটত জয়ন্তীয়া ৰজাৰ ৰাজকুঁৱৰী হিলালীয়ে লগৰীয়া সকলৰ সৈতে নদীত স্নান কৰি থকা দেখা পালে। হিলালীৰ ৰূপত লাংবৰ মোগ্ধ হৈ পৰে। তাৰ পাছত দুয়োৰে চাৰি চকুৰ মিলন হয়। লাহে লাহে দুয়ো প্ৰীতিৰ বান্ধোনত বান্ধ খাব ধৰে। এদিন সেই কথা জয়ন্তীয়া ৰজাৰ কাণত পৰাত খঙত অগ্নিশৰ্মা হৈ ৰজাই সেনাপতিৰ হতোৱাই লাংবৰক বন্দী কৰাই ৰাজসভালৈ আনে। ৰাজসভাৰ সিদ্ধান্ত মৰ্মে লাংবৰক মৃত্যুদণ্ড শাস্তিৰ ৰায় প্ৰদান কৰে। কিন্তু জীয়ৰী হিলালীৰ অশেষ কাকুতি মিনতিত জয়ন্তীয়া ৰজাই লাংবৰক বলি দিয়াৰ আদেশ সলনি কৰি লাংবৰক হিলালীৰ সৈতে বিবাহ কৰাই ঘৰ-জোঁৱাই হিচাপে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাছলৈ জয়ন্তীয়া ৰাজ্যৰ উত্তৰাঞ্চল লাংবৰক দান দিয়ে। গোভা নৈৰ পাৰত ৰাজদৰবাৰ বহুৱাই উত্তৰে কপিলী নদীলৈকে লাংবৰক ৰাজ্য পাতি দিয়ে। মাঘ বিহুৰ উৰুকাৰ সাতদিনৰ পাছত লাংবৰৰ ৰাজ অভিষেক পাতিলে আৰু সেই দিনটোৰ লগত সংগতি ৰাখিয়ে তেতিয়াৰ পৰা জোনবিল মেলা মাঘবিহুৰ সাতদিনৰ পাছৰ পৰা প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে।
জোনবিল মেলাৰ সৃষ্টিক লৈ জনপ্ৰবাদ যিয়ে নাথাকক কিয়, কোনোটোৱেই নুই কৰিব নোৱাৰি যদিও এটা কথা সত্য যে গোভা ৰজাসকলেই এই মেলাৰ জন্মদাতা।
.jpeg) |
| PC: Bipul Bordoloi |
জোনবিল মেলা অসমৰ জনগোষ্ঠীয় পৰম্পৰাৰ এক সমন্বয়ৰ উৎসৱ। বহু শতিকা যুগৰ আগতে মানুহৰ মাজত যি বিনিময় প্ৰথা প্ৰচলন আছিল, আধুনিক মানৱ সভ্যতাৰ মাজত হেৰাই যোৱা সেই প্ৰথা এই মেলাই ধৰি ৰাখি এক মনোৰম ঐতিহ্য বহন কৰি আহিছে। মানুহৰ মাজত জ্ঞান বুদ্ধি অহাৰ পাছত যেতিয়া প্ৰথম ব্যৱসায় বাণিজ্যৰ কথা আহিছিল তেতিয়া সেই ব্যৱসায় বাণিজ্য এই বিনিময় প্ৰথাৰ মাধ্যমৰে চলিছিল। ইয়ে আছিল
ব্যৱসায় বাণিজ্যৰ প্ৰথম যুগান্তকাৰী পদক্ষেপ। যি সময়ত মুদ্ৰাৰ প্ৰচলন নাছিল তেতিয়া মানুহৰ মাজত সামগ্ৰীৰ সলনি সামগ্ৰীৰ এক বিনিময় চলিছিল। মানুহৰ মাজত তেতিয়া পণ্য সামগ্ৰীৰ ব্যৱহাৰো তেনেই সীমিত আছিল। মূলত খাদ্য, বস্ত্ৰ আৰু বাসস্থান এই তিনিটাই মানুহৰ জীৱন যাপনৰ মূল সমল আছিল। পাহাৰৰ লোকসকলে ভৈয়ামৰ সকলৰ মাজত কুকুৰাৰ সলনি পাৰ, আদা-হালধিৰ সলনি তামোল-পান, ধানৰ সলনি মাছ, ইত্যাদি ইত্যাদি ধৰণেৰে বিনিয়ম চলিছিল। কিন্তু ক্ৰমান্বয়ে মুদ্ৰাৰ প্ৰচলন হোৱাত সেই বিনিময় প্ৰথা মানৱ জাতিৰ পৰা লাহে লাহে আঁতৰি আহি বৰ্তমান বিলুপ্ত অৱস্থাত। কিন্তু অসমত এই পুৰণি সংস্কৃতি ধৰি ৰাখিছে ঐতিহাসিক জোনবিল মেলাই। মাঘ বিহুৰ উৰুকাৰ পাছৰ বৃহস্পতিবাৰৰ পৰা তিনি দিনলৈ এই মেলা অনুষ্ঠিত হয়। গোভা ৰাজ্যৰ এলেকাধীন পাহাৰৰ তিৱা, খাচি, জয়ন্তীয়া, কাৰ্বি জনগোষ্ঠীৰ লোকসকলে গোভা ৰজাৰ তলতীয়া ৰজা সকলৰ লগত তথা জনগোষ্ঠীসমূহৰ নিজ নিজ গাঁৱৰ 'লৰ' আৰু 'দলৈ' সকলৰ নেতৃত্বত তাত খেতি কৰা আলু, কচু, আদা, হালধি, তিল, জালুক, ডালচেনি, তেজপাত ইত্যাদি বিভিন্ন ধৰণৰ জনগোষ্ঠীয় খাদ্যসম্ভাৰ লগত লৈ মেলাত বিক্ৰী কৰিবলৈ আহে। ভৈয়ামৰ জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা চিৰা, পিঠা, চাউল, সান্দহ, মাছ আদি সামগ্ৰীৰ সৈতে বিনিময় কৰে। পাহাৰৰ লোকসকলে সেই তিনিদিন জোনবিলৰ পাৰতে অস্থায়ীভাৱে ধানখেৰেৰে ঘৰ সাজি তাতে বাহৰ পাতি থাকে। ভৈয়ামৰ লোকসকলে পাহাৰৰ লোকসকলক তথা পাহাৰ-ভৈয়ামৰ পৰস্পৰে পৰস্পৰক 'মামা-মামী' বুলি সম্বোধন কৰে। পূৰ্বতে এই মেলা কেৱল মাত্ৰ বিনিময় প্ৰথাৰ মাজেৰে চলিছিল যদিও বৰ্তমান এই মেলাত টকা পইচাৰে এক ব্যৱসায় বাণিজ্য হয়। সকলো ধৰণৰ সামগ্ৰীয়ে এই মেলাত ভিৰ কৰে। নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি অন্য সামগ্ৰীলৈকে এই মেলাত ক্ৰয়-বিক্ৰয় হয়। পৰম্পৰাৰ মাজেৰে এক আধুনিক বাণিজ্য মেলালৈ এই মেলাই গতি কৰিছে।
জোনবিল মেলা আৰম্ভণিৰ প্ৰথম দিনা গোভা ৰাজ্যৰ নীতি নিয়ম অনুসৰি গোভাৰজাৰ উপস্থিতিত তথা আদেশত পাহাৰ ভৈয়ামৰ সকলো লোকে জোনবিলত সমূহীয়া মাছমৰা কাৰ্য্যসূচীত ভাগ লয়। সেইদিনাৰ পৰাই জোনবিলত মাছ ধৰা পৰ্ব আনুষ্ঠানিকভাৱে সকলোৰে বাবে মুকলি হয়। সেই মাছেৰে সকলোৱে লগ লাগি প্ৰীতিৰ ভোজ ভাত খায়। ৰাতিলৈ জনগোষ্ঠীয় পৰম্পৰাগত গীত-নৃত্যৰ প্ৰদৰ্শন হয়। মেলাৰ দ্বিতীয়দিনা জোনবিল মেলাৰ যি মূল আকৰ্ষণ “মুদ্ৰাবিহীন বিনিময় প্ৰথা” সেই প্ৰথা আৰম্ভ হয়। বহু ঘন্টাজুৰি মেলাত মুদ্ৰাৰ প্ৰচলন বন্ধ হয়, কেৱল মাত্ৰ সামগ্ৰীৰ সলনি সামগ্ৰীৰ বিনিময় হয়। যি আদিম মানৱ সভ্যতাৰ এক সংস্কৃতি। শেষৰ দিনা মেলাত অস্থায়ীভাৱে নিৰ্মাণ কৰি ৰখা ৰাজদৰবাৰলৈ প্ৰাচীন পৰম্পৰাগত ৰীতি-নীতিৰে হাতীৰ পিঠিত উঠি গোভা ৰজাৰ আগমন ঘটে। ৰাজবিষয়া আৰু পাৰিষদবৰ্গৰে পৰিৱেষ্টিত হৈ ৰজাই ৰাজদৰবাৰ শুৱনি কৰে। ৰজাৰ আগত অসম, মণিপুৰ, মিজোৰাম, অৰুণাচল, নাগালেণ্ড, ছিকিম আদি উত্তৰ পূৰ্বাঞ্চলৰ জনেগাষ্ঠীয় কৃষ্টি সংস্কৃতি, গীত-নৃত্য ৰজাৰ আগত প্ৰদৰ্শন কৰে। লগতে এই ৰাজদৰবাৰতে গোভা ৰজাই প্ৰজা সকলৰ পৰা কৰ-কাটল সংগ্ৰহ কৰে।
এই সকলোবিলাকৰ উপৰিও এই মেলাত পৰম্পৰাগত কুকুৰা যুঁজ, মৎস্য চিকাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। তিনিওটা দিন অতি বেছি আনন্দ-উল্লাসেৰে মুখৰিত হৈ পৰে মেলাৰ পৰিৱেশ। বৰ্তমান গোভা ৰাজ্যৰ ৰজা হিচাপে 'দীপসিং দেওৰজা' অধিষ্ঠিত হৈ আছে। তেওঁ সাত বছৰ বয়সতে ৰাজ-অভিষেকৰ জৰিয়তে ৰাজকাৰ্যৰ দায়িত্ব লাভ কৰিছিল। যোৱা কিছু বছৰ ধৰি এই মেলাতে অসম চৰকাৰ ফালৰ পৰা গোভা ৰজাক ৰাজভাট্ৰা প্ৰদান কৰি আহিছে।
এই মেলাখনৰ জৰিয়তে তিৱা জনগোষ্ঠীক বিশ্বৰ জনমানসত এক সুকীয়া ৰূপত দাঙি ধৰিছে। বহু বিদেশী পৰ্যটকেও এই মেলা চাবলৈ অহা দেখিবলৈ পোৱা যায়। ইয়াৰ জৰিয়তে বহুলোক অৰ্থনৈতিকভাৱেও যথেষ্ট লাভান্বিত হয়। আৰ্থিক, সামজিক, সাংস্কৃতিক আদি সকলো দিশৰে এক ঐক্য-সংহতি ধৰি ৰাখিছে এই জোনবিল মেলাই। যিয়ে অসমীয়া জাতিৰ বহুজাতিক সংস্কৃতিক শক্তিশালী কৰি সমৃদ্ধিশালী কৰি আহিছে। চুতীয়া, কছাৰী, আহোম, কোঁচ, গাৰু, ডফলা, মিছিং, তিৱা, কাৰ্বি, বড়ো, ডিমাছা, নগা আদি সকলোৰে মাজত ভাতৃত্বৰ এনাজৰীডাল মজবুত কৰি ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। যি সাম্প্ৰতিক সময়ত অতিকৈ প্ৰয়োজনীয়।
জোনবিল মেলাৰ দিনকেইটা লোকে লোকাৰণ্য হৈ পৰে মেলাৰ চৌদিশ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে লোকসকলে আহি ভিৰ কৰেহি। যাৰ ফলত এই মেলাখন এক সমন্বয়ৰ স্থলীলৈ পৰিণত হয়। বহুজনে কোনোদিনে নেদেখা এই পৰিৱেশ চাবলৈ আহে, বহুতে ব্যৱসায় বাণিজ্যৰ বাবে বহুজনে আকৌ ইয়াক এক পৰ্যটন থলী হিচাপে গণ্য কৰি পৰিভ্ৰমণ কৰিবলৈ আহে মেলাৰ দিনকেইটাতে। এনেদৰেই সকলোৰে মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ সম্পৰ্ক ধৰি ৰাখি চলি আহিছে ইতিহাসে গৰকা এই ঐতিহাসিক জোনবিল মেলা।
- দিপাংকৰ গগৈ।
ছাত্ৰ, যোগাযোগ আৰু সাংবাদিকতা বিভাগ।
গুৱাহাটী বিশ্ববিদ্যালয়।
তথ্য সূত্ৰ__ অসম ইয়েৰ বুক ২০২৩।
জনগণ বাৰ্তা(অনলাইন)।
সাহিত্য ডট্ অৰ্গ (অনলাইন)।
ফটো__ অনলাইন।